ETV Bharat / bharat

মিছন শক্তিৰ সফলতাত স্তম্ভিত আমেৰিকাঃ ভাৰতৰ উপগ্ৰহ বিৰোধী অভিযান অগ্ৰহণযোগ্য

author img

By

Published : Apr 2, 2019, 7:38 PM IST

মহাকাশ বিজ্ঞান আৰু কৃত্ৰিম উপগ্ৰহ বিৰোধী অভিযানৰ সফলতাৰ পিছতে এতিয়া ভাৰতৰ বিৰুদ্ধে ঠিয় দিছে আমেৰিকা যুক্তৰাষ্ট্ৰ । ভাৰতে সফলতাৰে সমাপন কৰা এ-ছেট ক্ষেপণাস্ত্ৰৰ পৰীক্ষণক অগ্ৰহণযোগ্য ঘোষণা কৰিছে নাছাই ।

নাছা

নিউজ ডেস্ক, ২ এপ্ৰিলঃ মহাকাশ যাত্ৰাভাৰতৰ শক্তিশালী উত্থানে বহুটোৰাষ্ট্ৰৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে । বিজ্ঞান প্ৰযুক্তিকে ধৰি অন্যান্য ক্ষেত্ৰসমূহত ভাৰতে লাভ কৰা সফলতাই এতিয়া বিশ্বৰ অন্যতম শক্তিশালী দেশৰ ভিতৰত এখন কৰি তুলিছে ভাৰতবৰ্ষক ।শেহতীয়াকৈ ভাৰতে প্ৰায় ৫ বছৰীয়া মিছন শক্তি প্ৰকল্পৰ সমাপ্তিৰ পিছতেই সফল পৰীক্ষণ সম্পন্ন কৰে দেশৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ বিৰোধী ক্ষেপণাস্ত্ৰ "এন্টি ছেটেলাইট ৱেপন"ৰ । এই পৰীক্ষণে ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ সৈতে বিশ্বৰ চতুৰ্থখন দেশত পৰিণত হয় ভাৰতবৰ্ষ ।

অৱশ্যে ভাৰতৰ এই শক্তিশালী উত্থান আমেৰিকা যুক্তৰাষ্ট্ৰ বাবে এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে । মহাকাশ বিজ্ঞানৰ অধিকাংশ নিয়ন্ত্ৰণ কৰি ৰখা দেশখনৰ নেশ্বনেল এৰ'নটিকছ এণ্ড স্পেছ এডমিনিষ্ট্ৰেশ্বন চমুকৈ নাছাই ভাৰতে পৰীক্ষণ কৰা এ-ছেটৰ সফলতাক নাকচ কৰিছে। স্থানীয় সময় অনুসৰি সোমবাৰে নাছাই ভাৰতে সম্পন্ন কৰা এই পৰীক্ষণক অযুক্তিকৰ আৰু অগ্ৰহণীয় বুলি ঘোষণা কৰিছে ।নাছাৰ বিষয়া জিম ব্ৰীডেনষ্টেইনে প্ৰকাশ কৰা অনুসৰি, ভাৰতে সম্পন্ন কৰা এই পৰীক্ষণৰ ফলত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই বহুটো সমস্যাৰ সন্মুখীন হ'ব পাৰে । ইয়াৰ ফলত মহাকাশত প্ৰায় ৪০০ টুকুৰা কক্ষপথ আৱৰ্জনাৰ সৃষ্টি হৈছে যাৰ ভিতৰত ১০ চেন্টিমিটাৰ ব্যাসাৰ্ধৰ ৬০ টুকুৰা আৱৰ্জনাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ কক্ষপথত সমস্যাৰ সৃষ্টি কৰিব পাৰে ।নাছাৰ বিষয়াগৰাকীৰ উদ্ধৃতি দি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান স্পুটনিকে ভাৰতে সমাপ্ত কৰা এই পৰীক্ষণৰ বাতৰি প্ৰকাশ কৰিছে । সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি, অনাগত ১০ দিনত ভাৰতে ধ্বংস কৰা কৃত্ৰিম উপগ্ৰহৰ টুকুৰাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ কক্ষপথত হ'ব পৰা সমস্যা ৪৪ শতাংশ বৃদ্ধি কৰিব ।

উল্লেখ্য যে, বিগত ২৭ মাৰ্চত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ সহযোগত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন পৰিষদে মিছন শক্তি প্ৰকল্পক নেতৃত্ব দি এ-ছেটৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছিল ।

India's A-SAT test unacceptable: NASA 

Indian Space Research Organization
National Aeronautics and Space Administration
Anti Satellite Weapon A-SAT
Mission Shakti 
ভাৰতীয় মহাকাশ গৱেষণা পৰিষদ
নেশ্বনেল এৰ'নটিকছ এণ্ড স্পেছ এডমিনিষ্ট্ৰেশ্বন
এন্টি ছেটেলাইট ৱেপন এ-ছেট 
মিছন শক্তি 

মিছন শক্তিৰ সফলতাত স্তম্ভিত আমেৰিকাঃ ভাৰতৰ উপগ্ৰহ বিৰোধী অভিযান অগ্ৰহণযোগ্য 

মহাকাশ বিজ্ঞান আৰু কৃত্ৰিম উপগ্ৰহ বিৰোধী অভিযানৰ সফলতাৰ পিছতে এতিয়া ভাৰতৰ বিৰুদ্ধে ঠিয় দিছে আমেৰিকা যুক্টৰাষ্ট্ৰ । ভাৰতে সফলতাৰে সমাপন কৰা এ-ছেট ক্ষেপনাস্ত্ৰৰ পৰীক্ষণক অগ্ৰহণযোগ্য ঘোষণা কৰিছে নাছাই । 

নিউজ ডেস্ক, ২ এপ্ৰিলঃ ভাৰতৰ শক্তিশালী উত্থান বহুটো শক্তিশালী ৰাষ্ট্ৰৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে । বিজ্ঞান প্ৰযুক্তিকে ধৰি অন্যান্য ক্ষেত্ৰসমূহত ভাৰতে লাভ কৰা সফলতাই এতিয়া বিশ্বৰ অন্যতম শক্তিশালী দেশৰ ভিতৰত এখন কৰি তুলিছে ভাৰতবৰ্ষক । 

শেহতীয়াকৈ ভাৰতে প্ৰায় ৫ বছৰীয়া মিছন শক্তি প্ৰকল্পৰ সমাপ্তিৰ পিছতেই সফল পৰীক্ষণ সম্পন্ন কৰে দেশৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ বিৰোধী ক্ষেপনাস্ত্ৰ "এন্টি ছেটেলাইট ৱেপন"ৰ । এই পৰীক্ষণে ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু  চীনৰ সৈতে বিশ্বৰ চতুৰ্থখন দেশত পৰিনত হয় ভাৰতবৰ্ষ । 

অৱশ্যে ভাৰতৰ এই শক্তিশালী উত্থান আমেৰিকা যুক্তৰাষ্ট্ৰ বাবে এতিয়া মুৰৰ কামোৰণি হৈ পৰিছে । মহাকাশ বিজ্ঞানৰ অধিকাংশ নিয়ন্ত্ৰণ কৰি ৰখা দেশখনৰ নেশ্বনেল এৰ'নটিকছ এণ্ড স্পেছ এডমিনিষ্ট্ৰেশ্বন চমুকৈ নাছাই ভাৰতে পৰীক্ষণ কৰা এ-ছেটৰ সফলতাক নাকচ কৰিছে । স্থানীয় সময় অনুসৰি সোমবাৰে নাছাই ভাৰতে সম্পন্ন কৰা এই পৰীক্ষণক অযুক্তিকৰ আৰু অগ্ৰহণীয় বুলি ঘোষণা কৰিছে । 

নাছাৰ বিষয়া জিম ব্ৰীডেনষ্টেইনে প্ৰকাশ কৰা অনুসৰি, ভাৰতে সম্পন্ন কৰা এই পৰীক্ষণৰ ফলত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই বহুটো সমস্যাৰ সন্মুখীন হ'ব পাৰে । ইয়াৰ ফলত মহাকাশত প্ৰায় ৪০০ টুকুৰা কক্ষপথ আৱৰ্জনাৰ সৃষ্টি হৈছে যাৰ ভিতৰত ১০ চেন্টিমিটাৰ ব্যাসাৰ্ধৰ ৬০ টুকুৰা আৱৰ্জনাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ কক্ষপথত সমস্যাৰ সৃষ্টি কৰিব পাৰে ।  

নাছাৰ বিষয়াগৰাকীৰ উদ্ধৃতি দি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান স্পুটনিকে ভাৰতে সমাপ্ত কৰা এই পৰীক্ষণৰ বাতৰি প্ৰকাশ কৰিছে । সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি, অনাগত ১০ দিনত ভাৰতে ধ্বংস কৰা কৃত্ৰিম উপগ্ৰহৰ টুকুৰাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ কক্ষপথত হ'ব পৰা সমস্যা ৪৪ শতাংশ বৃদ্ধি কৰিব ।

উল্লেখ্য যে, বিগত ২৭ মাৰ্চত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ সহযোগত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন পৰিষদে মিছন শক্তি প্ৰকল্পক নেতৃত্ব দি এ-ছেটৰ পৰীক্ষণ সফলতাৰে  সম্পন্ন কৰিবলৈ সক্ষম হৈছিল । 

NASA_Feb21_HMqZlje.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.