ETV Bharat / bharat

COVID-19:দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত ৪২লাখ অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই । নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৫,৮০৯গৰাকী । ইণ্ডিয়ান কাউঞ্চিল অৱ ৰিছাৰ্ছৰ তথ্য অনুসৰি যোৱা ৭ছেপ্টেম্বৰলৈকে ১০,৯৮,৬২১ জনৰ পৰীক্ষা কৰোৱা হৈছে ।

COVID-19:দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19:দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
author img

By

Published : Sep 8, 2020, 2:01 PM IST

নেশ্যনেল ডেস্ক,৮ছেপ্টেম্বৰ: COVID-19 মহামাৰীয়ে ভাৰতত সৃষ্টি কৰিছে বিভীষিকাৰ । মঙলবাৰৰলৈকে কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪২,৮০,৪২২ জন। ২৪ ঘণ্টাৰ ভিতৰত নতুনকৈ ৭৫,৮০৯ গৰাকী লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মহামাৰীৰ কৱলত পৰি বৰ্তমানলৈ মৃত্যু হৈছে ৭২,৭৭৫ জনৰ ।

COVID-19:দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19:দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

আনহাতে, মঙলবাৰে পুৱা ৮ বজালৈকে আৰোগ্যৰ সংখ্যা হৈছেগৈ ৩৩,২৩,৯৫০জন । আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে ৭৭.৬৫শতাংশলৈ । ধাৰাবাহিকভাৱে বিগত ৫দিনত নিতৌ ৮০,০০০ৰো অধিক কৰ'ণা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে । দেও আৰু সোমবাৰে ৯০,০০০ ৰো অধিক লোক আক্ৰান্ত হৈছে COVID-19ত

ইয়াৰ বিপৰীতে মৃত্যুৰ হাৰ ১.৭শতাংশ । সম্প্ৰতি দেশত ৮,৮৩,৬৯৭ গৰাকী COVID-19 ত আক্ৰান্ত সক্ৰিয় ৰোগী আছে । আগষ্ট মাহৰ তথ্য পৰ্যবেক্ষণ কৰিলে দেখা পোৱা যায় যে, যোৱা ৭ আগষ্টত কৰ'ণা আক্ৰান্তৰ সংখ্যাই ২০ লাখৰ ঘৰ স্পৰ্শ কৰিছিল ৷ ২৩ আগষ্টত ৩০ লাখ আৰু ৫ ছেপ্টেম্বৰত ৪০ লাখ লোক COVID-19 মহামাৰীৰ কৱলত পৰিছে । এই পৰ্যবেক্ষণৰ পৰা নিশ্বিত হ‘ব পাৰি যে, ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে মহামাৰীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.