নিউজ ডেস্ক, 8 নৱেম্বৰ: মক্কাত পুনৰ প্ৰাণ হেৰুৱালে এজন ভাৰতীয় হজযাত্ৰীয়ে ৷ বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে গুজৰাটৰ আব্দুল ওৱাহিদ নামৰ এগৰাকী হজযাত্ৰী ৷ উল্লেখযোগ্য যে, মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ জৰিয়তে আব্দুল ওৱাহিদ নামৰ লোকজনে মক্কাত ওমৰাহ হজ কৰিবলৈ গৈছিল। এই হজযাত্ৰীৰ দলটোত ভাৰতৰ আন আন ৰাজ্যৰ লগতে গুজৰাটৰ কেইবাজনো হজযাত্ৰী আছিল ৷ ওমৰা হজযাত্ৰী গৰাকীৰ মৃত্যুত মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ সৰ্বভাৰতীয় পৰ্যায়ৰ অধ্যক্ষ বাবু ভাই,অসম ৰাজ্যিক কমিটিৰ অধ্যক্ষ হাজী আব্দুল হাই আৰু মুখ্য সচিব হাজী মনিৰ উদ্দিনে শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে ।
লগতে পঢ়কঃ ৰাজ্যত বলবৎ ডিজিটেল ই-চালান