ETV Bharat / bharat

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Aug 3, 2020, 1:47 PM IST

ভাৰতৰ COVID-19 আত্ৰান্তৰ সংখ্য়া 18 লক্ষাধিক লোকলৈ বৃদ্ধি পালে ৷ 2 আগষ্টলৈ দেশজুৰি প্ৰায় 2 কোটি লোকৰ COVID পৰীক্ষণ সমাপন কৰা হৈছে ৷

দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 3 আগষ্ট: ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 18 লক্ষাধিক ৷ বিগত 24 ঘণ্টাত দেশত 52,972 গৰাকী লোক COVID-19 আক্ৰান্ত হোৱাৰ বিপৰীতে, এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যক সাৱটি লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 771 গৰাকীলৈ ৷

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতবৰ্ষত সোমবাৰলৈ COVID-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 18,03,696 গৰাকী লোকলৈ ৷ দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা আছে 5,79,357 গৰাকী ৷ বৰ্তমনালৈ এই মহামাৰীৰ কবলৰ পৰা 11,86,203 গৰাকী লোক আৰোগ্য হৈ উঠাৰ লগতে, 38,135 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনত বৰ্তমানলৈ COVID-19 ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে 4,41,228 গৰাকী লোকলৈ ৷ তাৰ ভিতৰত 1,48,843 সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে, দেওবাৰলৈ মৃত্যুক সাৱটি লোৱা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 15,576 গৰাকীলৈ ৷

তামিলনাডুত মুঠ 56,998 গৰাকী সক্ৰিয় আক্ৰান্ত আৰু 4,132 গৰাকী লোকৰ মৃত্যুৰ সংখ্যাসহিতে মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 257613 গৰাকীলৈ ৷

আনহাতে নতুন দিল্লীত 10,356 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 4,004 গৰাকী লোকলৈ ৷ বৰ্তমানলৈ 1,23,317 গৰাকী লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে নতুন দিল্লীত ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা অনুসৰি, উত্তৰ প্ৰদেশত আগষ্টৰ 2 তাৰিখলৈ প্ৰায় 2,02,02,858 গৰাকী লোকৰ COVID পৰীক্ষা কৰোৱা হৈছে ৷ য'ত দেওবাৰে পৰীক্ষা কৰা 3,81,027 লোক সন্নিবিষ্ট আছে ৷

লগতে পঢ়ক: ৰাজ্যত 42904 লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.