ৰাষ্ট্ৰসংঘৰ সাধাৰণ সম্পাদক António Guterres ই 2019 বৰ্ষৰ এই শান্তি দিৱসৰ বাবে 100 দিনৰ ক্ষণ গণিবলৈ এক বাৰ্তা প্ৰেৰণ কৰিছিল বিশ্বলৈ৷ আপাতকালীন বৈশ্বিক জলবায়ু পৰিবেশৰ সুৰক্ষা আৰু স্থিতিশীলতাৰ বাবে এক ভাবুকি৷ ইয়াৰ কাৰণ বহুতো৷ উপকূলীয় অঞ্চল আৰু আভ্যন্তৰীণ অৱক্ষয় অঞ্চলসমূহ বসবাসৰ অনুপযোগী হোৱাৰ বাবেই বহু লোক সেই অঞ্চল ত্যাগ কৰি আন আন ঠাইত বসবাস কৰিবলৈ বাধ্য হৈছে৷ সমগ্ৰ বিশ্বত 971 মিলিয়নতকৈও অধিক লোক এনেবোৰ অঞ্চলত বাস কৰে যত জলবায়ুৰ লগত জড়িত বিপৰ্যয়মূলক ঘটনা সংঘটিত হোৱা সম্ভাৱনা অত্যাধিক৷ ইয়াৰ পৰা এই কথা স্পষ্ট যে 400 মিলিয়ন লোক অৰ্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ 41 শতাংশ লোক এনে ঠাইত বাস কৰে য’ত শান্তিৰ অভাৱ৷ লগতে পৰ্যাপ্ত সম্পদৰ নাটনি আৰু গণ আন্দোলনো এনে এটা গুৰুত্বপূৰ্ণ কাৰণ যাৰ বাবে শান্তিৰ পৰা বঞ্চিত হব লগা হৈছে লোকসকল৷
বিশ্ব গৱেষণা সংস্থা বিশেষজ্ঞসকলৰ মতে পৰিবেশগত অৱক্ষয় আৰু পানীৰ নাটনিয়ে ক্ষুধা, দুৰ্ভিক্ষৰ কাৰণ যাৰ বাবে এখন ঠাই ত্যাগ কৰিবলৈ বাধ্য হয় জনসাধাৰণ৷ লগতে অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাও গণসংঘৰ্ষ আৰু জন প্ৰব্ৰজনৰ আন এক কাৰণ৷
2019 ৰ 13 মে ত UNESCO য়ে আয়োজন কৰা সন্মিলনত কোনো এক অঞ্চলৰ বহনক্ষম উন্নয়ন আৰু শান্তিৰ অৰ্থে পানীৰ কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেই সম্বন্ধে আলোচনা কৰে৷ সঘনাই হোৱা জলবায়ু পৰিৱৰ্তন আৰু সমস্যা সমূহৰ বাবেই যে লোকসকল কোনো এটা অঞ্চল এৰিবলৈ বাধ্য হয় সেই সম্বন্ধেও আলোচনা কৰা হয় উক্ত সন্মিলনখনত৷
জন-প্ৰব্ৰজনৰ কাৰণ:
স্থানীয় সম্পদসমূহৰ নাটনি আৰু মানুহৰ সেই সম্পদসমূহ ব্যৱহাৰৰ কৰাৰ প্ৰতিযোগীতাই সৃষ্টি কৰে অস্থিৰতা, হিংসাত্মক সংঘৰ্ষ যাৰ বাবে লোকসকল সেই অঞ্চচলটো ত্যাগ কৰবলৈ বাধ্য হয়৷
দ্বিতীয়তে, জীৱিকা নিৰ্বাহৰ নিৰাপত্তাহীনতা আৰু জনপ্ৰব্ৰজন-- যি সকল লোক প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আছে সেই লোকসকলৰ জীৱনলৈও সঘনে সলনি হৈ থকা জলবায়ুৱে এক ভাৱুকি কঢ়িয়াই আনে৷ লগতে এই কাৰণসমূহে লোকসকলক অসৎ পথেৰে জীৱিকা নিৰ্বাহৰ পথ বাছি লবলৈও বাধ্য কৰোৱাই৷
তৃতীয়তে, চৰম জলবায়ু বিপৰ্যয়ে লোকসকলক প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰোৱাই৷
কোনো এখন ঠাইত সঘনাই হোৱা জলবায়ু পৰিৱৰ্তনে বহুতো অসুবিধাৰ সৃষ্টি কৰে৷ বস্তুৰ মূল্য বৃদ্ধিয়েও লোকলকলৰ জীৱন নিৰ্বাহত অসুবিধাৰ সৃষ্টি কৰে আৰু সেই ঠাই ত্যাগ কৰিবলৈ বাধ্য কৰোৱাই৷
সমূদ্ৰ-পৃষ্ঠৰ উত্থান আৰু উপকূলীয় অৱক্ষয়ে সাগৰীয় সম্পদসমূহৰ উপলব্ধিতা হ্ৰাস কৰোৱাই যাৰ বাবে উপকূলীয় অঞ্চলসমূহ ত্যাগ কৰে সেই অঞ্চলত বাস কৰা লোকসকলে৷ লগতে জলবায়ু নীতিৰ অনিচ্ছাকৃত প্ৰভাৱেও সেই ঠাই পৰিত্যাগ কৰিবলৈ বাধ্য কৰে লোকসকলক৷
মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা অঞ্চলসমূহ বিশ্বৰ কম শান্তিপূৰ্ণ অঞ্চচল হিচাপে পৰিগণিত হৈছে৷ লগতে বিশ্বৰ সবাতোকৈ শান্তিপূৰ্ণ অঞ্চল হিচাপে জিলিকি আছে ইউৰোপ৷ 2017 চনত 61.5 শতাংশ লোক জলবায়ু জনিত কাৰণত প্ৰব্ৰজন কৰা বুলি জানিব পৰা গৈছে৷ লগতে 38.5 শতাংশ লোক হিংসাত্মক সংঘৰ্ষৰ বাবেও উক্ত ঠাই ত্যাগ কৰি আন ঠাইত বাস কৰা বুলি জানিব পৰা গৈছে৷
প্ৰাকৃতিক দুৰ্যোগেও বহু লোকক উক্ত স্থান ত্যাগ কৰিবলৈ বাধ্য কৰোৱাই৷ নিজৰ আৰু নিজৰ পৰিয়ালৰ সুৰক্ষাৰ বাবেও সেই স্থান ত্যাগ কৰে লোকসকলে৷
বিগত 10 বছৰে বিশ্বৰ গোলকীয় শান্তিৰ গড় হিচাপত 3.78 শতাংশলৈ অৱক্ষয় হৈছে৷ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা অঞ্চলসমূহত 2008 চনৰ পৰা শান্তি বেছি অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে৷ 2008 ৰ পৰা এই অঞ্চলসমূহত শান্তিজনিত কাৰণত হোৱা লোকৰ মৃত্যুৰ সংখ্যা 140 শতাংশলৈ বৃদ্ধি পাইছে৷
উন্নতি:
72 খন ৰাষ্ট্ৰত জিডিপি শতাংশ হিচাপে সৈনিক খৰচ কম কৰাৰ বাবে হিংসাত্মক ঘটনা কম হোৱা পৰিলক্ষিত হৈছে৷
শান্তিৰ ক্ষেত্ৰত উন্নতি কৰা 5 খন ৰাষ্ট্ৰ হৈছে ইউক্ৰেইন, ছুডান, ইজিপ্ত, নৰ্থ মেছিডনিয়া আৰু ৰাৱাণ্ডা৷
ভাৰতৰ নিৰাপত্তাজনিত সমস্যা
ভাৰতৰ বিভিন্ন ৰাজ্যত ভিন্ন নিৰাপত্তাজনিত কাৰণ দেখিবলৈ পোৱা গৈছে:
পাকিস্তানৰ সন্ত্ৰাসবাদে জম্মু-কাশ্মীৰৰ নিৰাপত্তাত ব্যাঘাত জন্মাইছে৷
বিহাৰ, উৰিষ্যা, ছট্টিছগড়, তেলেংগানা, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰৰ নক্সালবাদে দেশৰ শান্তি-শৃংখলাত ব্যাঘাত জন্মাইছে৷
আলফা আৰু এনএছছিএন ৰ সন্ত্ৰাসবাদজনিত কাৰণত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ শান্তি শৃংখলাত ব্যাঘাত জন্মাইছে৷
ভাৰতে ইতিমধ্যে 40 টা সন্ত্ৰাসবাদী সংগঠনক নিষিদ্ধ কৰিছে৷
North Atlantic Treaty Organization ৰ মুঠ 29 খন সদস্য ৰাষ্ট্ৰৰ 2018 চনৰ সৈনিক বাজেটত মুঠ ব্যয় 963 বিলিয়ন, যিটো বিশ্বৰ মুঠ ব্যয়ৰ 53 শতাংশ৷
পৃথিৱীৰ সংঘৰ্ষজনিত অঞ্চলসমূহ হল যিয়ে বিশ্বৰ শান্তিত এক ভাৱুকি কঢ়িয়াই আনিছে
ছিৰিয়াৰ অসামৰিক যুদ্ধ
আফগানিস্তান
আমেৰিকা-চীনৰ সমস্যা
ছৌদি আৰৱ
ইজৰাইল-পেলেছিস্তান সংঘৰ্ষ
আমেৰিকা-ইৰাণ সংঘৰ্ষ
ভাৰত-পাকিস্তান সংঘৰ্ষ
মেক্সিকোৰ অপৰাধজনিত হিংসা
উপায়
এইটো আমাৰ জীৱনৰ সংঘৰ্ষ৷ আৰু আমিয়েই ইয়াক সমাধান কৰিব লাগিব৷ ইয়াৰ উপায় বিচৰাৰ উদ্দেশ্যে সংঘৰ্ষ কৰিব লাগিব৷ এইক্ষেত্ৰত সজাগতা বৃদ্ধি, শিক্ষাৰ প্ৰসাৰতা, পৰিবেশ সংৰক্ষণ, পৰিবেশ সংৰক্ষণৰ উপায়সমূহ অৱলম্বন কৰি সমাজত শান্তি স্থাপনৰ প্ৰয়াস কৰিব পাৰো৷