ETV Bharat / bharat

২০১৯ চনৰ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল দিশসমূহ

author img

By

Published : Dec 28, 2019, 8:52 AM IST

বিশেষকৈ অৰ্থনীতি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখনীয় শক্তি হিচাপে পৰিগণিত হ’বলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতে সংশোধিত বহুমাত্ৰিকতাৰ প্ৰতি ইচ্ছা প্ৰকাশ কৰে । প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় সংস্থা ইউ এন এছ আৰু আই এম এফৰ নীতি নিৰ্ধআৰণত ভাৰতৰ অংশগ্ৰহণতো মুখ্য গুৰুত্ব প্ৰদান কৰা হয় । ২০১৯ বৰ্ষই মেলানি মাগিবলৈ লোৱাৰ সময়ত ভাৰতবৰ্ষৰ উদ্দেশ্য হ’ল বহু মেৰুকেন্দ্ৰিক এছিয়াক কেন্দ্ৰ কৰি এখন বহু মেৰুৰ বিশ্ব সৃষ্টি কৰা ।

Indias Foreign Policy Highlights in 2019
২০১৯ চনৰ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল দিশসমূহ

ভাৰতৰ বৈদেশিক নীতিৰ বাবে ২০১৯ বৰ্ষটো অতি গুৰুত্বপূৰ্ণ আছিল । মে'ৰ সাধাৰণ নিৰ্বাচনে পূৰ্বৰ চৰকাৰখনকে বৰ্দ্ধিত সংখ্যা গৰিষ্ঠতাৰে পুনৰবাৰ শাসনত অধিষ্ঠিত কৰে। নতুন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে এগৰাকী প্ৰযুক্তিবিদৰ নিযুক্তিৰে ভাৰতক এক বৃহৎ শক্তি হিচাপে প্ৰতিষ্ঠা কৰাত বৈদেশিক নীতিৰ সক্ৰিয় ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হয় ।

এই উদ্দেশ্য ফলৱৰ্তী হোৱাৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানটো আহিছিল ২০১৯ চনৰ আগষ্টৰ মাজভাগত । চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ সুবাদত ১৯৭১ চনৰ ডিচেম্বৰত অন্তিমবাৰৰ বাবে আলোচনা কৰা ভাৰত-পাকিস্তানৰ বিষয়টো আলোচনা কৰিবলৈ পৰিষদক হেঁচা প্ৰদান কৰে। ইয়াৰ ফলত কাশ্মীৰ সন্দৰ্ভত চীন আৰু পাকিস্তানৰ লগত ভাৰতৰ প্ৰত্যক্ষ কূটনৈতিক সংঘাতৰ সৃষ্টি হয়। এছিয়াৰ চুবুৰীয়া দেশ দুখনৰ মাজত গঠনমূলক সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে অক্টোবৰত চেন্নাইত অনুষ্ঠিত ভাৰত-চীনৰ দ্বিতীয়খন অনানুষ্ঠানিক প্ৰচেষ্টাসমূহক চীনৰ বহুস্তৰীয় কূটনীতিয়ে সম্পূৰ্ণভাৱে মষিমূৰ কৰে।

ভাৰত চীনৰ বৈদেশিক সম্পৰ্কত এখোপ আগুৱালে 2019 বৰ্ষত

ফেব্ৰুৱাৰীত পুলৱামাত ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ ওপৰত পাকিস্তানৰ সহায়পুষ্ট সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্কৰ অধিক অৱনতি ঘটে । ইয়াৰ ফলত বালাকোটৰ পাকিস্তানী সন্ত্ৰাসবাদী শিবিৰত ভাৰতে আকাশমাৰ্গেৰে আক্ৰমণ কৰিবলৈ বাধ্য হয় । আনহাতে পাকিস্তানে সম্পূৰ্ণ একপক্ষীয়ভাৱে ২০১৯ চনৰ আগষ্ট মাহত ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটাব বিচাৰে আৰু ছেপ্টেম্বৰৰে পৰা জম্মু কাশ্মীৰৰ বিষয়টোৰ সন্দৰ্ভত বিশ্বৰ মঞ্চসমূহত ভাৰতৰ বিপক্ষে এক আন্তঃৰাষ্ট্ৰীয় অভিযান চলাবলৈ লয় । অৱশ্যে দুয়োখন দেশে নৱেম্বৰত দেশ দুখনৰ জনগণৰ কল্যাণ হোৱাকৈ এক পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হয় । কাৰ্টাৰপুৰ কৰিডৰ মুকলি কৰি দিয়াৰ ফলত ভাৰতৰ সৈতে শিখ ধৰ্মৰ এক পৱিত্ৰ স্থানৰ সংযোগ ঘটাবলৈ সক্ষম হয় ।

এই বছৰটোত ভাৰতবৰ্ষৰ চুবুৰীয়া দেশখনত ৰাজনৈতিক পৰিৱৰ্তন দেখা পোৱা যায় । চুবুৰীয়া দেশখনৰ সৈতে সঠিক কূটনৈতিক সম্পৰ্ক স্থাপন কৰিব পৰাকৈ পাকিস্তানৰ এই ৰাজনৈতিক দিশসমূহৰ প্ৰতি ভাৰতে সঁহাৰি জনাই আহিছে। ২০১৪ চনত ছাৰ্কত ভাৰতৰ বৈদেশিক নীতিৰ পৰা ২০১৯ চনত ‘BIMSTEC’ (বংগোপ উপসাগৰত প্ৰৱেশকেন্দ্ৰিক) ৰ যি নীতি তাৰ প্ৰমাণ হিচাপে বাংলাদেশ,ভূটান,নেপাল,শ্ৰী লংকা,ম্যানমাৰ আদি দেশৰ আমন্ত্ৰিত নেতাসকল মে’ মাহত নতুন চৰকাৰ গঠন হোৱাৰ সময়ত উপস্থিত হোৱাটোতেই পোৱা যায়। নিৰ্বাচিত হোৱাৰ পাছতে জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথম চুবুৰীয়া দেশ ভ্ৰমণ কৰিবলৈ মালদ্বীপ নিৰ্ধাৰণ কৰাৰ লগতে শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিয়ে তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ হিচাপে নৱেম্বৰত ভাৰতলৈ অহা কথাটোৱে ভাৰতৰ চুবুৰীয়াৰ প্ৰতি থকা বৈদেশিক নীতিৰ ক্ৰমবৰ্দ্ধমান ফলাফলকে সূচায় ।

ৰাছিয়া আৰু ফ্ৰান্সৰ সৈতে ভাৰতবৰ্ষৰ বৈদেশিক সম্পৰ্ক বিষয়ভিত্তিক আছিল

কিন্তু বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত ভাৰতৰ বৃহৎ ‘এক্ট ইষ্ট’ নীতিক নতুন মাত্ৰা দিব পৰাকৈ সম্ভাৱনা থকা দেশৰ উত্তৰ-পূৰ্বাঞ্চলত বছৰৰ শেষাংশত সৃষ্টি হোৱা অশান্তিকৰ পৰিৱেশে এই নীতিক ব্যাঘাত জন্মাইছে । ডিচেম্বৰৰ মাজভাগত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-জাপান সন্মিলন বাতিল হোৱাৰ লগতে নৱেম্বৰত আছিয়ানৰ লগত চীন,জাপান দক্ষিণ কোৰিয়া,অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ব্যাৱসায়িক সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে গ্ৰহণ কৰা আৰ চি ই পি ব্যৱস্থাত ভাৰতে যোগদান নকৰা বিষয়টোৰ দ্বিপাক্ষিক আৰু আঞ্চলিক প্ৰভাৱ পৰিব । ইয়াৰ ফলত ভাৰতৰ বৈদেশিক নীতৰ উদ্দেশসমূহত উপনীত হোৱাৰ বাবে প্ৰয়োজন হোৱা আন্তৰ্জাতিক সহযোগিতাৰ ওপৰত প্ৰভাৱ পৰিব ।

আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি মিত্ৰতাত ভাৰত চীনৰ পদক্ষেপ

২০১৯ চনত ইণ্ডো-পেচিফিক বুজাবুজিৰ লগতে দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে ২০১৯ চনত ভাৰতবৰ্ষই গ্ৰহণ কৰা তিনিটা পদক্ষেপ উল্লেখনীয় আছিল । প্ৰথমতে ছয় মাহৰ ভিতৰত ডিয়েগো গাৰ্চিয়া সামৰিক ঘাটি ছাগোচ দ্বীপৰ পৰা ইংলেণ্ডৰ শাসন প্ৰত্যাহাৰ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত মে’ মাহত উত্থাপিত প্ৰস্তাৱত ভাৰতবৰ্ষই মুকলিভাৱে মৰিচাছক সমৰ্থন জনাইছিল । দ্বিতীয়তে ডিচেম্বৰ দিল্লী ডায়লগত ভাৰতে স্পষ্ট কৰি দিয়ে যে ইণ্ডো-পেচিফিক বুলিলে গাল্ফৰ আমাৰ পশ্চিমীয়া মহাসাগৰৰ চুবুৰীয়াসকল,আফ্ৰিকাৰ বন্ধুসকল, আৰৱ সাগৰৰ দ্বীপ ৰাষ্ট্ৰবোৰ অন্তৰ্ভুক্ত হয় । ইয়াৰ জৰিয়তে এই দেশসমূহত ভাৰতৰ অধিক উপস্থিতি আশা কৰা হয় । তৃতীয়টো হ’ল-ছেপ্টেম্বৰত চেন্নাইৰ লগতে ৰাছিয়াৰ ভ্লাডিৱস্তক বন্দৰৰ লগত সাগৰীয় পথেৰে সংযোগ স্থাপন । ইয়াৰ জৰিয়তে মুকলি আৰু বিনামূলীয়া ইণ্ডো-পেচিফিক ব্যৱস্থাত ৰাছিয়াক অংশীদাৰ কৰা হয় ।

২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু ফ্ৰান্সৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক বিষয়ভিত্তিক আছিল । আমেৰিকাৰ সৈতে শক্তি আৰু সামৰিক সহযোগিতাৰ ক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰা গৈছে । ডিচেম্বৰত অনুষ্ঠিত প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ ২+২ বৈঠকৰ এয়া মূল বিষয় আছিল । অৱশ্যে বাণিজ্যৰ ক্ষেত্ৰত দেশ দুখনৰ মতভেদ আছিল । প্ৰতিৰক্ষাৰ সামগ্ৰীসমূহ ভাৰতত প্ৰস্তুত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা যুটীয়া প্ৰচেষ্টাত ৰাছিয়াৰ অধিক অংশগ্ৰহণৰ লগতে ৰাছিয়াৰ পূব প্ৰান্তত ব্যাৱসায়িক উন্নতিৰ লগতে ভাৰতীয় শ্ৰমিকৰ ক্ষন্তেকীয়া উপস্থিতিৰ বাবে ভাৰতে প্ৰদান কৰা ঋণে দেশ দুখনৰ সম্পৰ্কক সুদৃঢ় কৰাৰ থল আছে । ফ্ৰান্সৰ লগত প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয় আৰু ভাৰত মহাসাগৰত নিৰাপত্তাৰ চুক্তি, আন্তৰ্জাতিক জলবায়ুকেন্দ্ৰিক চুক্তিসমূহ যেনে আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি মিত্ৰতাই ভাৰত আৰু চীনৰ সম্পৰ্কক সুদৃঢ় কৰাত সহায় কৰাৰ লগতে আচৰিত আৰু বহুমাত্ৰিক প্ৰভাৱৰ ইংগিত বহন কৰে ।

ভাৰতৰ বৈদেশিক নীতিৰ বাবে ২০১৯ বৰ্ষটো অতি গুৰুত্বপূৰ্ণ আছিল

বিশেষকৈ অৰ্থনীতি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখনীয় শক্তি হিচাপে পৰিগণিত হ’বলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতে সংশোধিত বহুমাত্ৰিকতাৰ প্ৰতি ইচ্ছা প্ৰকাশ কৰে । প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় সংস্থা ইউ এন এছ আৰু আই এম এফৰ নীতি নিৰ্ধাৰণত ভাৰতৰ অংশগ্ৰহণতো মুখ্য গুৰুত্ব প্ৰদান কৰা হয় । ২০১৯ বৰ্ষই মেলানি মাগিবলৈ লোৱাৰ সময়ত ভাৰতবৰ্ষৰ উদ্দেশ্য হ’ল বহু মেৰুকেন্দ্ৰিক এছিয়াক কেন্দ্ৰ কৰি এখন বহুমেৰুৰ বিশ্ব সৃষ্টি কৰা ।

-অশোক মুখাৰ্জী, ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত

Intro:Body:

India’s Foreign Policy Highlights in 2019

২০১৯ চনৰ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল দিশসমূহ

-অশোক মুখাৰ্জী, ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত

ভাৰতৰ বৈদেশিক নীতিৰ বাবে ২০১৯ বৰ্ষটো অতি গুৰুত্বপূৰ্ণ আছিল । মে’॥ৰ সাধাৰণ নিৰ্বাচনে পূৰ্বৰ চৰকাৰখনকে বৰ্দ্ধিত সংক্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনত বহায় । নতুন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে এগৰাকী প্ৰযুক্তিবিদৰ নিযুক্তিৰে ভাৰতক এক বৃহৎ শক্তি হিচাপে প্ৰতিষ্ঠা কৰাত বৈদেশিক নীতিৰ সক্ৰিয় ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হয় । 

  এই উদ্দেশ্য ফলৱৰ্তী হোৱাৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানটো আহিছিল ২০১৯ চনৰ আগষ্টৰ মাজভাগত । চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ সুবাদত ১৯৭১ চনৰ ডিচেম্বৰত অন্তিম বাৰৰ বাবে আলোচনা কৰা ভাৰত-পাকিস্তানৰ বিষয়টো আলোচনা কৰিবলৈ পৰিষদক হেঁচা প্ৰদান কৰে । ইয়াৰ ফলত কাশ্মীৰ সন্দৰ্ভত চীন আৰু পাকিস্তানৰ লগত ভাৰতৰ প্ৰত্যক্ষ কূটনৈতিক সংঘাতৰ সৃষ্টি হয় । এছিয়াৰ চুবুৰীয়া দেশ দুখনৰ মাজত গঠনমূলক সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে অক্টোবৰত চেন্নাইত অনুষ্ঠিত ভাৰত-চীনৰ দ্বিতীয়খন অনানুষ্ঠানিক প্ৰচেষ্টাসমূহক চীনৰ বহুস্তৰীয় কূটনীতিয়ে সম্পূৰ্ণভাৱে মষিমূৰ কৰে । 

ফেব্ৰুৱাৰীত পুলৱামাত ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ ওপৰত পাকিস্তানৰ সহায়পুষ্ট সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্কৰ অদিক অৱনতি ঘটে । ইয়াৰ ফলত বালাকোটৰ পাকিস্তানী সন্ত্ৰাসবাদী শিবিৰত ভাৰতে আকাশমাৰ্গেৰে আক্ৰমণ কৰিবলৈ বাধ্য হয় । আনহাতে পাকিস্তানে সম্পূৰ্ণ একপক্ষীয়ভাৱে ২০১৯ চনৰ আগষ্ট মাহত ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটাব বিচাৰে আৰু ছেপ্টেম্বৰৰে পৰা জম্মু কাশ্মীৰৰ বিষয়টোৰ সন্দৰ্ভত বিশ্বৰ মঞ্চসমূহত ভাৰতৰ বিপক্ষে এক আন্তঃৰাষ্ট্ৰীয় অভিযান চলাবলৈ লয় । অৱশ্যে দুয়োখন দেশে নৱেম্বৰত দেশ দুখনৰ জনগণৰ কল্যাণ হোৱাকৈ এক পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হয় । কাৰ্টাপুৰ কৰিডৰ মুকলি কৰি দিয়াৰ ফলত ভাৰতৰ সৈতে শিখ ধৰ্মৰ এক পৱিত্ৰ স্থানৰ সংযোগ ঘটাবলৈ সক্ষম হয় । 

এই বছৰটোত ভাৰতবৰ্ষৰ চুবুৰীয়া দেশখনত ৰাজনৈতিক পৰিৱৰ্তন দেখা পোৱা যায় । চুবুৰীয়া দেশখনৰ সৈতে সঠিক কূটনৈতিক সম্পৰ্ক স্থাপন কৰিব পৰাকৈ পাকিস্তানৰ এই ৰাজনৈতিক দিশসমূহৰ প্ৰতি ভাৰতে সঁহাৰি জনাই আহিছে ।২০১৪ চনত ছাৰ্কত ভাৰতৰ বৈদেশিক নীতিৰ পৰা ২০১৯ চনত ‘BIMSTEC’ ( বংগোপ উপসাগৰত প্ৰৱেশকেন্দ্ৰিক) ৰ যি নীতি তাৰ প্ৰমাণ হিচাপে বাংলাদেশ, ভূটান, নেপাল, শ্ৰী লংকা, ম্যানমাৰ আদি দেশৰ আমন্ত্ৰিত নেতাসকল মে’ মাহত নতুন চৰকাৰ গঠন হোৱাৰ সময়ত উপস্থিত হোৱাটোতেই পোৱা যায় । নিৰ্বাচিত হোৱাৰ পাছতে জুনত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথম চুবুৰীয়া দেশ ভ্ৰমণ কৰিবলৈ মালদ্বীপ নিৰ্ধাৰণ কৰাৰ লগতে শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিয়ে তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ হিচাপে নৱেম্বৰত ভাৰতলৈ অহা কথাটোৱে ভাৰতৰ চুবুৰীয়াৰ প্ৰতি থকা বৈদেশিক নীতিৰ ক্ৰমবৰ্দ্ধমান ফলাফলকে সূচায় । 

কিন্তু বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত ভাৰতৰ বৃহৎ ‘এক্ট ইষ্ট’ নীতিক নতুন মাত্ৰা দিব পৰাকৈ সম্ভাৱনা থকা দেশৰ উত্তৰ-পূৰ্বাঞ্চলত বছৰৰ শেষাংশত সৃষ্টি হোৱা অশান্তিকৰ পৰিৱেশে এই নীতিক ব্যাঘাত জন্মাইছে । ডিচেম্বৰৰ মাজভাগত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-জাপান সন্মিলন বাতিল হোৱাৰ লগতে নৱেম্বৰত আছিয়ানৰ লগত চীন, জাপান দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ব্যাৱসায়িক সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে গ্ৰহণ কৰা আৰ চি ই পি ব্যৱস্থাত ভাৰতে যোগদান নকৰা বিষয়টোৰ দ্বিপাক্ষিক আৰু আঞ্চলিক প্ৰভাৱ পৰিব । ইয়াৰ ফলত ভাৰতৰ বৈদেশিক নীতৰ উদ্দেশসমূহত উপনীত হোৱাৰ বাবে প্ৰয়োজন হোৱা আন্তৰ্জাতিক সহযোগিতাৰ ওপৰত প্ৰভাৱ পৰিব । 

২০১৯ চনত ইণ্ডো-পেচিফিক বুজাবুজিৰ লগতে দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে ২০১৯ চনত ভাৰতবৰ্ষই গ্ৰহণ কৰা তিনিটা পদক্ষেপ উল্লেখনীয় আছিল । প্ৰথমতে ছয় মাহৰ ভিতৰত ডিয়েগো গাৰ্চিয়া সামৰিক ঘাটি ছাগোচ দ্বীপৰ পৰা ইংলেণ্ডৰ শাসন প্ৰত্যাহাৰ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত মে’ মাহত উত্থাপিত প্ৰস্তাৱত ভাৰতবৰ্ষই মুকলিভাৱে মৰিচাছক সমৰ্থন জনাইছিল । দ্বিতীয়তে ডিচেম্বৰ দিল্লী ডায়লগত ভাৰতে স্পষ্ট কৰি দিয়ে যে ইণ্ডো-পেচিপিক বুলিলে গাল্ফৰ আমাৰ পশ্চিমীয়া মহাসাগৰৰ চুবুৰীয়াসকল, আপ্ৰিকাৰ বন্ধুসকল, আৰৱ সাগৰৰ দ্বীপ ৰাষ্ট্ৰবোৰ অন্তৰ্ভুক্ত হয় । ইয়াৰ জৰিয়তে এই দেশসমূহত ভাৰতৰ অদিক উপস্থিতি আশা কৰা হয় । তৃতীয়টো হ’ল-ছেপ্টেম্বৰত চেন্নাইৰ লগতে ৰাছিয়াৰ ভ্লাডিৱস্তক বন্দৰৰ লগত সাগৰীয় পথেৰে সংযোগ স্থাপন । ইয়াৰ জৰিয়তে মুকলি আৰু বিনামূলীয়া ইণ্ডো-পেচিপিক ব্যৱস্থাত ৰাছিয়াক অংশীদাৰ কৰা হয় । 

২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু ফ্ৰান্সৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক বিষয়ভিত্তিক আছিল । আমেৰিকাৰ সৈতে শক্তি আৰু সামৰিক সহযোগিতাৰ ক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰা গৈছে । ডিচেম্বৰত অনুষ্ঠিত প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ ২+২ বৈঠকৰ এয়া মূল বিষয় আছিল । অৱশ্যে বাণিজ্যৰ ক্ষেত্ৰত দেশ দুখনৰ মতভেদ আছিল । প্ৰতিৰক্ষাৰ সামগ্ৰীসমূহ ভাৰতত প্ৰস্তুত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা যুটীয়া প্ৰচেষ্টাত ৰাছিয়াৰ অধিক অংশগ্ৰহণৰ লগতে ৰাছিয়াৰ পূব প্ৰান্তত ব্যাৱসায়িক উন্নতিৰ লগতে বাৰতীয় শ্ৰমিকৰ ক্ষন্তেকীয়া উপস্থিতিৰ বাবে ভাৰতে প্ৰদান কৰা ঋমে দেশ দুখনৰ সম্পৰ্কক সুদৃঢ় কৰাৰ থল আছে । ফ্ৰান্সৰ লগত প্ৰতিৰ৭া সামগ্ৰী ক্ৰয় আৰু ভাৰত মহাসাগৰত নিৰাপত্তাৰ চুক্তি, আন্তৰ্জাতিক জলবায়ুকেন্দ্ৰিক চুক্তিসমূহ যেনে আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি মিত্ৰতাই ভাৰত আৰু চীনৰ সম্পৰ্কক সুদৃঢ় কৰাত সহায় কৰাৰ লগতে আ়্চলিক আৰু বহুমাত্ৰিক প্ৰভাৱৰ ইংগিত বহন কৰে । 

বিশেষকৈ অৰ্থনীতি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখনীয় শক্তি হিচাপে পৰিগণিত হ’বলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতে সংশোধিত বহুমাত্ৰিকতাৰ প্ৰতি ইচ্ছা প্ৰকাশ কৰে । প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় সংস্থা ইউ এন এছ আৰু আই এম এফৰ নীতি নিৰ্ধআৰণত ভাৰতৰ অংশগ্ৰহণতো মুখ্য গুৰুত্ব প্ৰদান কৰা হয় । ২০১৯ বৰ্ষই মেলানি মাগিবলৈ লোৱাৰ সময়ত ভাৰতবৰ্ষৰ উদ্দেশ্য হ’ল বহু মেৰুকেন্দ্ৰিক এছিয়াক কেন্দ্ৰ কৰি এখন বহুমেৰুৰ বিশ্ব সৃষ্টি কৰা । 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.