ETV Bharat / bharat

নিহত সন্ত্ৰাসবাদীৰ শৱদেহ সৎকাৰৰ বাবে নিদিলে পৰিয়ালক - কৰ'ণা ভাইৰাছৰ সংক্ৰমণ

সুৰক্ষাবলৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় স্থানীয় কোনো অজ্ঞাত সন্ত্ৰাসবাদী গোটৰ দুজন সদস্য । মৃতদেহ দুটা অন্তিম সৎকাৰৰ বাবে গতাই নিদিলে পৰিয়ালৰ হাতত । কাশ্মীৰৰ ইতিহাসত ত্ৰিশ বছৰৰ ভিতৰত এইয়া প্ৰথম ঘটনা ।

নিহত সন্ত্ৰাসবাদীৰ শ' সৎকাৰৰ বাবে নিদিলে পৰিয়ালক

author img

By

Published : Apr 18, 2020, 10:16 AM IST

শ্ৰীনগৰ, 18 এপ্ৰিলঃ কাশ্মীৰত 30 বছৰীয়া সন্ত্ৰাসবাদৰ ইতিহাসত প্ৰথমবাৰলৈ সংঘৰ্ষত নিহত স্থানীয় সন্ত্ৰাসবাদীৰ শৰীৰ অন্তিম সৎকাৰৰ বাবেও পৰিয়ালৰ হাতত অৰ্পণ কৰা নহ'ল ।

শুকুৰবাৰে সুৰক্ষা বাহিনীৰ সৈতে হোৱা গুলিয়াগুলীত নিহত হৈছিল দুজন সন্ত্ৰাসবাদী সদস্য । নিহত সন্ত্ৰাসবাদী দুজন কোন গোটৰ সদস্য জানিব পৰা হোৱা নাই । দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাত সংঘটিত হৈছিল এই সংঘৰ্ষ । আনহাতে মৃতদেহ দুটা কাশ্মীৰৰ বাৰামুলা জিলাত কবৰ দিয়া হয় । আৰক্ষীয়ে মত প্ৰকাশ কৰা অনুসৰী কাশ্মীৰত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালৰ লোকৰ সুৰক্ষাৰ বাবে মৃতদেহ দুটা অন্তিম সৎকাৰৰ বাবে দিয়া নহ'ল ।পৰিয়ালৰ লোকক সৎকাৰৰ বাবে মৃতদেহ দিলে জানাজাৰ সময়ত অসংখ্য লোক সমবেত হ'ব। যাৰ ফলত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ অধিক সুযোগ থাকিব । আৰক্ষীয়ে লগতে এইদৰে কয় ।

উল্লেখ্য যে, 8 এপ্ৰিলত 23 বছৰীয়া চাজাদ নবাব দাৰ নামৰ এগৰাকী স্থানীয় সন্ত্ৰসবাদী সংঘৰ্ষত নিহত হৈছিল। তাৰ পাছত জানাজাৰ সময়ত বহু লোকৰ সমাগম হৈছিল আৰু প্ৰ'-আজাদী শ্লগান দিছিল । মহিলাকে ধৰি 100 ৰো অধিক লোকৰ সমাৱেশ হোৱা জানাজাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল । য'ত স্পষ্ট ৰূপত দেখা গৈছিল যে,কোনেও সামাজিক দুৰত্ব মানি চলা নাছিল আৰু বহুতেই মাস্ক পিন্ধা নাছিল ।

জম্মু-কাশ্মীৰত এতিয়ালৈ 241 COVID-19 আক্ৰান্ত পোৱা গৈছে ।

লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত পাক সেনাৰ মৰ্টাৰ চেল নিষ্ক্ৰিয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.