ETV Bharat / bharat

পুলৱামা এনকাউন্টাৰত মৃত্যু হিজবুল কমাণ্ডাৰ ৰিয়াজ নাইকুৰ

author img

By

Published : May 6, 2020, 11:44 PM IST

সুৰক্ষা বাহিনীৰ হাতত প্ৰাণ হেৰুৱালে হিজবুলৰ কমাণ্ডাৰ ৰিয়াজ নাইকুয়ে ৷ 5 মে'ৰ নিশা এক এনকাউন্টাৰত নাইকুৰ মৃত্যু হোৱা বুলি সূত্ৰত প্ৰকাশ ৷

5 মে'ৰ নিশা এনকাউন্টাৰ
পুলৱামা এনকাউন্টাৰত মৃত্যু হিজবুল কমাণ্ডাৰ ৰিয়াজ নাইকুৰ

নেশ্যনেল ডেস্ক, 6 মে' : কাশ্মীৰৰ মষ্ট ৱান্টেড উগ্ৰপন্থী আৰু হিজবুলৰ মুৰব্বী ৰিয়াজ নাইকুৰ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ বেইঘপুৰা গাঁৱত মৃত্যু হয় ৷ এই সম্পৰ্কত প্ৰশাসনে বৰ্তমানলৈকে নিশ্চিতি প্ৰদান কৰা নাই যদিও 5 মে'ৰ নিশা এক এনকাউন্টাৰত নাইকুৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে ৷

তথ্য অনুসৰি, হিজবুল মুজাহিদীনৰ কমাণ্ডাৰজনে নিজ গাঁও বেইঘপুৰাত উপস্থিত হোৱাৰ পাচতে ৰাষ্ট্ৰীয় ৰাইফলছ (RR), চিআৰপিএফ (CRPF) আৰু স্থানীয় আৰক্ষীৰ বিশেষ অপাৰেছন গ্ৰুপে (SOG) যুটীয়া অভিযান চলাই নাইকুক হত্যা কৰে ৷ এই যুটীয়া অভিযানৰ সময়ত সুৰক্ষা জোৱানসকলে গাঁওখনৰ প্ৰৱেশ আৰু প্ৰস্থানৰ সকলো বাট বন্ধ কৰি নাইকুক হত্যা কৰে বুলি তথ্য়ত প্ৰকাশ ৷

উল্লেখ্য যে, 2016 চনৰ 8 জুলাইত অনন্তনাগ জিলাৰ কোকাৰনাগত সুৰক্ষা বাহিনীৰ হাতত বুৰহান ৱানিৰ মৃত্যু হোৱাৰ পাচতে ৰিয়াজ নাইকুয়ে হিজবুলি মুজাহিদীনৰ কমাণ্ডাৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.