5 বছৰত 86,000 গৰাকীক বিদেশী ঘোষণা কৰা হৈছে অসমত - তৃণমুল কংগ্ৰেছৰ সাংসদ সৌগাতা ৰয়
লোকসভাত অসমৰ বিদেশী সমস্যাক লৈ উত্থাপন হোৱা প্ৰসংগত বিগত 5 বছৰত অসমত 86,000গৰাকী লোকক বিদেশী ঘোষণা কৰাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় চৰকাৰে ৷
নিউজ ডেস্ক, 22 ছেপ্টেম্বৰ : লোকসভাৰ অধিৱেশনত পুনৰ উত্থাপন অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ প্ৰসংগ ৷ সোমবাৰে লোকসভাৰ চলিত অধিৱেশনত অসমৰ বিদেশী সমস্যাক লৈ সৰৱ হৈ পৰে তৃণমুল কংগ্ৰেছ ৷ দলটোৰ সাংসদ সৌগাতা ৰয়ে অসমৰ বিদেশী সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰক চাৰিটা লিখিত প্ৰশ্ন উত্থাপন কৰে ৷
লগতে পঢ়ক : অসমত ৰোধ হৈছে গঁড়ৰ চোৰাং চিকাৰঃ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য
সৌগাতা ৰয়ে অসমতে একমাত্ৰ বিদেশী ন্যায়াধীকৰণসমূহ কাৰ্যক্ষম হৈ আছে আৰু সেইসমূহ কেন্দ্ৰত থকা ডি-ভোটাৰ আৰু বিদেশী নাগৰিকৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৷
লগতে পঢ়ক : কৃষি বিধেয়ক সন্দৰ্ভত ইটিভি ভাৰতক কি ক’লে সাংসদ ৰিপুন বৰাই
ৰয়ৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰয়ে কয় যে, "অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা তথ্য অনুসৰি, অসমত এতিয়ালৈকে 83,008টা ডি-ভোটাৰৰ গোচৰ বিচাৰাধীন হৈ আছে ৷ আনহাতে 2015ৰ পৰা 2020ৰ 30 জুনলৈ অসমত সৰ্বমুঠ 86,756 গৰাকী লোকক বিদেশী ঘোষণা কৰা হৈছে ৷"
লগতে পঢ়ক : কোন হ'ব অসম জাতীয় পৰিষদৰ সভাপতি
আনহাতে আন এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডীয়ে জনায় যে, আন্তৰাজ্যিক পাৰপত্ৰ বাতিল কৰা সন্দৰ্ভত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশ্বন, 1873ৰ অধীনত আন্তৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰা হৈছিল ৷ সদ্যহাতে অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডৰ কিছু অঞ্চলৰ বাবে আন্তৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কাৰ্যকৰী হৈ আছে ৷
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাই মিছা কথাও ভালকৈ ক'ব নোৱাৰেঃ উপমন্যু হাজৰিকা