নিউজ ডেস্ক, 7 এপ্ৰিলঃ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথৰ ব্যক্তিগত সচিব প্ৰবীণ কক্কৰৰ বিজয় নগৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান ৷ 7 এপ্ৰিল দেওবাৰে পুৱা 3 বজাত অভিযান চলাই আয়কৰ বিভাগে ৷ দিল্লীৰ এটি বিশেষ আয়কৰ বিভাগে ইন্দোৰত চলোৱা অভিযানত বৰ্তমান পৰ্যন্ত 9 কোটি জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, 300 ৰো অধিক আয়কৰ বিভাগৰ বিষয়াই 50 টা ভিন্ন ঠাইত অভিযান চলাই ৷
আনহাতে, অভিযানৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিআৰপিএফৰ জোৱানক লগত লৈ অভিযান চলাই আয়কৰ বিভাগে ৷