ETV Bharat / bharat

শ্ৰমিকক ওভোটাই নিব লাগিলে চৰকাৰৰ অনুমতি ল'ব লাগিবঃ উত্তৰ প্ৰদেশ চৰকাৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে, তেওঁৰ চৰকাৰে শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাক নিশ্চিত কৰাৰ বাবে কঠোৰ চৰ্ত গ্ৰহণ কৰিছে । কোনো বহিঃৰাজ্যই যদি উত্তৰ প্ৰদেশৰ পৰা শ্ৰমিক নিবলৈ বিচাৰে তেন্তে, সেই ৰাজ্যৰ চৰকাৰে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব ।

আদিত্যনাথ
আদিত্যনাথ
author img

By

Published : May 25, 2020, 12:25 PM IST

নিউজ ডেস্ক, 25 মে': কোনো ৰাজ্যই যদি শ্ৰমিকসকলক উত্তৰ প্ৰদেশৰ পৰা পুনৰ উভতাই নিবলৈ বিচাৰে তেন্তে ৰাজ্যখনে শ্ৰমিকসকলৰ সামাজিক-আইনী আৰু আৰ্থিক নিৰাপত্তাৰ অধিকাৰ নিশ্চিত কৰিব লাগিব ।

আন বহু ৰাজ্যই শ্ৰমিকসকলক লকডাউনৰ সময়ত ভাল ব্যৱহাৰ নকৰাৰ ক্ষেত্ৰত তেওঁ নিৰাশ হৈছে আৰু তেওঁ কয় যে, "এই শ্ৰমিকসকল আমাৰ ডাঙৰ সম্পদ আৰু আমি তেওঁলোকক উত্তৰ প্ৰদেশতে নিয়োজন কৰা বাবে শ্ৰমিক আয়োগ গঠন কৰিব গৈ আছো ।"

"তেওঁলোক আমাৰ মানুহ... আৰু কোনোৱে যদি তেওঁলোকক পুনৰ উভতাই নিব বিছাৰে তেন্তে ৰাজ্য চৰকাৰৰ পৰা অনুমতি লব লাগিব ।"- যোগী আদিত্যনাথে RSS ৰ প্ৰকাশন "পাঞ্চজন্য" আৰু "অৰ্গেনাইজাৰ"ৰ সৈতে হোৱা বাৰ্তালাপত এইদৰে কয় ।

শ্ৰমিকসকলে নিজৰ দক্ষতা পঞ্জীয়ণ কৰাব লাগিব আৰু সেই মতে কোনো ৰাজ্যক তেনে শ্ৰমিকৰ প্ৰয়োজন হলে সামাজিক-আইনী আৰু আৰ্থিক নিৰাপত্তা প্ৰদান কৰিহে নিব পাৰিব । আয়োগ গঠনৰ বাবে ইতিমধ্যে প্ৰস্তাৱ আগবঢ়োৱা হৈছে । ইয়াত শ্ৰমিকসকলৰ ভিন্ন দিশ চোৱা হ'ব আৰু সামাজিক-আইনী আৰু আৰ্থিক নিৰাপত্তা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব ।

প্ৰায় 23 লাখ শ্ৰমিক আন ৰাজ্যৰ পৰা লকডাউনৰ সময়ত নিজ ৰাজ্যলৈ উভতি আহিছে । অৱশ্যে বৰ্তমানলৈ সকলো শ্ৰমিকক বহন কৰিব পাৰিছে বুলি জনাইছে আদিত্যনাথে । ইফালে কৰ'ণা ভাইৰাছ সংকটৰ কালচোৱাত নৰেন্দ্ৰ মোডীয়ে নিয়ন্ত্ৰণ কৰিব সক্ষম হৈছে বুলি তেওঁ মোডীক প্ৰশংসা কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.