ETV Bharat / bharat

উত্তৰ প্ৰদেশত পিতৃ-ভাতৃৰ হাতত মৃত্যু কিশোৰীৰ - পিতৃ-ভাতৃৰ হাতত মৃত্যু কিশোৰীৰ

উত্তৰ প্ৰদেশত 16 বছৰীয়া গৰ্ভৱতী দলিত কিশোৰীক তেওঁৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰে ৷ কিশোৰী গৰাকী গৰ্ভৱতী হোৱাৰ পাচত পৰিয়ালবৰ্গই বহু অপমানৰ সন্মুখীন হোৱাৰ বাবে এনে পন্থা হাতত লয় ৷

উত্তৰ প্ৰদেশত পিতৃ-ভাতৃৰ হাতত মৃত্যু কিশোৰীৰ

author img

By

Published : Oct 7, 2020, 6:39 PM IST

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত এগৰাকী 16 বছৰীয়া গৰ্ভৱতী দলিত কিশোৰীক তেওঁৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰে ৷ লগতে তেওঁলোকৰ পৰিয়ালৰ সন্মানত আঘাত হনাৰ বাবে কিশোৰীগৰাকীৰ মৃতদেহটো বিকৃতও কৰে ৷

কিশোৰী গৰাকীৰ পিতৃয়ে সেই ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰে আৰু তেওঁক গ্ৰেপ্তাৰো কৰা হয় কিন্তু ভাতৃ গৰাকী সম্প্ৰতিও পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয় মৃতদেহটো উদ্ধাৰ কৰে আৰু জানিবলৈ দিয়ে যে, কিশোৰী গৰাকী 23 চেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ থকা স্বত্বেও তেওঁৰ পৰিয়ালবৰ্গই কোনো ধৰণৰ অভিযোগ দাখিল কৰা নাছিল ৷

প্ৰাপ্ত তথ্য অনুসৰি, কিশোৰীগৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰা হৈছে ৷ তেওঁৰ মূৰটো শৰীৰৰ পৰা বিচ্ছিন্ন কৰি দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত সেইটো নদীৰ পাৰত পুতি থোৱা হৈছিল ৷

শ্বাহজাহানপুৰৰ আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰা অনুসৰি, "পিতৃয়ে নিজ জীয়ৰীক হত্যা কৰি সমগ্ৰ ঘটনা স্বীকাৰ কৰে ৷ কিয়নো তাই গৰ্ভৱতী আছিল ৷ যাৰ বাবে সকলো লোকে তেওঁক ৰাজহুৱাভাৱে অপমান কৰা আৰম্ভ কৰিছিল ৷ হত্যাকাণ্ডটোত কিশোৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃও জড়িত আছিল আৰু দুয়োৰে বিৰুদ্ধে আমি ভাৰতীয় দণ্ডবিধি আইন 302 (হত্যা) আৰু 301 (প্ৰমাণ নষ্ট কৰা) ৰ অধীনত গোচৰ ৰুজু কৰিছো ৷"

"আমি কিশোৰীগৰাকীৰ মাতৃ আৰু অন্যান্য সম্পৰ্কীয় লোকৰ সৈতেও তদন্ত কৰাৰ চেষ্টা কৰিছিলো ৷ কিন্তু হত্যাকাণ্ডটোত তেওঁলোক জড়িত থকাৰ কোনো তথ্য বৰ্তমানলৈ পোৱা নাই" বুলিও তেওঁ উল্লেখ কৰে ৷

প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে, কিশোৰী গৰাকী তেওঁৰ এগৰাকী আত্মীয়ৰ সৈতে থাকিছিল ৷ কিশোৰী গৰাকীয়ে কেতিয়াও পৰিয়ালক তেওঁৰ সৈতে কি হৈছিল জনোৱা নাছিল ৷ পৰৱৰ্তী সময়ত তেওঁৰ শাৰীৰিক পৰিৱৰ্তন কিছুমানলৈ লক্ষ্য কৰিহে গৰ্ভৱতী বুলি জানিব পৰা গৈছিল ৷

তাই কেতিয়াও তাইৰ সেই অৱস্থাৰ আঁৰত থকা লোক জনৰ নাম ফাদিল নকৰিলে ৷ আৰক্ষীয়ে কিশোৰী গৰাকীৰ সেই অৱস্থাৰ আঁৰত থকা লোক জনৰ বিষয়ে জানিবলৈ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: 8 মহীয়া পুত্ৰৰ দেহত অগ্নি সংযোগ কৰি মাতৃৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.