ETV Bharat / bharat

পুলবামাৰ প্ৰতিজন বীৰ জোৱানলৈ দেশবাসীৰ সশ্ৰদ্ধ প্ৰণাম.. - পুলবামাৰ প্ৰতিজন বীৰ জোৱানলৈ দেশবাসীৰ সশ্ৰদ্ধ প্ৰণাম

উল্লেখযোগ্য যে, বৃহৎ পৰিমাণৰ বিস্ফোৰক কঢ়িয়াই অনা এখন বাহনে শ্ৰীনগৰৰ পৰা জম্মুলৈ চি.আৰ.পি.এফৰ জোৱান কঢ়িয়াই নিয়া এখন বাহনত খুন্দা মৰাৰ পাছতেই এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হৈছিল । বিস্ফোৰণৰ কিছু সময়ৰ পাছতেই পাক সমৰ্থিত উগ্ৰপন্থী সংগঠন জইছ ই মহম্মদে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে।

দেশবাসীৰ সশ্ৰদ্ধ প্ৰণাম..
দেশবাসীৰ সশ্ৰদ্ধ প্ৰণাম..
author img

By

Published : Feb 14, 2020, 12:11 PM IST

নিউজ ডেস্ক, 14 ফেব্ৰুৱাৰীঃ বিগত বৰ্ষৰ এই দিনটোতে পুলবামাত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা প্ৰতিজন শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণাম ৷ 2019 চনৰ 14 ফেব্ৰুৱাৰীত জম্মু–কাশ্মীৰত সংঘটিত হোৱা এক ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ৰাজ্যখনৰ পুলবামা নামৰ ঠাইত সন্ত্ৰাসবাদীৰ আত্মঘাতী বোমা বিস্ফোৰণত 40 জন চি আৰ পি এফৰ জোৱান নিহত হোৱাৰ লগতে ৪৫ জন জোৱান গুৰুতৰভাৱে আহত হয়।

উল্লেখযোগ্য যে, বৃহৎ পৰিমাণৰ বিস্ফোৰক কঢ়িয়াই অনা এখন বাহনে শ্ৰীনগৰৰ পৰা জম্মুলৈ চি আৰ পি এফৰ জোৱান কঢ়িয়াই নিয়া এখন বাহনত খুন্দা মৰাৰ পাছতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল । বিস্ফোৰণৰ কিছু সময়ৰ পাছতেই পাক সমৰ্থিত উগ্ৰপন্থী সংগঠন জইছ ই মহম্মদে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে। উক্ত সংগঠনটোৰ আদিল আহমদ নামৰ দুধৰ্ষ সন্ত্ৰাসবাদীজনৰ আত্মঘাতী আক্ৰমণতেই উক্ত ঘটনাটো সংঘটিত হয় ৷

উল্লেখ্য যে, 27 ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই পাকিস্তানী বায়ু সেনাৰ দ্বাৰা জম্মু কাশ্মীৰত থকা ভাৰতীয় সেনা বাহিনীৰ ওপৰত কৰিব বিছৰা আক্ৰমণত বাধা দিয়ে ৷ পৰৱৰ্তী সময়ত পাকিস্তান বায়ু সেনাবাহিনীৰ এফ-১৬ বিমানে ভাৰতীয় বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানে মিগ-২১ বিমানেৰে পাকিস্তানৰ এখন এফ-১৬ গুলীয়াই ভূপতিত কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.