ETV Bharat / bharat

ভাৰতত মাৰ্চ মাহত হ্ৰাস পাইছে ১৮ শতাংশ নিয়োগ - Naukri.com

খুচুৰা প্ৰতিষ্ঠানৰ নিয়োগৰ কাৰ্যকলাপত ৫০ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে মাৰ্চ মাহত ভাৰতত নিয়োগৰ কাৰ্যকলাপ হ্ৰাস পায় ১৮ শতাংশ । আটাইতকৈ বেছি প্ৰভাৱিত হৈছে দিল্লী- এন ছি আৰ ।

India hiring declines 18% in March, Delhi-NCR most affected

author img

By

Published : Apr 7, 2020, 3:50 PM IST

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংহাৰি ৰূপে ভাৰতৰ অৰ্থনীতিৰ লগতে নিয়োগ প্ৰক্ৰিয়াটো বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । খুচুৰা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ৫০ শতাংশ নিয়োগৰ কাৰ্যকলাপ হ্ৰাস পোৱাৰ বিপৰীতে মাৰ্চ মাহত ভাৰতত নিয়োগৰ কাৰ্যকলাপত ১৮ শতাংশ হ্ৰাস দেখা পোৱা যায় । আটাইতকৈ বেছি প্ৰভাৱিত হৈছে দিল্লী-এনছিআৰ ।

বিগত বছৰৰ মাৰ্চ মাহৰ তুলনাত এইবাৰ ট্ৰেভেল, এয়াৰ লাইনছ, হস্পিটেলিটি, খুচুৰা উদোগত ৫৬ শতাংশৰ হ্ৰাস দেখা পোৱা গৈছে । মঙলবাৰে এই কথা উল্লেখ কৰে চাকৰী নিয়োগ পৰ্টেল Naukri.com য়ে ।

Naukri Job Speak Index for March 2020 ৰ মতে খুচুৰা উদ্য়োগ প্ৰতিষ্ঠানত ৫০ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে এটো/এঞ্চিলেৰীত ৩৮ শতাংশ, ফাৰ্মা ২৬ শতাংশ, বীমা ১১ শতাংশ, একাউণ্টিং আৰু ফাইনেঞ্চ ১০ শতাংশ, IT ছফ্টৱেৰ শতাংশ, আৰু বিএফএছআইত ৯ শতাংশই হ্ৰাস দেখা দিছে ।

প্ৰতিষ্ঠানটোৰ মুখ্য বিষয়া পৱন গয়েলৰ মতে, মাৰ্চ মাহৰ প্ৰথম ২০ টা দিনত ৫ শতাংশ হ্ৰাস দেখা পোৱা গৈছিল । কিন্তু শেহতীয়া লক্ ডাউনৰ পাচতেই এই পৰিমাণ ১৮ শতাংশলৈ বৃদ্ধি পায় ।

দিল্লীত ইয়াৰ সৰ্বাত্মক প্ৰভাৱ দেখা পোৱা গৈছে । দিল্লীত ২৬ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে চেন্নাই, হায়দৰাবাদত ২৪ শতাংশ আৰু ১৮ শতাংশ হ্ৰাস পাইছে

লগতে চাওক- কেনেকৈ কৰ'ণা মুক্ত হ'ল ৰাজস্থানৰ এখন জিলা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.