ETV Bharat / bharat

পুলৱামা আক্ৰমণত পাকিস্তান জড়িতৰ বিষয়টো গুৰুত্বসহকাৰে ল'ব লাগে : জেন. ভি কে সিং

author img

By

Published : Oct 30, 2020, 1:00 PM IST

পাকিস্তানৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে পুলৱামা আক্ৰমণত পাকিস্তানৰ হাত থকাটো স্বীকাৰ কৰাৰ বাবে মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰাক্তন স্থলসেনাধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী জেন. ভি কে সিঙে ৷ সিঙে পুলৱামা আক্ৰমণৰ প্ৰমাণ বিছৰা বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁলোকক ভাৰত-বিৰোধী বুলি কয় ৷

পুলৱামা আক্ৰমণত পাকিস্তান জড়িতৰ বিষয়টো গুৰুত্বসহকাৰে ল'ব লাগে

নিউজ ডেস্ক, 30 অক্টোবৰ : ভাৰতীয় স্থলসেনাৰ প্ৰাক্তন সেনাধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে পাকিস্তানৰ সদনত শেহতীয়াকৈ উত্থাপন হোৱা পুলৱামা আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিষয়ে ভাৰত চৰকাৰে অধিক গুৰুত্ব দি ইয়াৰ যথাযথ প্ৰমাণ স্পষ্ট কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : পেছোৱাৰ মাদ্ৰাছা বিস্ফোৰণ : 55 অভিযুক্তক আটক

পুলৱামা আক্ৰমণৰ সৈতে পাকিস্তান চৰকাৰ জড়িত থকাৰ বিষয়টো এগৰাকী পাকিস্তানী কেবিনেট মন্ত্ৰীয়ে স্বীকাৰ কৰা কথাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ ৷ এনে অৱস্থাত পুলৱামা আক্ৰমণৰ সৈতে পাকিস্তান জড়িত থকাক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধীসকল ভাৰত-বিৰোধী বুলি কয় জেন. ভি কে সিঙে ৷ ভাৰত চৰকাৰে পুলৱামা আক্ৰমণত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী জড়িত থকাৰ বিষয়টো গুৰুত্বসহকাৰে লৈ পাকিস্তান অধ্যুষিত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ সংঘটিত কৰিছিল ৷ কিন্তু ইয়াক লৈ ভাৰতৰ বিৰোধী-শক্তিয়ে প্ৰশ্ন উত্থাপন কৰিছিল ৷ কিন্তু এনে এটা সংবেদনশীল বিষয়ক পাকিস্তানৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে অকপট স্বীকাৰ কৰা বিষয়টোৱে ভাৰতীয় বিৰোধী শক্তিসমূহৰ স্বৰূপ উদঙাই দিছে ৷ বিৰোধীয়ে চৰকাৰলৈ উত্থাপন কৰা প্ৰশ্ন আৰু প্ৰমাণ পাকিস্তানৰ মন্ত্ৰীয়ে প্ৰদান কৰিছে আৰু এইসকল বিৰোধী চৰকাৰৰে নহয় ভাৰতৰো অখণ্ডতাৰ বিৰোধী বুলি কয় জেন. ভি কে সিঙে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগেৰে পিডিপি নেত্ৰী মেহবুবা মুফটিৰ বিৰুদ্ধে গোচৰ ৰুজু

ভাৰত চৰকাৰে এই বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈ ইয়াৰ সন্দৰ্ভত অধিক তদন্ত কৰাৰ প্ৰয়োজন আছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ পুলৱামা আক্ৰমণৰ পিচত ভাৰতীয় সেনাই কৰা আক্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধী নেতাসকলকো এই তদন্তৰ আওঁতালৈ অনাৰ প্ৰয়োজন আছে আৰু এইসকল ভাৰত-বিৰোধী শক্তিক এসেকা দিয়াটো খুবেই প্ৰয়োজনীয় বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : প্ৰেজ আৰিফ আলভিৰ পদত্যাগৰ দাবী পি.পি.পি.ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.