নিউজ ডেস্ক, 17 জুনঃ ভাৰতীয় সেনাৰ অন্যতম শক্তিশালী তথা সক্ৰিয় কামাণ্ড হৈছে নৰ্থান কামাণ্ড ৷ 1972 চনৰ আজিৰ দিনটোতে জম্মু-কাশ্মীৰৰ উধমপুৰত স্থাপন কৰা হৈছিল এইটো কামাণ্ড ৷
ভাৰতীয় সেনাত বৰ্তমানে আছে সাতটাকৈ কামাণ্ড ৷ সেনাৰ মুখ্যালয়ৰ পিচতেই সেনাৰ সুচাৰু পৰিচালনাৰ বাবে স্থাপন কৰা হৈছিল এইসমূহ কামাণ্ড ৷ ইয়াৰ ভিতৰত আছে, ইষ্টাৰ্ণ কামাণ্ড (কলকাতা), ছাউথাৰ্ণ কামাণ্ড (পুনে), ৱেষ্টাৰ্ণ কামাণ্ড (চাণ্ডীমন্দিৰ), ছাউথ ৱেষ্টাৰ্ণ কামাণ্ড (জয়পুৰ), চেন্ট্ৰেল কামাণ্ড (লক্ষ্নৌ), নৰ্থাণ কামাণ্ড (উধমপুৰ) আৰু আৰ্মী ট্ৰেইনিং কামাণ্ড (শিমলা) ৷ প্ৰত্যেকটো কামাণ্ডেই সেনাৰ মুখ্যালয়ৰ তলত আৰু ইয়াক পৰিচালনা কৰে একোজন লেফটেনেন্ট জেনেৰেল ৰেংকৰ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফে ৷ নৰ্থাণ কামাণ্ডৰ প্ৰথমগৰাকী জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ আছিল লেফটেনেন্ট জেনেৰেল প্ৰেমিন্দ্ৰ সিং ভগত ৷ বৰ্তমানে কামাণ্ডৰ শীৰ্ষপদত আছে লেফটেনেন্ট জেনেৰেল ৰনবীৰ সিং ৷
-
On the occasion of 48th Raising Day of #NorthernCommand, #LtGenRanbirSingh,#ArmyCdrNC extends warm greetings to all ranks, their families & civilian staff;paid homage to the martyrs & exhorted all ranks to rededicate themselves to the service of the Nation@adgpi @SpokespersonMoD pic.twitter.com/NNg7cVMkjp
— NorthernComd.IA (@NorthernComd_IA) June 17, 2019 " class="align-text-top noRightClick twitterSection" data="
">On the occasion of 48th Raising Day of #NorthernCommand, #LtGenRanbirSingh,#ArmyCdrNC extends warm greetings to all ranks, their families & civilian staff;paid homage to the martyrs & exhorted all ranks to rededicate themselves to the service of the Nation@adgpi @SpokespersonMoD pic.twitter.com/NNg7cVMkjp
— NorthernComd.IA (@NorthernComd_IA) June 17, 2019On the occasion of 48th Raising Day of #NorthernCommand, #LtGenRanbirSingh,#ArmyCdrNC extends warm greetings to all ranks, their families & civilian staff;paid homage to the martyrs & exhorted all ranks to rededicate themselves to the service of the Nation@adgpi @SpokespersonMoD pic.twitter.com/NNg7cVMkjp
— NorthernComd.IA (@NorthernComd_IA) June 17, 2019
ইয়াৰ ভিতৰত সেনাৰ নৰ্থাণ কামাণ্ডটো অতিকে সক্ৰিয় আৰু শক্তিশালী বুলি গণ্য কৰা হয় ৷ কিয়নো ইয়াৰ মুল দায়িত্ব হৈছে পশ্চিম সীমান্তৰ পাকিস্তান আৰু উত্তৰ সীমান্তৰ চীনক প্ৰতিহত কৰি ৰখাৰ লগতে সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা ৷ লেহস্থিত ফৰটিন কৰ্পছ (ফায়াৰ এণ্ড ফিউৰী কৰ্পছ), শ্ৰীনগৰস্থিত ফিফটিন কৰ্পছ (চিনাৰ কৰ্পছ) আৰু নাগৰোতাস্থিত ছিক্সটিন কৰ্পছ (হুৱাইট নাইট কৰ্পছ)ৰ দ্বাৰা গঠিত নৰ্থান কামাণ্ড ৷ ইয়াৰ উপৰিও থাৰ্দ ইনফেনট্ৰি ডিভিজন (লেহ), নাইনটিন ইনফেনট্ৰি ডিভিজন (বাৰামুলা), টেন ইনফেনট্ৰি ডিভিজন (আখানুৰ), এইট মাউন্টেইন ডিভিজন (ড্ৰাছ), টুৱেনটি এইট মাউন্টেইন ডিভিজন (গুৰেজ), টুৱেনটি ফাইভ ইনফেনট্ৰি ডিভিজন (ৰাজৌৰি), থাৰ্টি নাইন ইনফেনট্ৰি ডিভিজন (য়োল) আৰু টেন আৰ্টিলাৰী ব্ৰীগেড (নাগৰোতা) হৈছে নৰ্থান কামাণ্ডৰ মুল চালিকা শক্তি ৷
-
#IndianArmy#LtGenSKSharma, #ChiefOfStaff, HQNC inaugurated Blood Donation Camp organised at #Udhampur to commemorate the #WorldBloodDonationDay & forthcoming 48th Raising Day of #NorthernCommand.@adgpi @SpokespersonMoD @PIB_India @bloodbankIN @WHO pic.twitter.com/nkPZAZTfJi
— NorthernComd.IA (@NorthernComd_IA) June 15, 2019 " class="align-text-top noRightClick twitterSection" data="
">#IndianArmy#LtGenSKSharma, #ChiefOfStaff, HQNC inaugurated Blood Donation Camp organised at #Udhampur to commemorate the #WorldBloodDonationDay & forthcoming 48th Raising Day of #NorthernCommand.@adgpi @SpokespersonMoD @PIB_India @bloodbankIN @WHO pic.twitter.com/nkPZAZTfJi
— NorthernComd.IA (@NorthernComd_IA) June 15, 2019#IndianArmy#LtGenSKSharma, #ChiefOfStaff, HQNC inaugurated Blood Donation Camp organised at #Udhampur to commemorate the #WorldBloodDonationDay & forthcoming 48th Raising Day of #NorthernCommand.@adgpi @SpokespersonMoD @PIB_India @bloodbankIN @WHO pic.twitter.com/nkPZAZTfJi
— NorthernComd.IA (@NorthernComd_IA) June 15, 2019
নৰ্থান কামাণ্ডৰ স্থাপনা দিৱস উপলক্ষে উধমপুৰস্থিত ইয়াৰ মুখ্যালয়ত অনুষ্ঠিত হয় বিভিন্ন অনুষ্ঠান ৷ জেনেৰেল অফিচাৰ কামাণ্ডিং ইন চীফ লেফটেনেন্ট জেনেৰেল ৰনবীৰ সিঙে স্থাপনা দিৱস উপলক্ষে বাহিনীটোৰ সকলো বিষয়া, জোৱান তথা তেঁওলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ আনহাতে স্থাপনা দিৱস উপলক্ষে বাহিনীটোৰ কৰ্মৰত বিষয়া তথা জোৱানসকলে ৰক্তদান কৰে ৷ উল্লেখ্য যে, 2016 চনত হোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ নেতৃত্ব দিছিল সেনাৰ এইটো কামাণ্ডে ৷ তেতিয়া কামাণ্ডটোৰ শীৰ্ষ বিষয়া লেফটেনেন্ট জেনেৰেল ডি এছ হুডাৰ নেতৃত্বত সম্পন্ন হৈছিল এই অভিযান ৷