ETV Bharat / bharat

সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ বৈঠক - মালদ্বীপ

ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ মাজত অনুষ্ঠিত হৈছে এক ত্ৰিদেশীয় বৈঠক ৷ ভাৰতক প্ৰতিনিধিত্ব কৰিছে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা অজিত ডোভালে ৷

ত্ৰিদেশীয় বৈঠক
ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ বৈঠক
author img

By

Published : Nov 28, 2020, 6:21 PM IST

নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ : শনিবাৰে সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ মাজত অনুষ্ঠিত হৈছে এক ত্ৰিদেশীয় বৈঠক ৷ ভাৰতীয় উচ্চায়ুক্তই জানিবলৈ দিয়ে এই কথা ৷ এই বৈঠকৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী দিনেশ গুনাৱৰ্ধনে ৷

এই বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা অজিত ডোভাল শুকুৰবাৰে শ্ৰীলংকাত উপস্থিত হয় ৷ আনহাতে, এই বৈঠকত মালদ্বীপক বৈদেশিক মন্ত্ৰী মাৰিয়া দিদি আৰু শ্ৰীলংকাক প্ৰতিৰক্ষা সচিব মেজৰ জেনেৰেল অৱসৰপ্ৰাপ্ত কমল গুনাৰত্নেই প্ৰতিনিধিত্ব কৰে ৷

ভাৰতীয় উচ্চায়ুক্তই টুইটাৰৰ জৰিয়তে কয়, "ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ মাজত সামুদ্ৰিক আৰু নিৰাপত্তা সহযোগিতা সম্পৰ্কীয় ত্ৰিদেশীয় বৈঠকৰ আৰম্ভণি হৈছে ৷ মন্ত্ৰী @DCRGunawardena এই বৈঠকৰ মুখ্য অতিথি ৷" উল্লেখ্য যে, এয়া সামুদ্ৰিক নিৰাপত্তা সহযোগিতা সম্পৰ্কত প্ৰথমখন ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা (NSA) পৰ্যায়ৰ বৈঠক ৷

বৈদেশিক মন্ত্ৰণালয়ে মন্তব্য কৰে যে, NSA পৰ্যায়ৰ এই ত্ৰিদেশীয় বৈঠকে ভাৰত মহাসাগৰৰ দেশসমূহৰ মাজত সহযোগিতাৰ বাবে এক ফলপ্ৰসূ মঞ্চ প্ৰদান কৰিব ৷ ছয়বছৰৰ অন্তত এই বৈঠকক এক নতুন ৰূপ প্ৰদান কৰা হৈছে ৷ পূৰ্বে 2011 চনত মালদ্বীপ, 2013 চনত শ্ৰীলংকা আৰু 2014 চনত ভাৰতত আয়োজন কৰা হৈছিল সামুদ্ৰিক নিৰাপত্তা সম্পৰ্কীয় বৈঠক ৷

লগতে পঢ়ক : ছোমালিয়াত আত্মঘাতী বোমা আক্ৰমণত নিহত সাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.