নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: বিহাৰ বিধানসভা নিৰ্বাচনৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তুলনা কৰি ড'নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পৰা ভাৰতে শিক্ষা লোৱা উচিত বুলি শিৱ সেনাই মত আগবঢ়ায়। শিৱ সেনাই দলৰ মুখপত্ৰ 'সামনা'ৰ জৰিয়তে সোমবাৰে প্ৰকাশ কৰিছে যে, 'ড'নাল্ড ট্ৰাম্প কেতিয়াও আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে যোগ্য ব্যক্তি নহয়। আমেৰিকাবাসীয়ে মাত্ৰ ৪ বছৰৰ ভিতৰতে ট্ৰাম্পক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ ভুল শুধৰালে। ট্ৰাম্পেও প্ৰতিশ্ৰুতি দি পূৰণ কৰিব নোৱাৰিলে। যদি ট্ৰাম্পৰ পৰাজয়ৰ পৰা আমি শিকিব পাৰো তেন্তে সেয়া আমাৰ বাবে লাভদায়ক হ'ব। COVID-19ত আক্ৰান্তৰ সংখ্যাতকৈ আমেৰিকাত নিবনুৱাৰ সংখ্যা অধিক। এই সমস্যাৰ সমাধান কৰাৰ পৰিৱৰ্তে ট্ৰম্পে অযুক্তিকৰ কথা আৰু ৰাজনৈতিক ক্ষেত্ৰৰ অপ্ৰয়োজনীয় বিষয়ত অধিক গুৰুত্ব দিছিল। বৰ্তমান আমেৰিকাত শাসনৰ গাদী ট্ৰাম্পৰ হাতৰ পৰা গ'ল। আনহাতে, বিহাৰত বিজেপিৰ স্থিতি থৰক-বৰক হৈছে। বিহাৰৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰৰ নেতৃত্বাধীন নেশ্যনেল ডেম'ক্ৰেটিক এয়ালেন্সৰ পৰাজয়ৰ ছবিখন স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। দেশ আৰু ৰাজ্যত আমাৰ বাদে বিকল্প আন একো নাই বুলি ভবাৰ ভুলে ৰাজনৈতিক নেতাক সাধাৰণ ৰাইজৰ পৰা দূৰ কৰাত অৰিহণা যোগায়।'
'সামনা'ত প্ৰকাশিত লেখাত ইয়াকো উল্লেখ কৰা হৈছে যে, 'ট্ৰাম্পে এতিয়াও পৰাজয় স্বীকাৰ কৰা নাই। তেওঁ নিৰ্বাচনত অনিয়মত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।' শিৱ সেনাই কয় যে, 'এই কথা পাহৰি যোৱা উচিত নহয় যে, ট্ৰাম্পক আমাৰ দেশত কেনেদৰে স্বাগতম জনোৱা হৈছিল। ভুল ব্যক্তিক সমৰ্থন জনাবলৈ আমাৰ সংস্কৃতিয়ে শিকোৱা নাই। কিন্তু এই কাম এতিয়াও কৰি থকা হৈছে। জ' বিডেন আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ'ব। ভাৰতীয় মূলৰ কমলা হেৰিছক আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত কৰা হৈছে। ট্ৰাম্পৰ মনত মহিলা, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ প্ৰতি সন্মান নাই।'
শিৱ সেনাই কয় যে, 'ভাৰতে 'নমস্তে ট্ৰাম্প' আয়োজন কৰি ট্ৰাম্পক আদৰণি জনালেও আমেৰিকাৰ নাগৰিকে নিজৰ ভুল শুধৰাই ট্ৰাম্পক বিদায় দিলে। একেদৰে প্ৰধানমন্ত্ৰী মোদী, নীতিশ কুমাৰৰ দৰে নেতাও যুৱনেতা তেজস্বী যাদৱৰ ওচৰত নিৰ্বাচনত হাৰ মানিব লাগিব।'
লগতে পঢ়ক:COVID-19: ভাৰতত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে ৮৫ লাখ