ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

মধ্যপ্ৰদেশত আজি 35 সংখ্যক ৰাষ্ট্ৰীয় ঘাইপথ আঁচনিৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰিব গাডকাৰীয়ে ৷ খাদ্য সংকট সম্পৰ্কীয় এক বৈঠকত মিলিত হ'ব NHRC ৰ ক'ৰ গ্ৰুপ ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ দ্বাৰা ৱান্টেড অপৰাধীৰ এনকাউন্টাৰ সম্পৰ্কত তদন্তৰ দাবী কৰা এক আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ আজিৰ পৰা ছত্তীশগড়ৰ বিধানসভাৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ ৷ আজিৰ পৰা আৰম্ভ 35 সংখ্যক ৰাষ্ট্ৰীয় চকুদান পষেক, 2020 ৷

author img

By

Published : Aug 25, 2020, 8:13 AM IST

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

1. মধ্যপ্ৰদেশত আজি 35 সংখ্যক ৰাষ্ট্ৰীয় ঘাইপথ আঁচনিৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰিব গাডকাৰীয়ে

কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে মধ্যপ্ৰদেশত আজি প্ৰায় 9,400 কোটি টকাৰ 35 সংখ্যক ৰাষ্ট্ৰীয় ঘাইপথ আঁচনিৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰিব ৷ এই আঁচনিত আছে 1,139 কিল'মিটাৰ দৈঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ এই তথ্য প্ৰদান কৰিছে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে ৷

কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰী

2. খাদ্য সংকট সম্পৰ্কীয় এক বৈঠকত মিলিত হ'ব NHRC ৰ ক'ৰ গ্ৰুপ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে (NHRC) আজি খাদ্যৰ অধিকাৰ আৰু পুষ্টি সম্পৰ্কীয় এক ক'ৰ গ্ৰুপ বৈঠকত মিলিত হ'ব ৷ কৰ'ণা ভাইৰাছৰ ফলত সৃষ্টি হোৱা খাদ্য সংকট সম্পৰ্কীয় বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰিব দলটোৱে ৷

খাদ্য সংকট সম্পৰ্কীয় এক বৈঠকত মিলিত হ'ব NHRC ৰ ক'ৰ গ্ৰুপ

3. উত্তৰ প্ৰদেশ আৰক্ষীৰ দ্বাৰা ৱান্টেড অপৰাধীৰ এনকাউন্টাৰ সম্পৰ্কত তদন্তৰ দাবী কৰা এক আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

উত্তৰ প্ৰদেশৰ লক্ষ্নৌত ৰাকেশ পাণ্ডে নামৰ এজন ৱান্টেড অপৰাধীৰ এনকাউন্টাৰ সম্পৰ্কত তদন্তৰ দাবী কৰা এক আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে৷ 9 আগষ্টত এই এনকাউন্টাৰ সংঘটিত হৈছিল ৷

উচ্চতম ন্যায়ালয়

4. আজিৰ পৰা ছত্তীশগড়ৰ বিধানসভাৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ

ব্যাপকভাৱে ছত্তীশগড়ত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও আজি পুৱা 11 বজাৰ পৰা আৰম্ভ হ'ব ছত্তীশগড় বিধানসভা অধিবেশনৰ বৰ্ষাকালীন অধিবেশন ৷ অধিবেশনত ক'ভিড-19 ৰ প্ৰয়োজনীয় সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ 25, 26, 27 আৰু 28 আগষ্টত আয়োজন কৰা এই অধিবেশনত প্ৰশ্নকাল আৰু বিত্তীয় তথা অন্য চৰকাৰী কাৰ্যসমূহ সম্পন্ন কৰা হ'ব ৷

ছত্তীশগড়ৰ বিধানসভাৰ বৰ্ষাকালীন অধিবেশন

5. আজিৰ পৰা আৰম্ভ 35 সংখ্যক ৰাষ্ট্ৰীয় চকুদান পষেক, 2020

চকুদান আৰু মৃত্যুৰ পূৰ্বে সকলোকে চকুদান কৰিবলৈ উদ্বুদ্ধ কৰিবৰ বাবে 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ আয়োজন কৰা হ'ব 35 সংখ্যক ৰাষ্ট্ৰীয় চকুদান পষেক, 2020 ৷

35 সংখ্যক ৰাষ্ট্ৰীয় চকুদান পষেক, 2020

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.