নিউজ ডেস্ক, 15 মে‘: অবৈধ ভাৱে দখল কৰি থকা গিলগিত-বাল্টিস্তানৰ ভূমিত নিৰ্মাণ হবলগীয়া ভূমিত নদীবান্ধকলৈ পাকিস্তানক সকীয়নি ভাৰতৰ ৷ চীনৰ সহযোগত পাকিস্তানৰ স্থল সেনাৰ আন্তঃগাঁথনি নিৰ্মাণকাৰী গোটে ডাইমাৰ ভাছা নদীবান্ধ নিৰ্মাণৰ বাবে 442 বিলিয়ন মূল্যৰ এক বৃহৎ চুক্তি স্বাক্ষৰ কৰে ৷ এই ক্ষেত্ৰত ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা অনুৰাগ শ্ৰীবাস্তবে কয় যে, এই ক্ষেত্ৰত ভাৰতৰ স্থিতি সু-সংগত আৰু স্পষ্ট ৷ জম্মু আৰু কাশ্মীৰ তথা লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ ভাৰতৰ অভিন্ন আৰু অবিভাজ্য অংগ ৷ লগতে ভাৰতে পাকিস্তানে অবৈধ দখলৰ জৰিয়তে ভাৰতীয় ক্ষেত্ৰ সমূহত চলোৱা এনে যোজনা সমূহক লৈ চীন আৰু পাকিস্তানৰ কাৰ্যৰ বিৰোধিতা তথা চিন্তা ব্যক্ত কৰি আহিছে বুলিও মন্তব্য আগবঢ়ায় ৷ বিগত সপ্তাহত গিলগিত আৰু বাল্টিস্তানত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰাৰ পাছত পাকিস্তানে নিজৰ অবৈধ আৰু বলপূৰ্বক দখলৰ পদ্ধতিৰে অঞ্চলটোত ভৌতিক পৰিবৰ্তন অনাৰ প্ৰয়াস কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে ভাৰতে ৷ এম ই এয়ে পাকিস্তানৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদক পাকিস্তানৰ আদালতৰ এক সন্দৰ্ভত বিৰোধ প্ৰদৰ্শন কৰি গিলগিত-বাল্টিস্তানৰ ক্ষেত্ৰ সমূহৰ লগতে জম্মু-কাশ্মীৰ আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চল সমূহ ভাৰতৰ অভিন্ন অংগ বুলি স্পষ্ট ৰূপত অৱগত কৰায় ৷
অলপতে এক সিদ্ধান্ত অনুসৰি পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইছলামাবাদক ক্ষেত্ৰসমূহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ 2018 ৰ প্ৰশাসনিক আদেশক সংশোধন কৰাৰ অনুমতি প্ৰদান কৰে ৷ 2018 ৰ গিলগিত-বাল্টিস্তান আদেশ প্ৰশাসনিক বিযয়ৰ ওপৰত দিয়া হৈছে, য'ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীক এই বিযয়ৰ ওপৰত একস্তৰীয় আইন প্ৰণয়ন কৰাৰ বাবেও অবগত কৰা হৈছে ৷
লগতে পঢ়ক : কোভিড-19: ভাৰতৰ ৰাজ্য সমূহৰ শেহতীয়া তথ্য