ETV Bharat / bharat

ভাৰতে সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিলে ABHYASৰ

author img

By

Published : Sep 22, 2020, 9:49 PM IST

ABHYASক প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান (DRDO)ৰ বৈমানিক বিকাশ প্ৰতিষ্ঠানে ডিজাইন কৰি উলিয়াইছে ৷ টুইন আণ্ডাৰস্লাগ বুষ্টাৰ ব্যৱহাৰ কৰি বিমানখন চলোৱা হৈছে ৷ ইয়াৰ উপৰিও বাহনখন এটি ক্ষুদ্ৰ গেছ টাৰবাইন ইঞ্জিনৰ দ্বাৰা চালিত হয় আৰু বিমানখনৰ নিয়ন্ত্ৰণৰ বাবে এটি ফাইল কন্ট্ৰ’ল কম্পিউটাৰ সহ এটি ইন্টেৰিয়েল নেভিগেছন চিষ্টেমো ৰখা হৈছে ৷

India conducts successful flight test of ABHYAS from Odisha test range
ভাৰতে সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিলে ABHYASৰ

নেশ্যনেল ডেক্স, 22 ছেপ্তেম্বৰঃ মঙলবাৰে ওড়িশাৰ পৰীক্ষণ ৰেঞ্জৰ পৰা ভাৰতে সফলতাৰে ABHYAS-হাই স্পীড এক্সপেণ্ডেবল এৰিয়েল টাৰ্গেটৰ উৰন প্ৰক্ৰিয়া সম্পন্ন কৰে ৷ সুৰক্ষা সূত্ৰই জানিবলৈ দিয়া অনুসৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ এই পৰীক্ষণক কেইবাটাও ৰাডাৰ আৰু ইলেট্ৰ’ অপটিক চিষ্টেমৰ দ্বাৰা নিৰীক্ষণ কৰা হয় ৷ দুখন প্ৰদৰ্শনকাৰী বাহনৰ ওপৰত সফলতাৰে পৰীক্ষণ কৰাৰ কথাও ব্যক্ত কৰে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানে (DRDO) ৷

উক্ত বাহনখন বিভিন্ন ক্ষেপনাস্ত্ৰৰ মূল্যায়নৰ লক্ষ্যৰে ব্যৱহাৰ কৰিব পৰা যাব বুলি প্ৰতিৰক্ষা বিবৃতিত প্ৰকাশ পায় ৷ ABHYASক প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান(DRDO)ৰ বৈমানিক বিকাশ প্ৰতিষ্ঠানে ডিজাইন কৰি উলিয়াইছে ৷ টুইন আণ্ডাৰস্লাগ বুষ্টাৰ ব্যৱহাৰ কৰি বিমানখন চলোৱা হৈছে ৷ ইয়াৰ উপৰিও বাহনখন এটি ক্ষুদ্ৰ গেছ টাৰবাইন ইঞ্জিনৰ দ্বাৰা চালিত হয় আৰু বাহনখনৰ নিয়ন্ত্ৰণৰ বাবে এটি ফাইল কন্ট্ৰ’ল কম্পিউটাৰ সহ এটি ইন্টেৰিয়েল নেভিগেছন চিষ্টেমো ৰখা হৈছে ৷

এই বাহনখনক সম্পূৰ্ণ স্বপৰিচালিত বিমানসমূহৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ আনহাতে, বাহনখনৰ চেক আউট লেপটপ সংযোগী গ্ৰাউণ্ড কন্ট্ৰ’ল ষ্টেচনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় ৷ পৰীক্ষণৰ সময়ত ব্যৱহাৰকাৰীৰ 5 কিলোমিটাৰ উৰনৰ উচ্চতা, বাহনৰ গতি 0.5 mach, 30 মিনিটৰ সহনশীলতা তথা পৰীক্ষণ বাহনৰ 2g টাৰ্ন ক্ষমতা সফলতাৰে অৰ্জন কৰা হয় বুলি বিবৃতিখনত প্ৰকাশ পায় ৷

লগতে পঢ়ক-চামগুৰি পাৱাৰ গ্ৰীড ষ্টেছন পৰদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.