ETV Bharat / bharat

প্ৰতিদিনে ভাৰতে 1.1 লাখ COVID-19 নমুনা পৰীক্ষণ কৰিছে : ICMR ৰ মুৰব্বী

ICMR ৰ সঞ্চালক প্ৰধান ডঃ বলৰাম ভাৰ্গৱে কয় যে, দেশে প্ৰতিদিনে 1.1 লাখ লোকৰ COVID-19 নমুনা পৰীক্ষা কৰিছে ৷ এই পৰীক্ষণৰ বাবে জানুৱাৰীত কেৱল এটা লেব আছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা 612 লৈ বৃদ্ধি পাইছে বুলি জনাই ভাৰ্গৱে ৷

ডঃ বলৰাম ভাৰ্গৱ
প্ৰতিদিনে ভাৰতে 1.1 লাখ COVID-19 নমুনা পৰীক্ষণ কৰিছে : ICMR ৰ মুৰব্বী
author img

By

Published : May 27, 2020, 2:03 PM IST

নেশ্যনেল ডেস্ক, 27 মে': মঙলবাৰে ICMR ৰ সঞ্চালক প্ৰধান ডঃ বলৰাম ভাৰ্গৱে কয় যে, দেশে প্ৰতিদিনে 1.1 লাখ লোকৰ COVID-19 নমুনা পৰীক্ষা কৰিছে ৷ তেওঁ লগতে কয় যে, এই পৰীক্ষণৰ বাবে জানুৱাৰীত কেৱল এটা লেব আছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা 612 টালৈ বৃদ্ধি পাইছে ৷

COVID-19 ৰ পৰিস্থিতি সম্পৰ্কত সংবাদ মাধ্যমক ভাৰ্গৱে কয় যে, National Institute of Virology (NIV) পুনেত কেৱল এটাহে লেব আছিল ৷ 28 ফেব্ৰুৱাৰীত আমি 14 টা ৰাজহুৱা লেব লাভ কৰিলো ৷ 31 মাৰ্চত আমি 125 টা ৰাজহুৱা লেব আৰু 52 টা ব্যক্তিগত লেব লাভ কৰিলো ৷ আজিৰ তাৰিখত আমাৰ হাতত 612 টা লেব আছে আৰু ইয়াৰে 430 টা ৰাজহুৱা লেব হোৱাৰ লগতে 182 টা ব্যক্তিগত লেব ৷ যোৱা কিছু মাহত এই লেবসমূহত পৰীক্ষণ বহু পৰিমাণে বৃদ্ধি পাইছে আৰু প্ৰতিদিনে 1.1 লাখ নমুনা পৰীক্ষা কৰা হৈছে ৷

COVID-19 ৰ ফলত ভাৰতত মৃত্যু হোৱা লোকৰ হাৰ অন্য লোকৰ তুলনাত বহু কম বুলি মন্তব্য কৰিছে ডঃ বলৰাম ভাৰ্গৱে ৷ তেওঁ কয়, "ভাৰতত আৰোগ্যৰ হাৰ অধিক ৷ মৃত্যুৰ হাৰ বহু কম ৷ আনহাতে, সমগ্ৰ বিশ্বৰ তুলনাত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যাও বহু কম ৷ পৰীক্ষণো আমি যথেষ্ট বৃদ্ধি কৰিছো ৷"

স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে কয়, "COVID-19 আৰোগ্য লোকৰ সংখ্যা 60,490 গৰাকী ৷ আৰোগ্যৰ হাৰ প্ৰতিদিনে বৃদ্ধি পাই আহিছে আৰু বৰ্তমান 41.61 শতাংশ হৈছে ৷ আনহাতে, মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে কম আৰু এই হাৰ হৈছে 2.87 শতাংশ ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.