ETV Bharat / bharat

পিপিই কিটৰ প্ৰতিবন্ধকতা আঁতৰাবলৈ চৰকাৰক আহ্বান ভাৰতীয় পোচাক ৰপ্তানি উদ্যোগৰ - পিপিই কিট

ভিয়েটনামৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল জৰুৰীকালীন মেনেজমেণ্ট এজেন্সীয়ে ৰপ্তানিৰ বাবে 22.2 নিযুত পিপিই কিট সৰবৰাহৰ বাবে এক এয়াৰ ব্ৰীজ তৈয়াৰ কৰিছে ৷ উক্ত এয়াৰ ব্ৰীজৰ অংশ হিচাপে ইতিমধ্যে ভাৰতকো স্বীকৃত দিয়া হৈছে ৷

Indian apparel industry plans to scale up PPE kit production urges govt to lift ban on export etv bharat news
পিপিই কিট
author img

By

Published : Jun 21, 2020, 5:47 PM IST

নতুন দিল্লী,21 জুন: ভাৰতীয় পোচাক ৰপ্তানি উদ্যোগে ব্যক্তিগত সুৰক্ষা সঁজুলি চমুকৈ পিপিই কিটৰ সংখ্যা বঢ়োৱাৰ লগতে বিশ্বৰ বজাৰত ফেৰ মাৰিবলৈ 60,000 বিলিয়ন কিট উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ ইয়াৰ বাবে চৰকাৰে কিটৰ ওপৰত লগোৱা প্ৰতিবন্ধকতাসমূহ আতৰাবলৈ অনুৰোধ জনাইছে ৷ কৰ’ণা মহামাৰীৰ সন্ত্ৰাসৰ মাজতো উদ্যোগটোৱে পিপিই কিটৰ উৎপাদন আৰম্ভ কৰিছে ৷ চাৰি মাহৰ ভিতৰত এই উৎপাদন সংখ্যা শূন্যৰ পৰা 8 লাখলৈ বৃদ্ধি পাইছে ৷ এই কাৰ্যৰ বাবে উদ্যোগটোক আগবঢ়োৱা সহায়ৰ বাবে বস্ত্ৰতাঁত মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৷ বস্ত্ৰতাঁত উদ্যোগৰ সচিব ৰবি কাপুৰৰ নেতৃত্বত এই পিপিই কিট উৎপাদনৰ কাম সম্প্ৰতি চলি আছে ৷ উদ্যোগ সম্প্ৰসাৰণৰ কাম অব্যাহত থকাৰ বাবে এইপিচি কৰ্তৃপক্ষই পিপিই কিটৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা আঁতৰ কৰাৰ উদ্দেশ্যে চৰকাৰক আহ্বান জনাইছে ৷ এই সন্দৰ্ভত বাণিজ্য তথা উদ্যোগ মন্ত্ৰী আৰু বস্ত্ৰতাঁত মন্ত্ৰীক লিখিত পত্ৰ প্ৰেৰণ কৰা হৈছে ৷

বাংলাদেশ,ইণ্ডোনেছিয়া,পাকিস্তান আৰু অন্য একাংশ দেশত পিপিই কিটৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা ইতিমধ্যে আঁতৰোৱা হৈছে যাৰ ফলত দেশ কেইখনৰ পৰা অভাৱনীয়ভাৱে অৰ্ডাৰ লাভ কৰিছে উদ্যোগটোৱে ৷ ৱাশ্চিংটনস্থিত ভিয়েটনামৰ দূতাৱাসত ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিবন্ধকতা কেন্দ্ৰ আৰু আমেৰিকা স্বাস্থ্য আৰু মানৱ সেৱা বিভাগৰ দ্বাৰা এক চেনেল মুকলি কৰা হৈছে ৷ ভিয়েটনামৰ পৰা যুক্তৰাষ্ট্ৰখনৰ ফেডাৰেল জৰুৰীকালীন মেনেজমেণ্ট এজেন্সীয়ে ৰপ্তানিৰ বাবে 22.2 নিযুত পিপিই কিট সৰবৰাহৰ বাবে এক এয়াৰ ব্ৰীজ তৈয়াৰ কৰিছে ৷ উক্ত এয়াৰ ব্ৰীজৰ অংশ হিচাপে ইতিমধ্যে ভাৰতকো স্বীকৃত দিয়া হৈছে ৷

লগতে চাওকঃ চলিত বৰ্ষৰ জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰাত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.