সেউজ শক্তিৰ দিশে ভাৰতৰ পদক্ষেপ-জৈৱ ইন্ধন উৎপাদনৰ এক নতুন অধ্যায়
জৈৱ ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ভাৰতে প্ৰথম বিশ্বৰ দেশসমূহৰ সৈতে ফেৰ মাৰিবলৈ লৈছে । ইতিমধ্যে জেট্ৰ’ফা গছৰ পৰা জৈৱ ইন্ধন প্ৰস্তুত কৰা ভাৰতে ৰন্ধন কাৰ্যত ব্যৱহৃত তেলক ডিজেললৈ ৰূপান্তৰিত কৰাৰ কামত লাগি আছে। জৈৱ ইন্ধনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰচেষ্টা সন্দৰ্ভত ইয়াত সম্পূৰ্ণ আলোচনা কৰা হ’লঃ
![India Steps Towards Green Energy .. A new chapter in biofuel production](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5486445_jetrofa-2.jpg)
জেট্ৰ’ফা গছৰ পৰা সফলভাৱে ইন্ধন উৎপাদন কৰা আই আই পি অৰ্থাৎ ইণ্ডিয়ান পেট্ৰ’লিয়াম ৰিচাৰ্চ ইনষ্টিটিউটে ৰন্ধন কাৰ্যত ব্যৱহৃত তেলক ডিজেললৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছে। যোৱা মাহত কলকাতাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৎসৱত আই আই পিৰ বিজ্ঞানীসকলে এই বিষয়টো প্ৰদৰ্শন কৰে। সতেজ খাব পৰা তেলক মিথানল আৰু কিছু ৰাসায়নিক দ্ৰব্যৰ লগত মিহলাই ডিজেললৈ ৰূপান্তৰিত কৰিব পাৰি। ইয়াৰ ফলত ডিজেল অতি কম খৰচী হৈ পৰিব। বহু বছৰ ধৰি আই আই পিয়ে জেট্ৰ’ফা গছৰ পৰা জৈৱ ইন্ধন প্ৰস্তুত কৰি আহিছে। কেইবাখনো ৰাজ্যৰ কৃষকসকলে ব্যৱসায়িক শস্য হিচাপে জেট্ৰ’ফাৰ খেতি আৰম্ভ কৰিছে । জেট্ৰ’ফা গছ সোনকালে ডাঙৰ কৰিবলৈ ইজৰাইলে আৰম্ভ কৰা প্ৰযুক্তিৰ সৈতে ভাৰতীয় কৃষকসকল অভ্যস্ত হ’বলৈ চেষ্ট কৰিছে । আনহাতে, সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰৰ উৎসাহত ইথানলক ইন্ধন হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। খোৱা তেলৰ পৰা জৈৱ ইন্ধন প্ৰস্তুত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে । আই আই পিয়ে জেট্ৰ’ফাৰ পৰা উৎপাদন কৰা জৈৱ ইন্ধন কেইবা বছৰ পূৰ্বে সফলভাৱে দুটা ‘টু-ষ্ট্ৰোক ইঞ্জিন’ত ব্যৱহাৰ কৰা হৈছিল । মহাৰাষ্ট্ৰৰ কিছুমান ট্ৰেভেল কোম্পানীৰ বাহনো এই ইন্ধনেৰে চলিছিল। কিন্তু এই প্ৰচেষ্টা স্বত্বেও ব্যৱসায়িক ভিত্তিত জৈৱ ইন্ধনৰ উৎপাদন এতিয়াও আৰম্ভ হোৱা নাই । সতেজ খোৱা তেলৰ পৰা জৈৱ ইন্ধনৰ ধাৰণাটোৱে ক্ৰমশঃ প্ৰধান্য লাভ কৰিছে। জেট্ৰ’ফাৰ পৰা উৎপাদিত ৩৩০ কেজি ডিজেলেৰে এখন বিমানো সফলভাৱে উৰুওৱা হৈছিল। ২০১৮ চনত স্পাইচজেটৰ বিমানখনে দিল্লীৰ পৰা ডেৰাডুনলৈ ৪৫ মিনিটৰ বাবে যাত্ৰা কৰে। ২০১৯ চনৰ গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতীয় বায়ুসেনাৰ এ এছ-৩২ বিমানখন বায়’-ডিজেলেৰে চলোৱা হৈছিল। জেট্ৰ’ফা গছত ৪০ শতাংশ তেল থাকে । এই বিমানখন উৰুৱাবলৈ লগতে এ টি এফ অৰ্থাৎ‘Aviation Turbine Fuel’ ব্যৱহাৰ কৰা হৈছিল । ছত্তীশগড়ৰ মাওবাদী অধ্যুষিত অঞ্চলৰ প্ৰায় পাঁচশ কৃষকে জেট্ৰ’ফাৰ খেতি কৰে। জৈৱ ইন্ধন উৎপাদনৰ বাবে বীজৰ চাৰিশ প্ৰজাতি ব্যৱহাৰ কৰা হয়। কেৰাচিন নিৰ্ভৰশীল এ টি এফৰ দ্বাৰা বিমান এখন চলিলে পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে । প্ৰায় ৪.৯ শতাংশ জলবায়ু পৰিৱৰ্তন আকাশী পথৰ যাতায়তৰ বাবে হয় ।
![India Steps Towards Green Energy .. A new chapter in biofuel production](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5486445_jetrofa-1.jpg)
লগতে চাওকঃকেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ সাক্ষাৎকাৰ
জৈৱ ইন্ধনৰ ব্যৱহাৰৰ ফলত কাৰ্বন নিৰ্গমণৰ হাৰ বহু পৰিমাণে হ্ৰাস পায় বুলি আই আই পিৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ ৰঞ্জন ৰায়ে জানিবলৈ দিয়ে । ভাৰতত চলাচল কৰা জেট বিমানসমূহৰ বাবে এবছৰত ৬০-৭০ লাখ টন এ টি এফৰ প্ৰয়োজন হয় । ইয়াৰে আধা অংশৰ প্ৰয়োজনীয়তা বায়-ডিজেলেৰে পূৰণ কৰিব পাৰি। এই আধা অংশৰ এক তৃতীয়াংশ যদি খোৱা তেল ব্যৱহাৰ কৰা হয়, তেন্তে এ টি এফৰ খৰচে হ্ৰাস পোৱাই নহয়,কাৰ্বন নিৰ্গমণৰ হাৰো হ্ৰাস পাব । এক লিটাৰ খোৱা তেলৰ পৰা ৮৫০-৯৫০ মিলিলিটাৰ বায়’-ডিজেল প্ৰস্তুত কৰাৰ বাবে ডিজেলো ব্যৱহাৰ কৰিব পাৰি ।‘Indian Food Safety and Standards Agency’ চমুকৈ ‘FSSA’এ হোটেল বা আন ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহত ব্যৱহৃত খোৱা তেলসমূহৰ পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান নিষেধাজ্ঞা আৰোপ কৰি থৈছে । খোৱা তেলৰ পৰা জৈৱ ডিজেল ব্যৱহাৰ কৰাৰ ফলত পৰিৱেশত কাৰ্বন সৃষ্টি নকৰাকৈ জেট বিমান আৰু যান-বাহনসমূহ চলিব পাৰে। যাৰ বাবে বিভিন্ন ধৰণে বায়’-ডিজেল প্ৰস্তুত কৰাৰ চেষ্টা অব্যাহত আছে । ইতিমধ্যে ন খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চলত বেতৰ পৰা ইথানল উলিয়াই ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে । ভাৰতে ২০০৫ চনত ১৬০ বিলিয়ন লিটাৰ ইথানল উৎপাদন কৰি বিশ্বৰ সৰ্ববৃহৎ ইথানল উৎপাদনকাৰী দেশ হিচাপে স্বীকৃতি লাভ কৰিছে ।
![India Steps Towards Green Energy .. A new chapter in biofuel production](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5486445_seed.jpg)
জৈৱ ডিজেল আৰু পৰম্পৰাগত ইন্ধন ব্যৱহাৰেৰে ভাৰতে ডিজেল ব্যৱহাৰৰ হাৰ ২০ শতাংশ হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে । ১০ খন এছিয়ান দেশ( ইণ্ডোনেছিয়া,মালয়েছিয়া, ফিলিপাইনছ,ছিংগাপুৰ,থাইলেণ্ড,ব্ৰুনি,ভিয়েটনাম,লাওছ,ম্যানমাৰ আৰু কম্বোডিয়া) আৰু চীন, জাপান, নিউজিলেণ্ড,দক্ষিণ কোৰিয়া আৰু অষ্ট্ৰেলিয়াৰ সৈতে ২০০৭ চনত ভাৰতে পূব এছিয়াৰ শক্তি সুৰক্ষাৰ ওপৰত ‘Cebu Declaration’ত স্বাক্ষৰ কৰিছিল । বায়ু প্ৰদূষণৰ মাত্ৰাধিক্যৰ লগতে লগতে তেলৰ ভাণ্ডাৰ হ্ৰাস হৈ অহাত এই দেশসমূহে ইতিমধ্যে জৈৱ ইন্ধন উৎপাদনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আমেৰিকা,ব্ৰাজিল,কানাডা,কম্বোডিয়া,ভেনিজুৱেলাই জৈৱ ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ইতিমধ্যে এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে । বিশ্বৰ প্ৰায় ৪০ শতাংশ জৈৱ ইন্ধন কেৱল আমেৰিকাতেই উৎপাদন হয়। প্ৰতি বছৰে তিনিৰ পৰা চাৰি ট্ৰিলিয়ন জৈৱ ইন্ধন উৎপাদনেৰে আমেৰিকা এই উদ্যোগৰ নেতৃত্বত আছে । ২.৫ বিলিয়ন টনেৰে ব্ৰাজিল দ্বিতীয় বৃহৎ উপাদনকাৰী দেশ। এক টন তেল জ্বলালে ৩.১৫ টন ‘Charcoal Gas’ উৎপাদন হয় ।
![India Steps Towards Green Energy .. A new chapter in biofuel production](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5486445_nnnn.jpg)
লগতে পঢ়কঃCAAৰ বিৰোধিতাৰে নগাঁৱত বাতিল বৰদিনৰ কাৰ্যসূচী
প্ৰদূষক তেলৰ সলনি নিৰাপদ জৈৱ ইন্ধন উৎপাদনৰ উদ্দেশ্যে বহু দেশে নানা আঁচনি গ্ৰহণ কৰি আগবাঢ়ি গৈছে। আমেৰিকাই সতেজ খোৱা তেল আৰু জীৱ-জন্তুৰ চৰ্বিৰ পৰা বহুলভাৱে জৈৱ ইন্ধন উৎপাদন কৰি আহিছে। এই ধৰণৰ জৈৱ ইন্ধন অসামৰিক আৰু সামৰিক দুয়োধৰণৰ বাহনতে ব্যৱহাৰ কৰা হয়। এনে ক্ষেত্ৰত ২০ ভাগ জৈৱ ইন্ধন আৰু বাকী ৮০ ভাগ সাধাৰণ ডিজেল ব্যৱহাৰ কৰা হয় । ২০১৮ চনত আমেৰিকাই জৈৱ ইন্ধন চালিত বৃহৎ বিমান আৰম্ভ কৰে।
বিভিন্ন কেঁচা সামগ্ৰীৰ পৰা জৈৱ ইন্ধন যেনে জৈৱ-মিথেন,জৈৱ ডিজেল আদি উৎপাদন কৰাৰ উদ্দেশ্যে বিশ্বজুৰি পৰীক্ষা নিৰীক্ষা অব্যাহত আছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ আৰু বহনক্ষম উন্নয়ন লাভ কৰিবলৈ জৈৱ ইন্ধনৰ উৎপাদন ২০৩০ৰ ভিতৰত তিনি গুণ বৃদ্ধি পাব লাগিব। একেদৰে খাদ্য শস্যৰ খেতিবোৰ জৈৱ ইন্ধন উৎপাদনকাৰী শস্যৰ খেতিলৈ ৰূপান্তৰিত হ’লে খাদ্য সংকট সৃষ্টি হ’ব পাৰে বুলিও আশংকা কৰা হৈছে ।
লগতে চাওকঃদেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট