ETV Bharat / bharat

বিদেশত আৱদ্ধ ভাৰতীয় : ভাৰতীয় উচ্চায়ুক্তৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

ব্ৰিটেইনত যোৱা 24 ঘন্টাত কৰ'ণা ভাইৰাচত আক্ৰান্তৰ সংখ্যা 11,658 ৰ পৰা 14,543 লৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি, মৃত্যু হোৱা লোকৰ সংখ্যা 181 ৰ পৰা 759 লৈ বৃদ্ধি পোৱা বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়ে ৷

author img

By

Published : Mar 28, 2020, 1:01 PM IST

ভাৰতীয় উচ্চায়ুক্তৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত
বিদেশত আৱদ্ধ ভাৰতীয়

নেশ্যনেল ডেস্ক, 28 মাৰ্চ : কৰ'ণা ভাইৰাছে বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত বিভিন্ন দেশত আৱদ্ধ হৈ আছে বহুসংখ্য়ক ভাৰতীয় ৷ এই লোকসকলক উদ্ধাৰৰ বাবে ভাৰতীয়ে মিছনে বিভিন্ন সংগঠন তথা সামাজিক গোটসমূহৰ সৈতে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

ইয়াৰোপৰি, ভাৰতীয়সকলৰ সমস্যা সমাধানৰ বাবে ভাৰতীয় উচ্চায়ুক্তই প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

এই সম্পৰ্কত প্ৰকাশিত এক বিবৃতি অনুসৰি, ব্ৰিটেইনস্থিত ভাৰতীয়সকলৰ খাদ্য তথা বাসস্থানৰ সুবিধাৰ বাবে ভাৰতীয় উচ্চায়ুক্তই বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ বিভিন্ন সংগঠন আৰু সামাজিক গোটসমূহৰ সৈতে মিলি ভাৰতীয় উচ্চায়ুক্তই আৱদ্ধ এই লোকসকলৰ সৈতে যোগাযোগ স্থাপন কৰিছে ৷

লণ্ডনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে সহায়ৰ হাত আগবঢ়োৱা সংগঠনসমূহৰ এখন তালিকাও উচ্চায়ুক্তই প্ৰকাশ কৰিছে ৷

ইয়াৰোপৰি, এই লোকসকলক উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সৈতে প্ৰতিটো সময়তে যোগাযোগ স্থাপন কৰি থাকিবলৈও আহ্বান জনোৱা হৈছে ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ব্য়ৱস্থা হিচাপে ভাৰত চৰকাৰে 14 এপ্ৰিল পৰ্যন্ত আন্তৰাষ্ট্ৰীয় বিমানত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাচতে ব্ৰিটেইনস্থিত বহুসংখ্যক ভাৰতীয় আৱদ্ধ হৈ পৰিছিল ৷

উল্লেখ্য যে, ব্ৰিটেইনত যোৱা 24 ঘন্টাত কৰ'ণা ভাইৰাচত আক্ৰান্তৰ সংখ্যা 11,658 ৰ পৰা 14,543 লৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি, মৃত্যু হোৱা লোকৰ সংখ্যা 181 ৰ পৰা 759 লৈ বৃদ্ধি পোৱা বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়ে ৷

আৰু পঢ়ক : সমগ্ৰ বিশ্বৰ কৰ'ণা ভাইৰাছ সংক্ৰান্তীয় শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.