ETV Bharat / bharat

ভাৰতত COVID-19ৰ ভয়াৱহতাই সৰ্বোচ্চ শিখৰ স্পৰ্শ কৰিবলৈ এতিয়াও বাকী

author img

By

Published : Sep 1, 2020, 2:03 PM IST

ভাৰতীয় জনস্বাস্থ্য সংস্থাৰ বিশেষজ্ঞই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত নিতৌ ৩০% COVID-19ৰ নতুন ঘটনা পোহৰলৈ আহে আৰু সমগ্ৰ বিশ্বত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ২০% ৰোগী ভাৰতৰ । অনাগত দিনত COVID-19ৰ ভয়াৱহতাই সৰ্বোচ্চ শিখৰ স্পৰ্শ কৰিব । ভাৰতত মৃত্যুৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱা বুলিও মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে ।

ভাৰতত COVID-19ৰ ভয়াৱহতাই সৰ্বোচ্চ শিখৰ স্পৰ্শ কৰিবলৈ এতিয়াও বাকী
ভাৰতত COVID-19ৰ ভয়াৱহতাই সৰ্বোচ্চ শিখৰ স্পৰ্শ কৰিবলৈ এতিয়াও বাকী

নেশ্যনেল ডেস্ক, ১ ছেপ্টেম্বৰ: এছিয়াৰ ভিতৰতে কৰ'ণা মহামাৰীয়ে আটাইতকৈ বেছি প্ৰভাৱিত কৰা দেশ হৈছে ভাৰত । বৰ্তমান ভাৰতত দৈনিক ৩০% লোক নতুনকৈ COVID-19ত আক্ৰান্ত হয় । আনহাতে বিশ্বত প্ৰতি দিনে কৰ'ণা মহামাৰীৰ কবলত পৰি মৃত্যুক আঁকোৱালি লোৱা ৰোগীৰ ২০% ভাৰতৰ বুলি প্ৰকাশ কৰিছে ভাৰতীয় জনস্বাস্থ্য সংস্থাই । যি কি নহওক, COVID-19ৰ ভয়াৱহতাই সৰ্বোচ্চ শিখৰ স্পৰ্শ কৰিবলৈ এতিয়াও বাকী ।

কৰ'ণা মহামাৰী সন্দৰ্ভত তৃতীয় যৌথ বিবৃত্তিত প্ৰখ্যাত জনস্বাস্থ্য বিশেষজ্ঞৰ টাস্ক ফ'ৰ্চে প্ৰকাশ কৰিছে যে, ভাৰতত আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰক মহামাৰী সন্দৰ্ভত পৰামৰ্শ দিয়াৰ বাবে ভাৰতীয় জনস্বাস্থ্য সংস্থাই চলিত বৰ্ষৰ এপ্ৰিল মাহত প্ৰখ্যাত জনস্বাস্থ্য বিশেষজ্ঞৰ টাস্ক ফ'ৰ্চ, ইণ্ডিয়ান এছ'চিয়েছন অৱ প্ৰিভেনটিভ এণ্ড ছ'ছিয়েল মেডিচিন গঠন কৰে । টাস্ক ফ'ৰ্চৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, ১৬ আগষ্ট পৰ্যন্ত ৭০০,০০০ৰো অধিক COVID-19ৰ নতুন ঘটনা পোহৰলৈ অহা ঘটনাই এইটো স্পষ্ট কৰিছে যে, COVID-19ৰ ভয়াৱহতাই সৰ্বোচ্চ শিখৰ স্পৰ্শ কৰিবলৈ এতিয়াও বাকী আছে । আনলকৰ সময়চোৱাত দুই মাহত COVID-19ত আক্ৰান্তৰ নতুন ঘটনা ৯,৪৭২ৰ পৰা বাঢ়ি ৬১,৭৪৯ জনলৈ বৃদ্ধি পায় । ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰতি লাখৰ ভিতৰত ২,২৫১ টা নতুন ঘটনা পোহৰলৈ আহিছে । এই পৰ্যন্ত ভাৰতত ৩৬ লাখ লোক COVID-19ত আক্ৰান্ত হৈছে আৰু ৬৪,৪৬৯ জনৰ মৃত্যু হৈছে । বৰ্তমানলৈকে ৪,২৩,০৭,৯১৪ জন লোকক পৰীক্ষা কৰা হৈছে আৰু এই সকলৰ ভিতৰত অতি কমেও ৮,৪৬,২৭৮ জনৰ পৰীক্ষা ২৪ঘণ্টাৰ ভিতৰত সম্পন্ন কৰা হৈছে ।

লগতে পঢ়ক : আজিৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সচেতনতামূলক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.