নেশ্যনেল ডেস্ক, 28 মাৰ্চ : কৰ'ণা ভাইৰাছৰ ফলত নিয়মিতভাৱে সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰাসকলে ঘৰতে সোমাই থাকিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এনে পৰিস্থিতিত এই লোকসকলক সান্তনা দিবৰ বাবে ইনষ্টাগ্ৰামে ঘোষণা কৰিছে লাইভ মিউজিক ফেষ্টিভেল ৷
ইনষ্টাগ্ৰাম কাৰ্যালয়ৰ বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, 'Live in your living room' শীৰ্ষক ফেষ্টিভেলৰ জৰিয়তে জনপ্ৰিয় ভাৰতীয় শিল্পী অৰমান মালিক, নাইজী আৰু লিছা মিশ্ৰাক 29 মাৰ্চৰ পৰা ঘৰতে বহি চাব পাৰিব ৷ এই ফেষ্টিভেল সন্ধিয়া 5 বজাত আৰম্ভ হ'ব আৰু 12 বজালৈকে চলিব ৷
IG Live ৰ জৰিয়তে 14 জনকৈ শিল্পীয়ে 30 মিনিট সময়কৈ প্ৰদৰ্শন আগবঢ়াব ৷ তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে দৰ্শকসকলে তেওঁলোকক লাইভ চাব পাৰিব ৷
আৰু পঢ়ক : কৰ'ণা ভাইৰাছ : শিৱসাগৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ