ETV Bharat / bharat

ভাৰতত 70 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্য়াই

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত বৰ্তমানলৈ মুঠ 8,68,77,242 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ আনহাতে ভাতৰৰ COVID-19 ৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 86.17 শতাংশ হৈছেগৈ ৷

দেশত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা  86.17 % লৈ বৃদ্ধি !

author img

By

Published : Oct 11, 2020, 6:30 PM IST

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ : ভাৰতত COVID-19 ত আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে 70 লক্ষাধিক ৷ অৱশ্যে বৰ্তমানলৈ দেশত এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধি পাই মুঠ আক্ৰান্তৰ সংখ্যাৰ 86.17 শতাংশ হৈছেগৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেওবাৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, প্ৰদান কৰা হৈছে এই তথ্য ৷

ভাৰতত 70 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্য়াই
ভাৰতত 70 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্য়াই

বিগত 24 ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হোৱা 74,383 গৰাকী লোকৰ সৈতে কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে মুঠ 70,53,806 গৰাকী লোকলৈ ৷ আনহাতে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 1,08,334 গৰাকীলৈ ৷ বিগত 24 ঘণ্টাত এই মহামাৰীত আক্ৰান্ত হৈ নতুনকৈ 918 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত বৰ্তমানলৈ মুঠ 8,68,77,242 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ 10 অক্টোবৰৰ দিনটোত দেশজুৰি মুঠ 10,78,544 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷

লগতে পঢ়ক: পঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.