ETV Bharat / bharat

নিউজিলেণ্ড সংসদত ভাৰতীয় মূলৰ সাংসদৰ সংস্কৃতত শপত গ্ৰহণ - নিউজিলেণ্ডৰ সাংস্কৃতিক পৰম্পৰা

নিউজিলেণ্ডৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হিমাচল প্ৰদেশৰ ডঃ গৌৰৱ শৰ্মা ৷ নিউজিলেণ্ডৰ শ্ৰমিক দলৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈয়ে গৌৰৱ ৰচনা শৰ্মাৰ ৷ প্ৰথম গৰাকী ভাৰতীয় মূলৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ গৌৰৱ অৰ্জন কৰি বিদেশৰ মাটিত সংস্কৃতত শপত গ্ৰহণ গৌৰৱ শৰ্মাৰ ৷

নিউজিলেণ্ড সংসদত ভাৰতীয় মূলৰ সাংসদৰ সংস্কৃতত শপত গ্ৰহণ

author img

By

Published : Nov 26, 2020, 11:49 AM IST

ৱেলিঙটন, 26 নৱেম্বৰ: নিউজিলেণ্ড সংসদলৈ সদস্য হিচাপে নিৰ্বাচিত হৈ ইতিহাস ৰচনা ভাৰতীয় মূলৰ ডঃ গৌৰৱ শৰ্মাৰ ৷ প্ৰথমগৰাকী ভাৰতীয় মূলৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ গৌৰৱ অৰ্জন কৰি বিদেশৰ মাটিত সংস্কৃতত শপত গ্ৰহণ কৰিলে জন্মসূত্ৰে হিমাচল প্ৰদেশৰ ডঃ গৌৰৱ শৰ্মাই ৷ নিউজিলেণ্ডৰ শ্ৰমিক পাৰ্টীৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱা ডঃ শৰ্মাই বুধবাৰে সংস্কৃতত শপত লৈ নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷

নিউজিলেণ্ডৰ উচ্চ আয়ুক্ত মুক্তেশ পাৰদেশীয়ে এক টুইটযোগে এই কথা জনাই যে ভাৰতৰ লগতে নিউজিলেণ্ডৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি সন্মান জনাই নিউজিলেণ্ডৰ সংসদলৈ নৱনিৰ্বাচিত গৌৰৱ শৰ্মাই সংস্কৃতত শপত গ্ৰহণ কৰে ৷

হিন্দীৰ পৰিৱৰ্তে তেওঁ কিয় সংস্কৃতত শপত গ্ৰহণ কৰিলে বুলি ডঃ শৰ্মাক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে মই এই বিষয়ে বিশেষ একো ভৱা নাছিলো ৷ প্ৰথমে মই মোৰ নিজৰ প্ৰথম ভাষা পাহাৰী বা পঞ্জাৱী ভাষাত শপত লোৱাৰ কথা ভাৱিছিলো ৷ সকলোকে একে সময়তে সুখী কৰাটো কঠিন ৷ সংস্কৃত ভাষাই সকলো ভাৰতীয় ভাষাক প্ৰতিনিধিত্ব কৰে, সেয়ে মই সংস্কৃততে শপত লোৱাৰ কথা ভাৱিলো ৷

পেচাত এগৰাকী ডাক্টৰ শৰ্মাই হেমিল্টন ৱেষ্টত তেওঁৰ প্ৰতিদ্বন্দীক 4,386 টা ভোটত পৰাজিত কৰি সংসদত নিজৰ আসন সুনিশ্চিত কৰে ৷ ইয়াৰ পূৰ্বে তেওঁ 2017 টো প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও বিফল হয় ৷ সংস্কৃত ভাষাত শপতগ্ৰহণ কৰা তেওঁ দ্বিতীয়গৰাকী ভাৰতীয় মূলৰ নেতা ৷

লগতে পঢ়ক:তেলেংগানাত আৰক্ষীৰ পৰিদৰ্শকৰ পৰা জব্দ লাখ লাখ টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.