ETV Bharat / bharat

ৰাজস্থানত পুৰস্কাৰ ঘোষিত পলাতক অপৰাধীৰ বাসগৃহ উচ্ছেদ প্ৰশাসনৰ - আৰক্ষীৰ অভিযান

ৰাজস্থানৰ কোটাত এক লাখ টকাৰ পুৰস্কাৰ ঘোষিত পলাতক অপৰাধী আছলম শ্বেৰ খান নামৰ অপৰাধীৰ সম্পত্তিত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ইউ আই টিৰ জাননীৰ পাছতো আছলম শ্বেৰ খান ইউআইটিৰ ওচৰত উপস্থিত নোহোৱাৰ পাছতে চলোৱা হয় এই অভিযান ৷

history-sheeters-residence-being-demolished-in-rajasthan
ৰাজস্থানত পুৰস্কাৰ ঘোষিত পলাতক অপৰাধীৰ বাসগৃহ উচ্ছেদ প্ৰশাসনৰ
author img

By

Published : Jan 27, 2021, 4:25 PM IST

নিউজ ডেস্ক, 27 জানুৱাৰী : বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত মাফিয়া আৰু কুখ্যাত অপৰাধীৰ বাসগৃহ ভাঙি পেলোৱাতো এতিয়া সাধাৰণ কথা হৈ পৰিছে ৷ এই ক্ষেত্ৰত আৰক্ষীৰ অভিযানৰ লগতে চহৰ উন্নয়ন নিগমেও প্ৰশাসনক সহযোগিতা আগবঢ়়াই সেই অপৰাধী সকলৰ বাসগৃহ আৰু অবৈধ নিৰ্মাণকাৰ্য সমূহ উচ্ছেদ কৰে ৷

history-sheeters-residence-being-demolished-in-rajasthan
ৰাজস্থানত পুৰস্কাৰ ঘোষিত পলাতক অপৰাধীৰ বাসগৃহ উচ্ছেদ প্ৰশাসনৰ

এতিয়া এই কাৰ্য কংগ্ৰেছ শাসিত ৰাজ্য ৰাজস্থানতো দেখিবলৈ পোৱা গৈছে ৷ ৰাজস্থানৰ কোটাত এক লাখ টকাৰ পুৰস্কাৰ ঘোষিত পলাতক অপৰাধী আছলম শ্বেৰ খান নামৰ অপৰাধীৰ সম্পত্তিত উচ্ছেদ চলায় প্ৰশাসনে ৷ ইউ আই টিৰ জাননীৰ পাছতো আছলম ইউআইটিৰ ওচৰত উপস্থিত নোহোৱাৰ পাছতে 25 জানুৱাৰী তাৰিখে অপৰাধীজনৰ বাসগৃহ উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

25 জানুৱাৰীত পুৰস্কাৰ ঘোষিত পলাতক অপৰাধী আছলমৰ বাসগৃহ ভঙাৰ সিদ্ধান্ত ললেও পিছদিনা গণতন্ত্ৰ দিৱসৰ বাবে এই অভিযান স্থগিত ৰাখি 27 জানুৱাৰীতহে এই অভিযান চলোৱা হয় ৷ এই অভিযান চলোৱাৰ সময়ত অঞ্চলটোত যথেষ্ট সংখ্যক নিৰাপত্তাবাহিনী মোতায়ন কৰা হয় ৷ যাৰ পাছতেই জেচিবি আৰু অন্যান্য সামগ্ৰী লৈ পলাতক অপৰাধী আছলম শ্বেৰ খান উৰ্ফ চিন্টুৰ বাসগৃহ তথা অবৈধ ভাৱে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে চলায় উচ্ছেদ অভিযান ৷

লগতে পঢ়ক: পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সৌৰৱ গাংগুলীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.