ETV Bharat / bharat

কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতলৈ সহায়ৰ হাত চীনৰ ! - DRDO

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতত চীনৰ সহায়ৰ হাতত । চীনৰ পৰা লাভ কৰিলে প্ৰায় ১.৭০ লাখ PPE ছুট ।

India receives 1.70 lakh PPEs from China to fight Covid 19

author img

By

Published : Apr 7, 2020, 12:55 PM IST

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে মহামাৰী কৰ'ণা ভাইৰাছ অথবা COVID-19 য়ে । ভাৰততো দেখা দিছে ইয়াৰ সংহাৰী ৰূপ । চীনত উদ্ভৱ হোৱা এই মাৰাত্মক ভাইৰাছে বিশ্বৰ প্ৰায় ১৯৫ খন দেশক বৃহৎ ক্ষতিক্ষাধন কৰিবলৈ সক্ষম হৈছে । কিন্তু আচৰিত ধৰণে লাহে লাহে এই ভাইৰাছৰ গ্ৰাসৰ পৰা মুক্ত হৈছে চীন । কিন্তু ভাৰতত এতিয়াও ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি আছে এই মহামাৰীয়ে ।

আনহাতে উন্নয়ণশীল দেশ ভাৰতত এই ভাইৰাছক প্ৰতিহত কৰাৰ বাবে নাই পৰ্যাপ্ত পৰিমাণৰ Personal Protection Equipment । যাৰ বাবে শেহতীয়াকৈ এই ক্ষেত্ৰত ভাৰতক সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰায়ে সীমা বিবাদ লৈ যুদ্ধৰ পৰিৱেশ সূচনা কৰা ৰঙা চীন । ভাৰতক কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজবলৈ প্ৰায় ১.৭০ লাখ PPE ছুট প্ৰদান কৰিছে চীনে । সোমবাৰে এই কথা সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰীয়ে ।

চীনৰ পৰা PPE ছুট আমদানী কৰাৰ পাচত মুঠ ১.৯০ লাখ PPE ছুট দেশৰ বিভিন্ন হাস্পতাললৈ বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

ভাৰতত বৰ্তমানে ৩,৮৭,৪৭৩ লাখ PPE ছুট আছে । ইয়াৰ ২.৯৫ লাখ ছুট বিতৰণ কৰা হৈছে । ইয়াৰ লগতে ঘৰুৱা উৎপাদিত ২ লাখ N95 মাস্কো হাস্পতাল সমূহলৈ পঠিওৱা হৈছে । আনহাতে কেন্দ্ৰই ২০ লাখ N95 মাস্ক বিভিন্ন ৰাজলৈ বিতৰণ কৰিছে । দেশত বৰ্তমান ১৬ লাখ N95 মাস্ক উপলব্ধ আছে ।

বৰ্তমানে এই সামগ্ৰী সমূহ বিতৰণৰ ক্ষেত্ৰত ভাৰতৰ তামিলনাডু, মহাৰাষ্ট্ৰ, দিল্লী, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান ৰাজ্যক সমূহক অগ্ৰাধিকাৰ দিয়া হৈছে । কিয়নো এই ৰাজ্য সমূহত এই ভাইৰাছৰ প্ৰকোপ অত্যাধিক বৃদ্ধি পাইছে ।

ছিংগাপুৰ অধিষ্ঠিত এক প্ৰতিষ্ঠানকো পূৰ্বতে ৮০ লাখ PPE কীট্ আৰু N95 মাস্কৰ যোগানৰ দায়িত্ব দিয়া হৈছিল । আনহাতে ভাৰতৰ DRDO য়ে PPE ছুট আৰু N95 মাস্ক তৈয়াৰ কৰাৰ বিপৰীতে নৰ্থান ৰে'লৱেও PPE ছুট তৈয়াৰ কৰাত ব্যস্ত আছে ।

লগতে চাওক- ভ্ৰমণ তথ্য গোপনীয় ৰখা অপৰাধাত ১৬ জনৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.