নিউজ ডেস্ক, 27 আগষ্ট : ভাৰতে সংযুক্ত ৰাষ্ট্ৰৰ সুৰক্ষা পৰিষদৰ বৈঠকত আতংকবাদৰ ওপৰত পাকিস্তানে কৰা মিছা দাবীসমূহৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘক আনুষ্ঠানিকভাবে পত্ৰ লিখে ৷ এই বৈঠক পৰিষদৰ বাহিৰৰ সদস্যসকলৰ বাবে খোলা নাছিল ৷ ভাৰতে এতিয়া ৰাষ্ট্ৰসংঘক আনুষ্ঠানিকভাৱে পত্ৰ লিখিছে আৰু পাকিস্তানে পৰিষদৰ বৈঠকত মিথ্যাচাৰৰ আশ্ৰয় লৈ মিছা বক্তব্য প্ৰদান কৰা বুলি উল্লেখ কৰে ৷ ভাৰতে সোমবাৰে পাকিস্তানে কৰা দাবীসমূহত কোৱা কথাবোৰক এটা এটাকৈ খণ্ডন কৰিছিল ৷
ভাৰতৰ ফালৰ পৰা কোৱা হয় যে, "যিখন দেশক সীমান্ত পাৰ হৈ অহা সন্ত্ৰাসবাদীৰ হৰ্তাকৰ্তা বুলি জনা যায় ৷ যিয়ে নিজৰ কাৰ্যপ্ৰণালীৰ দ্বাৰা বিশ্বক ক্ষতি কৰিছে ৷ সেই দেশৰ ফালৰ পৰা এনেধৰণৰ দাবী কৰা মুৰ্খামিতকৈ কম নহয় ৷"
ভাৰতে কয় যে, পাকিস্তানত বৃহৎ সংখ্যক সন্ত্ৰাসবাদী আছে যাক ৰাষ্ট্ৰসংঘই ব্লেকলিষ্টেড কৰিছে আৰু ইয়াৰে বহু সংখ্যক প্ৰতিবন্ধকতা আৰোপ কৰা সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠনে পাকিস্তানত সম্পূৰ্ণ মুকলিভাৱে সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰি আহিছে ৷
লগতে পঢ়ক : পিতৃ হ'বলৈ ওলাইছে বিৰাট কোহলী