ETV Bharat / bharat

দেশজুৰি পালন গান্ধীজীৰ 150 তম জন্ম-জয়ন্তী

author img

By

Published : Oct 2, 2019, 6:24 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটত এই কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে দেশৰ শীৰ্ষ নেতা সমূহক নিজ নিজ ৰাজ্যৰ কাৰ্যালয়ত 2 অক্টোবৰত উপস্থিত থাকি কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাছিল ৷ তাৰোপৰি মোডীয়ে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাচত ছাৱাৰমতী আশ্ৰমত উপস্থিত হৈ স্বচ্ছ ভাৰত অভিযানত অংশ গ্ৰহণ কৰে ৷

দেশজুৰি পালন গান্ধীজীৰ 150 তম জন্ম-জয়ন্তী

নতুন দিল্লী: আজি গোটেই ভাৰতবৰ্ষজুৰি ভাৰতবাসীয়ে পালন কৰিলে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম-জয়ন্তী ৷

ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা ইতিমধ্যে গান্ধী সংকল্প যাত্ৰাৰ সময় আৰু তিনিমাহলৈ বঢ়াই দিয়া হৈছে বুলি উল্লেখ কৰে ৷ বিজেপিৰ নেতা সকললৈ পঠোৱা এক নিৰ্দেশনা অনুসৰি গান্ধী সংকল্প যাত্ৰাৰ সময় এতিয়া বাঢ়ি গৈ তিনি মাহ হ'ব ৷ নতুন নিৰ্দেশনা অনুসৰি 2020 চনৰ 31 জানুৱাৰী তাৰিখে অন্ত পৰিব এই যাত্ৰাৰ ৷

গান্ধীৰ জন্ম-জয়ন্তী

এই সংকল্প যাত্ৰাৰ জৰিয়তে বিজেপিয়ে তেওঁৰ জন্মদিনক সন্মান জনাই গান্ধীজীৰ আদৰ্শ আৰু অহিংস নীতি, স্বৰাজ আৰু সৰলতাক প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে ৷ যাৰ বাবে সংকল্পৰ এক অংশ ৰূপে প্ৰত্যেক ৰাজ্যৰ বিজেপিৰ মুখ্য কাৰ্যালয় সমূহত বেনাৰ পোষ্টাৰ বিতৰণ কৰিবলৈ দিয়ে ৷

তাৰোপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটত এই কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে দেশৰ শীৰ্ষ নেতা সমূহক নিজ নিজ ৰাজ্যৰ কাৰ্যালয়ত 2 অক্টোবৰত উপস্থিত থাকি কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাছিল ৷ তাৰোপৰি মোডীয়ে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাচত ছাৱাৰমতী আশ্ৰমত উপস্থিত হৈ স্বচ্ছ ভাৰত অভিযানত অংশ গ্ৰহণ কৰে ৷

গান্ধী জয়ন্তী উপলক্ষে জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিঙ শ্বেখাৱতে কয়, শীঘ্ৰে ভাৰতক অনাময় ব্যৱস্থা মুক্ত বুলি ঘোষণা কৰা হ'ব ৷

2 অক্টোবৰ মঙলবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে কয়, "দেশবাসীয়ে মহামানৱ মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰত অভিযানৰ আন্দোলনক আঁকোৱালি লৈ স্বচ্ছতাৰ দিশে এখোজ আগবঢ়াই গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আমাৰ দেশৰ বিকাশ, পাৰদৰ্শিতা আৰু দৰিদ্ৰ লোকৰ স্বাস্থ্য সম্বন্ধীয় সকলো দিশত গুৰুত্ব প্ৰদান কৰা হৈছে ৷ তাৰোপৰি কৃষক আৰু জল সংৰক্ষণ সন্দৰ্ভটো গুৰুত্ব প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতিয়ে ৷

বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে গান্ধী জয়ন্তী উপলক্ষে নতুন দিল্লীত 'গান্ধী সংকল্প যাত্ৰা'ৰ শুভাৰম্ভ কৰে ৷ তাৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছে মহাত্মা গান্ধীৰ 150 সংখ্যক জন্ম জয়ন্তী উপলক্ষে নতুন দিল্লীত পদযাত্ৰা বাহিৰ কৰে ৷ পদযাত্ৰাত অংশ গ্ৰহণ কৰে ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতা সকলে ৷

দিল্লীস্থিত প্ৰদেশ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা পদযাত্ৰাত অন্ত পৰে ৰাজঘাটৰ গান্ধীৰ স্মাৰকত ৷ তাৰ পাচতে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীসহ উপস্থিত নেতা সকলে " গান্ধী, গান্ধীবাদ আৰু গান্ধীৰ ভাৰত মুক্তি দিশে" শপতবাক্য পাঠ কৰে ৷

ইয়াৰ উপৰিও গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ AIM, NITI AAYOG, Atal Tinkering Labs and UNICEF India ই " The Gandhian Challenge" মুকলি কৰে ৷ ভাৰতৰ প্ৰতিজন শিশুয়ে যাতে গান্ধীৰ সিদ্ধান্ত সমূহ সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ৷

"The Gandhian Challenge" ত বিজয়ীসকলক শিশু দিৱসৰ দিনা নতুন দিল্লীত এন আই টি আইৰ Atal Tinkering Labs আৰু UNICEF India ৰ তৰফৰ পৰা সন্মানিত কৰা হ'ব ৷

দেশৰ ভিন্ন প্ৰান্তত 150 সংখ্যক গান্ধী জয়ন্তী উপলক্ষে ফটো প্ৰদৰ্শনীও অনুষ্ঠিত কৰে ৷

আনহাতে, বিমান সেৱা প্ৰতিষ্ঠান 'ভিষ্টাৰাই' গান্ধী জয়ন্তী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷ প্ৰতিষ্ঠানটোৱে BE THE CHANGE @ 30,000 FEET শীৰ্ষক এটি আকৰ্ষণীয় অনুষ্ঠানেৰে গ্ৰাহকসকলক আকৰ্ষণ কৰে ৷

Intro:Body:

https://www.aninews.in/news/national/general-news/india-celebrates-150th-birth-anniversary-of-mahatma-gandhi-today20191002062841/

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.