ETV Bharat / bharat

কুলভূষণ যাদৱ সন্দৰ্ভত কি ক'লে সৰৱজিতৰ ভগ্নীয়ে? - ETV BHARAT ASSAM

দলবীৰে মন্তব্য কৰে যে ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতৰ সন্মুখত নিজৰ পক্ষ শক্তিশালীভাৱে ৰাখিছে ৷ সেয়েহে কুলভূষণে ন্যায় পাব বুলি দাবী কৰে দলবীৰ কৌৰে ৷

সৰৱজীত সিঙৰ ভগ্নী
author img

By

Published : Jul 17, 2019, 7:20 PM IST

নিউজ ডেস্ক, 17 জুলাই : কূলভূষণ যাদৱৰ ৰায়দান সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সৰৱজিত সিঙৰ জ্যেষ্ঠ ভগ্নী দলবীৰ কৌৰে ৷ কৌৰৰ মতে আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতে ভাৰতৰ পক্ষে ৰায় প্ৰদান কৰিব ৷

উল্লেখ্য যে ভাৰতীয় নাগৰিক সৰৱজিত সিঙক সন্ত্ৰাসবাদৰ গোচৰত পাকিস্তানৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল আৰু 2013 চনত পাকিস্তানৰ কাৰাগাৰতে অন্য কয়দীৰ আক্ৰমণত মৃত্যুক সাৱটি লৈছিল তেওঁ ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত দলবীৰে মন্তব্য কৰে যে ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতৰ সন্মুখত নিজৰ পক্ষ শক্তিশালীভাৱে ৰাখিছে ৷ সেয়েহে কুলভূষণে ন্যায় পাব বুলি দাবী কৰে দলবীৰ কৌৰে ৷ কিন্তু এইক্ষেত্ৰত তেওঁ পাকিস্তানৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰে ৷ তেওঁ কয় যে পাকিস্তানে নিজৰ কথাত কেতিয়াও অটল হৈ নাথাকে সেয়েহে আদালতে সঠিক ৰায় প্ৰদান কৰিলেও পাকিস্তানে আউল লগোৱাৰ সম্ভাৱনা ব্যক্ত কৰে কৌৰে ৷

উল্লেখ্য যে, কুলভূষণ যাদৱ হৈছে 49 বৰ্ষীয় এজন ভাৰতীয় নৌ - সেনা বিষয়া ৷ পাকিস্তানৰ এক সামৰিক আদালতে যাদৱক 2017 চনৰ 11 এপ্ৰিলত মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ পাছত ভাৰতে ইয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতত আবেদন জনাইছিল ৷

ICJ VERDICT WILL BE IN INDIA'S FAVOUR, BUT DOUBTFUL OF PAK : DALBIR KAUR

কুলভূষন যাদৱৰ ন্যায় সম্পৰ্কত সৰৱজীত সিঙৰ ভগ্নীৰ মন্তব্য
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.