বহু জল্পনা-কল্পনা আৰু বিতৰ্কৰ অন্তত সোমবাৰে সদনত উত্থাপন হয় অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত উত্থাপন কৰে এই ঐতিহাসিক প্ৰস্তাৱটো ৷ সদনত অমিত শ্বাহে অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱৰ পিচতেই সৃষ্টি হয় তুমূল বিতৰ্কৰ ৷ দুগৰাকীকৈ পিডিপি সাংসদক সংবিধান অৱমাননা কৰাৰ বাবে সংসদৰ পৰা বাহিৰ কৰি দিয়ে অধ্যক্ষই ৷ আনহাতে মেহবুবা মুফটিয়ে আজিৰ দিনটো ভাৰতীয় ইতিহাসৰ বাবে আটাইতকৈ ক'লা দিন বুলি টুইট কৰে ৷ বহু বিতৰ্কৰ মাজতো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সদনত উত্থাপন কৰে এই ঐতিহাসিক প্ৰস্তাৱটো ৷ চাওঁক এক প্ৰতিবেদন......
অনুচ্ছেদ 370ক লৈ অমিত শ্বাহৰ ঐতিহাসিক প্ৰস্তাৱটো
সদনত উত্থাপন জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ 370ৰ বাতিলৰ প্ৰস্তাৱ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ৰাজ্যসভাত উত্থাপন কৰে এই ঐতিহাসিক প্ৰস্তাৱ ৷