ETV Bharat / bharat

গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰিল লালকিল্লাৰ চৌহদ

author img

By

Published : Jan 27, 2021, 10:18 AM IST

দেশৰ কৃষক সকলে দুমাহ ধৰি প্ৰস্তাৱিত কৃষি আইনৰ বিৰোধিতাৰে শান্তি পূৰ্ণভাৱে সীমান্তত প্ৰতিবাদ কৰি অহাৰ পাচতে গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক পৰিৱেশৰ সৃষ্টি হয় লালকিল্লাৰ চৌহদত ৷ কটকটীয়া নিৰাপত্তা বেষ্টনী ফালি লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰে কৃষক সকলে ৷

গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰিল লালকিল্লাৰ চৌহদ
গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰিল লালকিল্লাৰ চৌহদ

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী: বিগত বছৰৰ শেষৰ ভাগৰ পৰা প্ৰস্তাৱিত কৃষি আইনৰ বিৰোধিতাৰে দেশৰ কৃষক সকলে দুমাহ ধৰি শান্তি পূৰ্ণভাৱে সীমান্তত প্ৰতিবাদ কৰি আহিছিল ৷ কিন্তু মঙলবাৰে গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰে লালকিল্লাৰ চৌহদ ৷ কৃষক সকলে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ পাচতে হিংসাত্মক হৈ পৰে সমগ্ৰ পৰিৱেশ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনী ফালি দিনৰ 1 বজাত লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰে কৃষক সকলে ৷ আৰক্ষী প্ৰশাসনে কৃষক সকলক বাধা প্ৰদান কৰিছিল যদিও ৰখাব নোৱাৰিলে ৷ যাৰ ফলত অধিক হিংসাত্মক হৈ পৰে পৰিৱেশ ৷

জয় জোৱান,জয় কিষান শ্ল'গান দি দেশৰ হাজাৰ হাজাৰ কৃষকে ৰাজধানীত উপস্থিত হয় ৷ আৰক্ষীৰ বাধা নেওচি বেৰিকেড ভাঙি লালকিল্লাত উপস্থিত হোৱাত আৰক্ষীয়ে লাঠী চালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে ৷ কৃষক সকলক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াবলৈ আৰক্ষীয়ে চেষ্টা কৰিছিল যদিও দুই পক্ষৰ মাজত সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰিছিল ৷ নিয়ন্ত্ৰণৰ বাহিৰত যোৱা পৰিস্থিতিক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিছিল যদিও কৃষক সকলে আৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল ৷ বহু ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিছিল প্ৰতিবাদকাৰী কৃষক সকলে ৷ পৰিস্থিতি অতি ভয়ংকৰ হোৱাত অতিৰিক্ত সেনা মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে চৰকাৰে ৷

উল্লেখ্য যে,এই হিংসাত্মক ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে দেশৰ বহু কৃষক সংগঠনৰ লগতে আন সংগঠন সমূহে ৷ এক বিবৃতিত কৃষাণ মৰ্চাই কয় যে, এই ঘটনাৰ বাবে আমি বৰ লজ্জিত ৷ হিংসাত্মক কাৰ্য আমাৰ কাম্য নহয় ৷ ইয়াৰ লগতে কৃষক সংঘইয়ো হিংসাত্মক ঘটনাৰ বিৰোধিতা কৰি কয় যে,এই ঘটনা অতি নিন্দনীয় আৰু অবাঞ্ছিত ৷

লগতে পঢ়ক: এগৰাকী পাঞ্জাৱী অভিনেতাই লালকিল্লাত কৃষক ইউনিয়নৰ পতাকা উত্তোলনৰ লাইভ ভিডিঅ’ কৰিছিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.