ETV Bharat / bharat

কৰ'ণা ভাইৰাছে ভাৰতত ৰূপ সলাইছে নেকি : ICMR ৰ অধ্যয়ন

author img

By

Published : May 2, 2020, 9:46 PM IST

ভাৰতত কৰ'ণা ভাইৰাছৰ সংক্ৰমণে ৰূপ সলাইছে নেকি সেই সম্পৰ্কত অধ্য়য়ন কৰিব ICMR এ ৷ লকডাউনৰ পাচত এই অধ্যয়ন কৰিব পৰা যাব বুলি মন্তব্য ICMR ৰ ৷

কৰ'ণা ভাইৰাছ
ICMR ৰ অধ্যয়ন

নেশ্যনেল ডেস্ক, 2 মে' : নৱেল কৰ'ণা ভাইৰাছ সম্পৰ্কত অধ্য়য়নৰ বাবে সাজু হৈছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) ৷ যোৱা দুটা মাহত ভাৰতত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ওপৰত লক্ষ্য ৰাখি ভাৰতত কৰ'ণা ভাইৰাছে ৰূপ সলাইছে নেকি সেই সম্পৰ্কত অধ্যয়ন কৰিব ICMR এ ৷

ICMR ৰ এজন জ্যেষ্ঠ বিজ্ঞানীৰ মতে, SARS-CoV2 য়ে ভাৰতত ৰূপ সলাইছে নেকি সেই সম্পৰ্কত অধ্যয়নৰ জৰিয়তে প্ৰতিষেধকৰ প্ৰভাৱ আৰু ব্যৱহাৰ সম্পৰ্কত নিশ্চিত হ'ব পৰা যাব ৷ অধ্যয়নৰ পৰা ভাইৰাছবিধ ভাৰতত অধিক বিষাক্ত হৈ পৰাৰ লগতে সংক্ৰমণ পৃথক হৈছে নেকি সেই সম্পৰ্কত জানিব পৰা যাব বুলি মন্তব্য কৰে বিজ্ঞানী গৰাকীয়ে ৷

COVID-19 ৰোগী সকলৰ পৰা নমুনা সংগ্ৰহৰ জৰিয়তে এই অধ্যয়ন কৰিব পৰা যাব ৷ কিন্তু, ICMR য়ে জানিবলৈ দিয়া অনুসৰি, এই অধ্যয়ন লকডাউন অন্ত পৰাৰ পাচতেহে আৰম্ভ কৰিব পৰা যাব ৷ লকডাউনৰ ফলত পৰিবহণ ব্যৱস্থা বন্ধ হৈ পৰাৰ ফলত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা নমুনাসমূহ সংগ্ৰহ কৰিব পৰা নাযাব ৷

উল্লেখ্য যে, শনিবাৰ পৰ্যন্ত দেশত COVID-19 আক্ৰান্তৰ সংখ্যা 37,336 লৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা 1,218 জনলৈ বৃদ্ধি পাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.