ETV Bharat / bharat

বেচৰকাৰী বিদ্যালয়সমূহক মাচুল হ্ৰাস কৰিবলৈ আহ্বান মানৱ সম্পদ মন্ত্ৰীৰ

author img

By

Published : Apr 18, 2020, 4:24 PM IST

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে দেশৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক বাৰ্ষিক মাচুল হ্ৰাস কৰি শিক্ষাৰ্থীসকলক ৰেহাই প্ৰদান কৰিবলৈ আহ্বান জনাইছে । মহামাৰী কোভিড-১৯ৰ সময়ত এই আহ্বান মানিবলৈ কয় মন্ত্ৰীগৰাকীয়ে ।

মাচুল হ্ৰাস কৰিবলৈ আহ্বান মানৱ সম্পদ মন্ত্ৰীৰ

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে দেশৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহলৈ বিশেষ আহ্বান জনাইছে । সেই অনুসৰি, কোভিড-১৯ মহামাৰীৰ সময়ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাৰ্ষিক মাচুল ৰেহাই দি হ্ৰাস কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ছচিয়েল মিডিয়াযোগে মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে । মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁ অভিভাৱকসকলৰ পৰা বিদ্য়ালয়সমূহে এই মহামাৰীৰ সময়ত শিক্ষাৰ্থীসকলৰ তিনিমাহৰ মাচুল একেলগে বিছাৰিছে । যিটো এই মহামাৰীৰ সময়ত অভিভাৱকসকলৰ বাবে সম্ভৱপৰ নহয় । সেয়েহে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে মাচুল ৰেহাইৰে হ্ৰাস কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

ইতিমধ্যে এই সন্দৰ্ভত কিছুসংখ্যক ৰাজ্যই ব্যৱস্থা গ্ৰহণ কৰিছে । মন্ত্ৰীগৰাকীয়ে অন্য ৰাজ্য়সমূহকো এই বিষয়ে যথাযথভাৱে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । টুইটাৰত এই মন্তব্য কৰিছে দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে । আনহাতে মন্ত্ৰীগৰাকীৰ টুইটৰ পিচতে দিল্লী চৰকাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰী কৰিছে ।

একেদৰেই উচ্চ শিক্ষাৰ ক্ষেত্ৰটো All India Council for Higher Education (AICTE) এ ইয়াৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহক লকডাউনৰ সময়ত শিক্ষাৰ্থীসকলৰ পৰা মাচুল সংগ্ৰহৰ ক্ষেত্ৰত জোৰ নিদিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ।

লগতে পঢ়কঃ ৰাজনাথ সিঙৰ বাসগৃহত COVID- 19 বিষয়ক মন্ত্ৰী গোটৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.