নিউজ ডেস্ক, 30 অক্টোবৰ : হিমাচল প্ৰদেশৰ পৰিবহন নিগমে ৰাজ্যখনত বৈদ্যুতিক বাছ চলাচল কৰিবৰ বাবে প্ৰস্তুতি চলাইছে ৷ ইতিমধ্যে,ৰাজ্যখনৰ মানালিৰ কুলু ডিপোৰ পৰা কিলঙলৈ বৈদ্যুতিক বাছৰ চলাচল পৰীক্ষণ সম্পন্ন কৰিছে বুলি পৰিবহন বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়ে ৷
উল্লেখ্য য়ে,পৰিবহন নিগমৰ কুলু ডিপো হৈছে ৰাজ্যৰ প্ৰথম বাছ ডিপো যি বৈদ্যুতিক বাছ পৰিচালিত কৰে ৷ চলাচল কৰিব লগা বাছ সমূহ অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে ৷ প্ৰতিখন বাছত যাত্ৰীৰ বাবে চাৰ্জিঙৰ সুবিধা ৰখা হৈছে ৷ লগতে,বাছ সমূহত যাত্ৰীক নিৰাপত্তা দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
লগতে পঢ়ক :জীয়াঢলৰ বানত সৰ্বস্বান্ত বন্যাৰ্তক লৈ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন