নিউজ ডেস্ক, 17 জুন : ভাৰতীয় সেনাই প্ৰকাশ কৰা বিবৃতি অনুসৰি, বিতৰ্কিত গালৱান ভেলীৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছে ভাৰত আৰু চীনে ৷ এই অঞ্চলতে দুয়োখন দেশৰ সেনাৰ মাজত সংঘটিত হোৱা ঘটনাত বহুকেইগৰাকী জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে ৷
![গালৱান ভেলীত পহৰাৰত এগৰাকী স্থলসৈনিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/102667970_1692149160946192_3505398600141582694_n_1706newsroom_1592338996_578.png)
ভাৰতীয় স্থলসেনাই প্ৰকাশ কৰা অনুসৰি, সুউচ্চ পাহাৰত -0 ডিগ্ৰী উষ্ণতাত থকাৰ বাবেই ভাৰতীয় স্থলসেনাৰ প্ৰায় 20গৰাকী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱতি লৈছে ৷ চীনৰ আক্ৰমণৰ ফলত এইসকল জোৱানৰ মৃত্যু হোৱা নাই, বৰঞ্চ উক্ত অঞ্চলটোৰ পৰিৱেশৰ সৈতে খাপ খাব নোৱাৰি এইদৰে সুউচ্চ পাহাৰৰ পৰা বহু ফুট তলত নদীত পৰি যোৱাৰ ফলতে মৃত্যু ঘটে 20 গৰাকীকৈ সেনাৰ ৷ আনহাতে দেশৰ সীমান্তৰ লগতে স্বাধীনতা ৰক্ষাৰ বাবে সদাপ্ৰস্তুত বুলি নিশ্চিতি প্ৰদান কৰিছে ভাৰতীয় সেনাই ৷ চীনৰ প্ৰায় 300 সৈনিকৰ সৈতে মুখামুখি হোৱা ভাৰতীয় সেনাৰ 50জনীয়া দলটোৱে প্ৰায় 45গৰাকী চীনা সৈনিকক ধৰাশায়ী কৰিবলৈ সক্ষম হয় বুলি প্ৰতিৰক্ষা বিভাগৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ 1962-2020 : মুখামুখি চীন-ভাৰত
গালৱান ভেলীত সংঘটিত ঘটনাৰ পিচতেই ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ত এক গোপন আলোচনাত মিলিত হৈছে চিডিএছ বিপিন ৰাৱাট আৰু স্থলসেনা প্ৰমুখ সেনাধ্যক্ষ জেন. মনোজ মুকুন্দ নাৰাৱানে ৷ ভাৰত-চীন সীমান্ত সমস্যাৰ লগতে দুয়োপক্ষৰ সেনাৰ মাজত হোৱা সংঘৰ্ষক লৈ দুয়োগৰাকী শীৰ্ষ সৈন্য বিষয়াৰ মাজত দীৰ্ঘসময় ধৰি আলোচনা অব্যাহত ৷
উল্লেখ্য যে, নিয়ন্ত্ৰণৰেখাত এইদৰে বিগত 45 বছৰৰ ভিতৰত প্ৰথমবাৰে মুখামুখি সংঘৰ্ষত লিপ্ত হয় ভাৰত-চীনৰ সেনা ৷ ইয়াৰ পূৰ্বেই 1975 চনৰ 20 অক্টোৱৰত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ টুলুং-লাত আছাম ৰাইফলছৰ সৈতে মুখামুখি হৈছিল চীনা সেনা ৷ এই মুখামুখিত চাৰিগৰাকীকৈ ৰাইফলমেন শ্বহীদ হৈছিল ৷
![গালৱান ভেলী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/103269281_1692064107621364_7469576385231882823_o_1706newsroom_1592338996_777.jpg)
সোমবাৰে সন্ধিয়াৰ ভাগত লাডাখৰ গালৱান ভেলীত PP14ক লৈ চীনা আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে ৷ এই স্থানতে দুয়োপক্ষৰ সেনাই উচ্চপদবীৰ বিষয়াৰ উপস্থিতিত বিগত 6 জুনত ছুছুল মল্ডোত হোৱা আলোচনাৰ পিচতেই এইদৰে বিষয়টোৰ সমাধান বিচাৰি একত্ৰিত হৈছিল ৷ কিন্তু যোৱাকালিৰ এই আলোচনাত দুয়োপক্ষৰ মাজতে বিবাদৰ সূত্ৰপাত হয় আৰু গুলিয়াগুলিকে ধৰি শিলাবৰ্ষণ আৰু অন্যান্য চোকা অস্ত্ৰৰে আক্ৰমণ সংঘটিত হয় ৷ এই আক্ৰমণত ভাৰতীয় স্থলসেনাৰ 16 বিহাৰ ৰেজিমেন্টৰ কৰ্ণেল সন্তোষ বাবুৰ লগতে হাবিলদাৰ পালানি আৰু জোৱান কুন্দন কুমাৰ ওজা শ্বহীদ হয় ৷ গুলিবৰ্ষণৰ বিপৰীতে ওখ স্থানৰ পৰা তলত পৰি যোৱাৰ ফলতে বহুকেইগৰাকী ভাৰতীয় জোৱানৰ মৃত্যু হোৱা বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ ইয়াৰ বিপৰীতে এই সংঘৰ্ষত প্ৰায় 45গৰাকীৰ ওচৰা-ওচৰি চীনা সৈন্যৰ মৃত্যু হয় ৷ ভাৰতীয় সেনাই ইতিমধ্যে চীনৰ এইসকল সৈনিকক সন্মানপূৰ্বকভাৱে নিজৰ দেশলৈ প্ৰেৰণ কৰিবলৈ চীনা সৈন্যক অনুমতি প্ৰদান কৰাৰ পিচতেই চীনে মৃতদেহসমূহ ভাৰতীয় স্থানৰ পৰা নিজৰ দেশলৈ লৈ যায় ৷
লগতে পঢ়কঃ ভাৰতীয় সেনাৰ বিৰুদ্ধে প্ৰৰোচনামূলক আক্ৰমণৰ অভিযোগ চীনৰ
উল্লেখ্য যে, কোভিড-19ৰ ফলত বিপৰ্যস্ত হৈ পৰা চীনৰ অৰ্থনীতিক লৈ দেশখনৰ জনসাধাৰণ ক্ষোভিত হৈ পৰাৰ ফলত চীনৰ কমিউনিষ্ট চৰকাৰে জনসাধাৰণক যুদ্ধৰ ভয় দেখুৱাই নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা কৰিছে ৷ ইয়াৰ বাবেই বিগত কেইমাহমানৰ পৰা চীনে ইয়াৰ সীমান্তত অতিৰিক্ত বাহিনী প্ৰেৰণ কৰাৰ লগতে দক্ষিণ চীন সাগৰতো গতি-বিধি ব্যাপক কৰি তুলিছে ৷ লাডাখকে ধৰি চীনে ছিক্কিমতো ভাৰতীয় এলেকাত অনাধিকাৰ প্ৰৱেশ কৰি ভাৰতীয় স্থলসেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ পৰিছে ৷ ছিক্কিমত সংঘটিত অনুপ্ৰৱেশৰ ঘটনা ভাৰতৰ এগৰাকী সদ্য কমিছনপ্ৰাপ্ত কেপ্টেইনৰ ঘোচাত চীনা সৈন্যৰ এগৰাকী মেজৰৰ নাক ভাঙি গৈছিল ৷
![গালৱান ভেলীত পহৰাৰত আইটিবিপি জোৱান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7646059-134-7646059-1592331080127_1706newsroom_1592338996_132.jpg)
সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ পিচতে ভাৰত আৰু চীন, দুয়োখন দেশেই নিয়ন্ত্ৰণৰেখা (LAC)লৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰিছে ৷
লগতে পঢ়কঃ সীমান্তত বাজিছে ভাৰত-চীনৰ যুদ্ধৰ দামামা