হায়দৰাবাদ, 5 নৱেম্বৰ: সোমবাৰে হায়দৰাবাদত সংঘটিত হয় এক ৰে’ল দুৰ্ঘটনা ৷ স্থানীয় এম এম টি এচ আৰু কৰ্ণোল (হাণ্ড্ৰী) এক্সপ্ৰেচৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত 12 জন লোক আহত হয় ৷ দক্ষিণ কেন্দ্ৰীয় ৰে'লৱেৰ অমনোযোগিতাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ দুৰ্ঘটনাটোৰ ফলত তিনিটা ডবাৰ এম এম টি এচ(স্থানীয় ট্ৰেইন)খনৰ ডবাৰ লগতে এক্সপ্ৰেচ ট্ৰেইনখনৰো ডবা ক্ষতিগ্ৰস্ত হয় ৷
এম এম টি এচ ৰে'লখনে সন্মুখৰ পৰা কৰ্ণোল (হাণ্ড্ৰী) এক্সপ্ৰেচক খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ হায়দৰাবাদৰ কাচিগুড়া ৰে'লৱে ষ্টেচনত সংঘটিত হয় দুৰ্ঘটনাটো ৷ আহতসকলক বৰ্তমান স্থানীয় ওছমানিয়া হাস্পাতালত ভৰ্তি কৰা হৈছে ৷