নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ ভাৰতবাসীলৈ সুখবৰ । সোমবাৰে ভাৰতে মহামাৰী COVID-19 ত আৰোগ্য হোৱা ব্যক্তিৰ সৰ্বাধিক সংখ্যা স্পৰ্শ কৰিছে বুলি সদৰী কৰে স্বাস্থ্য মন্ত্ৰণালয়ে । সোমবাৰে মুঠ ২২.১৭ শতাংশ ব্যক্তি ভাইৰাছৰ পৰা সম্পৰ্ণৰূপে আৰোগ্য হয় বুলি পঞ্জীয়ন কৰা হয় ।
![COVID-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6966404_709_6966404_1588003801480.png)
সোমবাৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ সংযুক্ত সচিব লাভ আগৰৱালে কয় যে, বৰ্তমান পৰ্যন্ত ৬,১৮৪ জন লোক তথা COVID-19 ত আক্ৰান্ত ২২.১৭ শতাংশ ৰোগী আৰোগ্য হৈ উঠিছে । আনহাতে, দেওবাৰৰ পৰা ১.,৩৯৬ টা নতুন ঘটনা বৃদ্ধি পাইছে । দেশত বৰ্তমান COVID-19 ত আক্ৰান্তৰ সংখ্যা ২৭,৮৯২ জনলৈ বৃদ্ধি পাইছে ৷
আনহাতে, ২৬ এপ্ৰিলত ৩৮১ জন ৰোগী আৰোগ্য হৈছে বুলি কোৱাৰ উপৰিও বৰ্তমান ২০,৮৩৫ জন সক্ৰিয় চিকিৎসাৰ তদাৰকত ৰখা হৈছে বুলি মন্তব্য কৰে লাভ আগৰৱালে ।
সোমবাৰে COVID-19 সন্দৰ্ভত সংবাদমেল আয়োজন কৰি আগৰৱালে কয় যে, "জনসাধাৰণে ভূল তথ্য আৰু সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰাৰ পৰা বিৰত থাকিব লাগে । COVID-19 বিয়পাৰ বাবে কোনো সম্প্ৰদায় বা অঞ্চল চিহ্নিত কৰাটো ভূল । স্বাস্থ্য সেৱা, স্বচ্ছতা কৰ্মচাৰী আৰু আৰক্ষী বিষয়াক আক্ৰমণ কৰিব নালাগে । কিয়নো তেওঁলোক আপোনালোকৰ সহায়ৰ বাবে আছে । আমি বুজিব লাগিব যে, এই ৰোগ আৰোগ্য ব্যক্তিৰ সংস্পৰ্শৰ পৰা নিবিয়পে ।"
আনহাতে, বিগত ১৪ দিনত ৮৫ খন জিলাৰ পৰা কোনো ধৰণৰ নতুন আক্ৰান্তৰ তথ্য লাভ কৰা নাই বুলিও উল্লেখ কৰে লাভ আগৰৱালে ।