ETV Bharat / bharat

অৰ্ধসামৰিক বাহিনীত সমলিংগক অন্তৰ্ভুক্তিৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

দেশৰ অভিজাত অৰ্ধসামৰিক বাহিনীৰ সহকাৰী কামাণ্ডেণ্ট পদৰ বাবে সমলিংগ লোকক নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ গৃহ মন্ত্ৰণালয়ৰ অনু সচিব এছ মুথু কুমাৰৰ দ্বাৰা 1 জুন তাৰিখে প্ৰদান কৰা পত্ৰত স্বাক্ষৰ কৰা হয় ৷

author img

By

Published : Jul 2, 2020, 10:28 PM IST

অৰ্ধসামৰিক বাহিনীত সমলিংগক অন্তৰ্ভুক্তিৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ
অৰ্ধসামৰিক বাহিনীত সমলিংগক অন্তৰ্ভুক্তিৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

নেশ্যনেল ডেস্ক, 2 জুলাই : কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সক্ৰিয়ভাৱে দেশৰ অভিজাত অসামৰিক বাহিনীৰ সহকাৰী কামাণ্ডেণ্ট পদৰ বাবে সমলিংগ লোকক নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ই টিভি ভাৰতৰ দ্বাৰা চলোৱা সমীক্ষাত 1 জুন তাৰিখে প্ৰদান কৰা পত্ৰত গৃহ মন্ত্ৰণালয়ৰ অনু সচিব এছ মুথু কুমাৰৰ দ্বাৰা স্বাক্ষৰ কৰা হয় আৰু তেওঁ লিখে যে, ''কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী পৰীক্ষা, 2020ৰ বাবে কিছুমান নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে ৷ চিআৰপিএফ, এছএছবি, চিআইএছএফ আৰু আসাম ৰাইফলছৰ কৰ্তৃপক্ষক জনোৱা হৈছে যে, তেওঁলোকে যেন সমলিংগসকলক 'তৃতীয় লিংগ' হিচাপে অন্তৰ্ভুক্ত কৰে ৷ এই বিষয়ত চূড়ান্ত দৃষ্টিভংগী ৰখা উচিত ৷''

আনহাতে, চৰকাৰী কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে, ''এই সন্দৰ্ভত সুৰক্ষা বলৰ নিজস্ব কৰ্মচাৰীৰ দ্বাৰা চিকিৎসা বিভাগৰ জৰিয়তে পৰামৰ্শ গ্ৰহণ কৰা হ’ব ৷ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী পৰীক্ষা, 2020ৰ বাবে প্ৰক্ৰিয়াসমূহ কৰ্মী সেৱা আয়োগ (SSC)ৰ দ্বাৰা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷''

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ প্ৰতিবেদন অনুসৰি, বৰ্তমান 7,859 জন এচি চিএপিএফত কৰ্মৰত হৈ আছে, চিআৰপিএফত 3,054 জন, বিএছএফত 1888 জন, আইটিবিপিত 716 জন, চিআইএছএফত 725 জন আৰু এছএছবিত 542 জন কৰ্মৰত হৈ আছে ৷

লগতে পঢ়ক : তৃতীয় লিংগৰ ব্যক্তি আৰক্ষীত কিয় অন্তভূক্ত হ'ব নোৱাৰে; উচ্চ ন্যায়লয়লৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.