ETV Bharat / bharat

প্ৰতিৰক্ষা উদ্যোগৰ বিশ্বমানদণ্ডৰ ঘাটি হ'ব ভাৰত : ৰাজনাথ সিং

author img

By

Published : Oct 8, 2020, 9:11 AM IST

ভাৰত হৈছে এছিয়াৰ এখন অন্যতম প্ৰতিৰক্ষা উদ্যোগিক চালিকা-তন্ত্ৰ আৰু আমি ইয়াক অধিক শক্তিশালী কৰিবলৈ গৈ আছো ৷ 2021ৰ 7-13 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া 13সংখ্যক এৰ' ইণ্ডিয়া শ্ব'ৰ এৰ' ইণ্ডিয়া কনফাৰেন্সত এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

প্ৰতিৰক্ষা উদ্যোগৰ বিশ্বমানদণ্ডৰ ঘাটি হ'ব ভাৰত : ৰাজনাথ সিং
প্ৰতিৰক্ষা উদ্যোগৰ বিশ্বমানদণ্ডৰ ঘাটি হ'ব ভাৰত : ৰাজনাথ সিং

নিউজ ডেস্ক, 8 অক্টোবৰ : প্ৰতিৰক্ষা আৰু এৰ'স্পেছ উদ্যোগত ভাৰতে নিজকে উপযুক্ত হিচাপে প্ৰমাণ কৰিবলৈ যথেষ্ট থল আছে ৷ মেৰামতি, অস্ত্ৰ-শস্ত্ৰৰ নিৰীক্ষণ, অস্ত্ৰচালিত সৰঞ্জামৰ যতন আৰু মেৰামতিৰ ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰত এক উৰ্বৰ সম্ভাৱনা বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ভাৰতে আঞ্চলিক পৰ্যায়ত বিতৰণ আৰু সেৱাৰ ক্ষেত্ৰখনতো কেন্দ্ৰবিন্দু হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে সিঙে ৷

2021ৰ এৰ' ইণ্ডিয়া শ্ব'ৰ প্ৰতিনিধিৰ ঘুৰণীয়া মেজমেল সম্বোধন কৰি এইকথা উল্লেখ কৰে ৰাজনাথ সিঙে ৷ আৰম্ভনিৰে পৰাই এৰ' ইণ্ডিয়াই নিজৰ স্বকীয়তা প্ৰদৰ্শণ কৰি বিশ্বৰ এক অন্যতম আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত পৰিনত হৈছে আৰু ভাৰতীয় প্ৰতিৰক্ষা তথা এৰ'স্পেচ খণ্ডটোক সফলতাৰে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে ৷ ভাৰত হৈছে এছিয়াৰ এখন অন্যতম প্ৰতিৰক্ষা উদ্যোগিক চালিক-তন্ত্ৰ আৰু আমি ইয়াক অধিক শক্তিশালী কৰিবলৈ গৈ আছো বুলি উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ সিঙে লগতে কয় যে, দেশৰ প্ৰতিৰক্ষা খণ্ডৰ উন্নয়ন তথা নিৰ্মাণত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা-ব্যক্তিগত খণ্ডৰ উমৈহতীয়া প্ৰচেষ্টাই যথেষ্ট সফলতাৰে কাম কৰিছে ৷

এৰ' ইণ্ডিয়া শ্ব'ৰ 13 সংখ্যক সংস্কৰণ অহা বৰ্ষৰ 7ৰ পৰা 13 ফেব্ৰুৱাৰীলৈ বেংগালুৰুত অনুষ্ঠিত হ'ব ৷

এৰ' ইণ্ডিয়াই ব্যৱসায়ৰ বাবে এক আদৰ্শগত প্লেটফৰ্ম প্ৰদান কৰাৰ লগতে সিদ্ধান্ত গ্ৰহণকাৰী আৰু নীতি প্ৰস্তুতকৰ্তাসকলক প্ৰতিৰক্ষা আৰু এৰ'স্পেচ সন্দৰ্ভত বিশ্বস্তৰীয় মানত তেওঁলোকৰ উমৈহতীয়া চিন্তাবোৰ প্ৰকাশ কৰি ভাৰতক এখন প্ৰতিৰক্ষা উৎপাদনকাৰী দেশ হিচাপে গঢ় দিয়াত সহায় কৰিছে ৷ এৰ' ইণ্ডিয়াই সামৰিক উদ্যোগিক এন্টাৰপ্ৰাইজ গঢ়ি তুলি প্ৰযুক্তিগতভাৱে ভাৰতক এখন সৰ্ববৃহৎ সামৰিক শক্তি হিচাপে উত্থান হোৱাৰ লগতে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰটো আগবঢ়াই নিয়াত সহায় কৰিছে ৷ ভাৰতীয় সামৰিক নিৰ্মাণকাৰী প্ৰতিষ্ঠানবোৰক মেক ইন ইণ্ডিয়া আৰু মেড ইন ইণ্ডিয়াৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে একেলগে এখন ক্ষেত্ৰ প্ৰদান কৰি বিশ্বস্তৰীয় পৰ্যায়ত প্ৰতিৰক্ষা নিৰ্মাণকাৰী দেশ হিচাপে তৈয়াৰ কৰা হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

শেহতীয়াকৈ ভাৰতে অন্তৰ্ভূক্ত কৰা প্ৰতিৰক্ষা অধিগ্ৰহণ নীতি 2020ৰ অধীনত গ্লোবেল ক্ৰয়, ভাৰতত নিৰ্মাণ দিশটোক আগস্থান দিয়া হৈছে ৷ অৰ্থাৎ প্ৰতিৰক্ষা উৎপাদন খণ্ডত ভাৰতে বিশ্বৰ পৰা প্ৰযুক্তি আৰু সামগ্ৰী ক্ৰয় কৰিব কিন্তু ইয়াক ভাৰততে ভাৰতীয় উদ্যোগৰ সহায়ত নিৰ্মাণ কৰিব লাগিব ৷ এইক্ষেত্ৰত ভাৰতে দেশতে বিশ্বমানৰ প্ৰযুক্তিৰে সামৰিক আন্তঃগাঁথনিৰ লগতে সামৰিক সামগ্ৰী প্ৰস্তুত কৰি তুলিব ৷ এইক্ষেত্ৰত অধিক আগবাঢ়ি গৈ প্ৰতিৰক্ষা বিভাগে শেহতীয়াকৈ গ্ৰহণ কৰিছে প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানি পদোন্নতি নীতি, 2020 ৷

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে, কোভিড-19 মহামাৰীৰ মাজতো নিৰাপত্তাজনিত তথা স্বাস্থ্যগত সকলো দিশৰ প্ৰতি কঠোৰ লক্ষ্য ৰাখি এৰ' ইণ্ডিয়া শ্ব'ত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিষ্ঠানসমূহৰ লগতে ব্যক্তিসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ভাৰতত নিৰ্মিত কাৰ্বাইনৰ চাহিদা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.