নিউজ ডেস্ক , ২৩ জানুৱাৰী : এছিয়াৰ সৰ্ববৃহৎ এৰোস্পেছ প্ৰদৰ্শনী হিচাপে গণ্য কৰা 'এৰো ইণ্ডিয়া'ৰ পৰৱৰ্তী সংস্কৰণ অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ বাংগালুৰুত অনুষ্ঠিত হ'ব । এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে 'এৰো ইণ্ডিয়া'ৰ সময়ত এক সন্মিলনত একগোট হ'ব ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকল । ভাৰত মহাসাগৰ অঞ্চল (আইঅআৰ)ত বৰ্ধিত চীনা সামৰিক দৃঢ়তাৰ পটভূমিক আধাৰ হিচাপে লৈ আয়োজন কৰা এই সন্মিলনত ৪ জানুৱাৰীত উপস্থিত থাকিব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।
বিষয়া জনে জনোৱা মতে ভাৰত মহাসাগৰ অঞ্চল সমূহৰ মাজত শান্তি, মিলাপ্ৰীতি আৰু সহযোগীতা বৃদ্ধিৰ বাবে এক সামূহিক আলোচনাৰ লক্ষ্য়ৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে । 'ভাৰত মহাসাগৰত শান্তি, নিৰাপত্তা আৰু সহযোগিতা বৃদ্ধি ' হ'ব এই সন্মিলনৰ থীম । লগতে এই সন্মিলনৰ জৰিয়তে ভাৰত মহাসাগৰৰ সম্পদ আৰু প্ৰচেষ্টাৰ সৈতে সম্পৰ্কিত দিশবোৰ সমাধান কৰিব বুলিও কয় বিষয়াগৰাকীয়ে।
কেৱল এয়াই নহয়, ভাৰত মহাসাগৰত প্ৰতিৰক্ষা কূটনীতি ,নিৰন্তৰ ব্যস্ততা, আলোচনা, অভিজ্ঞতাৰ ভাগ বতৰা কৰা আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ বিনিময়ৰ জৰিয়তে অৰ্থনৈতিক সমৃদ্ধিৰ বাবে ভাৰতে প্ৰতিশ্ৰুতি ৰক্ষাৰ প্ৰচেষ্টাও কৰিব এই সন্মিলনৰ জৰিয়তে ।
পূব লাডাখত ভাৰত আৰু চীনৰ সেনাৰ সংঘৰ্ষ চলি থকাৰ মাজতে এই সন্মিলন আয়োজন কৰাত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য় ৰাখি ভাৰতীয় নৌ-সেনাবাহিনীয়ে ভাৰত মহাসাগৰ অঞ্চলত যুদ্ধজাহাজ, চাবমেৰিন আদিৰ স্থাপনৰ জৰিয়তে চীনলৈ এটা বাৰ্তা প্ৰেৰণ কৰাৰো প্ৰচেষ্টা চলাইছে ।
উল্লেখ যে সন্মিলনৰ পিছতে ভাৰতীয় নৌ সেনাবাহিনী আৰু প্ৰতিৰক্ষা উৎপাদন বিভাগৰ দ্বাৰা দুটা বিশেষ চেমিনাৰৰ আয়োজন কৰা হৈছে ।
লগতে পঢ়ক :শ্বিলঙত উত্তৰ পূৱ পৰিষদৰ সভাত অংশগ্ৰহণ অমিত শ্বাহৰ