ETV Bharat / bharat

IFSCA ৰ অধ্যক্ষ হিচাপে নিযুক্ত ইনজেটী শ্ৰীনিবাস - IFSCA

উৰিষ্যাৰ কেডাৰৰ ১৯৮৩ বৰ্ষৰ প্ৰশাসনিক বিষয়া ইনজেটী শ্ৰীনিবাস আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ (IFSCA)ৰ অধ্যক্ষ হিচাপে নিযুক্ত । IFSCA হৈছে দেশৰ আন্তৰ্জাতিক আৰ্থিক সেৱা কেন্দ্ৰ (IFCs)ৰ সকলো আৰ্থিক সেৱা নিয়মীয়া তথা নিয়ন্ত্ৰণ কৰা এটা সংস্থা ।

IFSCA
IFSCA ৰ অধ্যক্ষ হিচাপে নিযুক্ত ইনজেটী শ্ৰীনিবাস
author img

By

Published : Jul 7, 2020, 1:29 PM IST

নিউজ ডেস্ক, ৭ জুলাইঃ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ (Chairman of the International Financial Services Centres Authority (IFSCA)ৰ অধ্যক্ষ হিচাপে নিযুক্ত ইনজেটী শ্ৰীনিবাস । মঙলবাৰে IFSCA ৰ ৱেবছাইটৰ জৰিয়তে সদৰি কৰে এই কথা ।

IFSCA ৰ তথ্য অনুসৰি তিনি বছৰৰ বাবে অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ইনজেটী শ্ৰীনিবাসক । শ্ৰীনিবাস উৰিষ্যা কেডাৰৰ ১৯৮৩ বৰ্ষৰ প্ৰশাসনিক বিষয়া । তেওঁ পূৰ্বে কৰ্পৰেট বিষয়ক মন্ত্ৰণালয়ৰ দায়িত্বত নিয়োজিত হৈ আছিল । ৩১ মে'ত কৰ্পৰেট বিষয়ৰ সচিব ৰূপে তেওঁ অৱসৰ গ্ৰহণ কৰে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৭ এপ্ৰিলত গঠন হৈছিল IFSCA ৰ । IFSCAয়ে দেশৰ আন্তৰ্জাতিক আৰ্থিক সেৱা কেন্দ্ৰ (IFCs)ৰ সকলো আৰ্থিক সেৱা নিয়মীয়া তথা নিয়ন্ত্ৰণ কৰে । দেশৰ ভিতৰত প্ৰথম IFSC গুজৰাটৰ গান্ধীনগৰৰ গুজৰাট ইণ্টাৰনেশ্ব্যনেল ফাইনেঞ্চ Tec-City (GIFT)ত স্থাপন কৰা হয় ।

লগতে পঢ়ক : জাপানত বানৰ তাণ্ডৱঃ মৃতকৰ সংখ্যা ৫০ গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.