ETV Bharat / bharat

মমতা বেনাৰ্জীক ক্ষমা খুজিব জিতেন্দ্ৰ তিৱাৰীয়ে ! - আসানসোল

মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা আসানচল পৌৰ নিগম প্ৰশাসন ব’ৰ্ডৰ প্ৰাক্তন অধ্য়ক্ষ জিতেন্দ্ৰ তিৱাৰীৰ । শেহতীয়াকৈ পদত্য়াগ কৰা জিতেন্দ্ৰ তিৱাৰীৰ ওলোটা খৰ ।

"মই তৃণমূল কংগ্ৰেছৰ লগত আছো, মমতা বেনাৰ্জীক ক্ষমা খুজিম" জিতেন্দ্ৰ তিৱাৰী

author img

By

Published : Dec 19, 2020, 3:27 PM IST

নেশ্য়নেল ডেস্ক , ১৯ ডিচেম্বৰ : সিদ্ধান্ত সলনি কৰিব নেকি তৃণমূল কংগ্ৰেছৰ অধ্য়ক্ষ পদৰ পৰা শুকুৰবাৰে অব্য়াহতি লোৱা জিতেন্দ্ৰ তিৱাৰীয়ে । মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীৰ ওচৰত ক্ষমা বিচাৰিবলৈ সাজু হোৱাৰ লগতে টিএমচিৰ সৈতে থাকিব বুলি কৰা মন্তব্য়ৰ পিছতে ৰাজ্য়জুৰি চৰ্চা চলিছে এই বিষয়কলৈ । পশ্চিম বংগৰ মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেতা অৰূপ বিশ্বাসৰ লগত হোৱা এক বৈঠকৰ পিছতে মমতা বেনাৰ্জীক ক্ষমা বিচাৰিব বুলি মন্তব্য় কৰে জিতেন্দ্ৰ তিৱাৰীয়ে ।

তেওঁ তৃণমূল কংগ্ৰেছৰ সৈতে থকাৰ লগতে মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীক ক্ষমা খুজিব বুলিও কয় সাংবাদিকৰ আগত । ইতিমধ্য়ে জিতেন্দ্ৰ তিৱাৰীয়ে আসানচল পৌৰ নিগম প্ৰশাসন ব’ৰ্ডৰ অধ্য়ক্ষ পদৰ পৰাও পদত্য়াগ কৰিছিল । আগন্তুক পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৃণমূল কংগ্ৰেছৰ প্ৰভাৱশালী নেতা সুবেন্দু অধিকাৰী আৰু শিলভদ্ৰ দত্তৰ পদত্য়াগৰ পিছতে এই ঘটনা পোহৰলৈ আহে ।

ইয়াৰ মাজতে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে পশ্চিমবংগত উপস্থিত হয় । ৰাজ্য়ৰ বিধানসভাৰ পৰা তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী নেতাৰ পদত্য়াগৰ সময়ছোৱাতে অমিত শ্বাহৰ আগমণ ঘটিছে পশ্চিমবংগত । মন্ত্ৰীত্ব এৰাৰ লগতে বিধানসভা আৰু বুধবাৰে তৃণমূল কংগ্ৰেছৰ পৰা পদত্য়াগ কৰা সুবেন্দু অধিকাৰীয়ে বিজেপিত যোগদান কৰিব নেকি, তাকলৈও বহু জল্পনা কল্পনা অব্য়াহত আছে ৰাজ্য়খনত ।

লগতে পঢ়ক :তামিলনাডুৰ মুখ্য়মন্ত্ৰীক "দুৰ্নীতিৰ নায়ক" আখ্য়া ডি এম কেৰ মুৰব্বী এম.কে ষ্টালিনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.