ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - আজিৰ দিনটো

চাও আহক 10 আগষ্ট তাৰিখে বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়েঃ

etv bharat
author img

By

Published : Aug 10, 2019, 7:59 AM IST

  • 1963 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতীয় আইনবিদ তথা ৰাজনৈতিক নেতা ফুলন দেৱীয়ে ৷ উত্তৰ প্ৰদেশৰ এটা অতি দুখীয়া পৰিয়ালৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল ফুলন দেৱীয়ে ৷ 'বেণ্ডিত কুইন' অৰ্থাৎ দস্যু ৰাণী নামেৰে পৰিচিত ফুলন দেৱীক অতি কম বয়সতে পিতৃ-মাতৃয়ে এগৰাকী বয়সীয়াল পুৰুষৰ সৈতে জোৰকৈ বিয়া পাতি দিছিল ৷ কিন্তু স্বামী গৃহৰ পৰা কোনোমতে পলাই তেওঁ বেণ্ডিত দলত যোগদান কৰে ৷ উল্লেখ্য যে,পৰৱৰ্তী সময়ত 'বেণ্ডিত কুইন' ফুলন দেৱী সংসদলৈও নিৰ্বাচিত হৈছিল ৷
  • ২০১০ চনৰ এই দিনটোতে অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক,নতুন অসমীয়া দৈনিক কাকতৰ উপ-সম্পাদক অতুল বৰদলৈৰ মৃত্যু হৈছিল। 1937 চনত যোৰহাটৰ তৰাজুলীত জন্মগ্ৰহণ কৰিছিল অতুল বৰদলৈয়ে ৷ অপৰাজেয় চলচিত্ৰৰ জৰিয়তে প্ৰথমবাৰলৈ চলচিত্ৰ জগতত পদাৰ্পণ কৰিছিল তেওঁ ৷ ইয়াৰ উপৰিও বনৰীয়া ফুল,অনুতাপ,কল্লোল,মেঘ,গ্ৰহণ,দৃষ্টি,চিঞঁৰ আদি তেখেতে পৰিচালনা কৰা কেইখনমান উল্লেখযোগ্য চলচিত্ৰ ৷
  • ১৯৭৯ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপণ কৰা হয়। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ ২২ মিটাৰ আৰু ওজন ১৭ টন। উল্লেখ্য যে,উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতেই ধ্বংসপ্ৰাপ্ত হয় যানখন ৷
  • ১৮৯৪ চনৰ এই দিনটোতে ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি ভাৰত ৰত্ন 'বৰাহগিৰি ভেংকটগিৰি'ৰ জন্ম হৈছিল । পণ্ডিত জৱাহৰলাল নেহেৰুৰ কাৰ্যকালৰ সময়ত তেওঁ মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল ৷ 1975 চনত বৰাহগিৰি ভেংকটগিৰিয়ে লাভ কৰিছিল ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন' ৷
  • 1763 চনৰ আজিৰ দিনটোতে ৰক্ষাভূৱন বিগ্ৰহত মাৰাঠী সম্ৰাটে পৰাক্ৰমী হায়দৰাবাদৰ নিজামক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে, পানীপথৰ যুদ্ধত নিজামৰ হাতত সৰ্বশ্ৰান্ত হৈ মাৰাঠাসকলে ন্যায়ৰ বাবে পুনৰ নিজামসকলৰ বিৰুদ্ধে যুঁজত নামি পৰিছিল ৷
  • 1793 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 226 বছৰৰ পূৰ্বেই পেৰিছত মুকলি কৰা হৈছিল বিশ্বৰ সৰ্ববৃহৎ সংগ্ৰহালয় Musée du Louvre ৰ ৷
  • 1821 চনৰ আজিৰ দিনটোত মিচৌৰিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 24 সংখ্যক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৷

ইতিহাসত আজিৰ দিনটো

চাওঁ আহক 10 আগষ্ট তাৰিখে বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়েঃ

1963 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতীয় আইনবিদ তথা ৰাজনৈতিক নেতা ফুলন দেৱীয়ে ৷ উত্তৰ প্ৰদেশৰ এটা অতি দুখীয়া পৰিয়ালৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল ফুলন দেৱীয়ে ৷ 'বন্দিত কুইন' অৰ্থাৎ দস্যু ৰাণী নামেৰে পৰিচিত ফুলন দেৱীক অতি কম বয়সতে পিতৃ-মাতৃয়ে এগৰাকী বয়সীয়াল পুৰুষৰ সৈতে জোৰকৈ বিয়া পাতি দিছিল ৷ কিন্তু স্বামী গৃহৰ পৰা কোনোমতে পলাই তেওঁ বন্দিত দলত যোগদান কৰে ৷ উল্লেখ্য যে, পৰৱৰ্তী সময়ত 'বন্দিত কুইন' ফুলন দেৱী সংসদলৈও নিৰ্বাচিত হৈছিল ৷

২০১০ চনৰ এই দিনটোতে অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, নতুন অসমীয়া দৈনিক কাকতৰ উপ-সম্পাদক অতুল বৰদলৈৰ মৃত্যু হৈছিল। 1937 চনত যোৰহাটৰ তৰাজুলীত জন্মগ্ৰহণ কৰিছিল অতুল বৰদলৈয়ে ৷ অপৰাজেয় চলচিত্ৰৰ জৰিয়তে প্ৰথমবাৰলৈ চলচিত্ৰ জগতত পদাৰ্পণ কৰিছিল তেওঁ ৷ ইয়াৰ উপৰিও বনৰীয়া ফুল, অনুতাপ, কল্লোল, মেঘ, গ্ৰহণ, দৃষ্টি, চিঞঁৰ আদি তেখেতে পৰিচালনা কৰা কেইখনমান উল্লেখযোগ্য চলচিত্ৰ ৷

১৯৭৯ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপণ কৰা হয়। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ ২২ মিটাৰ আৰু ওজন ১৭ টন। উল্লেখ্য যে, উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতেই ধ্বংসপ্ৰাপ্ত হয় যানখন ৷

১৮৯৪ চনৰ এই দিনটোতে ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি ভাৰত ৰত্ন 'বৰাহগিৰি বেংকটগিৰি'ৰ জন্ম হৈছিল । পণ্ডিত জৱাহৰলাল নেহেৰুৰ কাৰ্যকালৰ সময়ত তেওঁ মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল ৷ 1975 চনত বৰাহগিৰি বেংকটগিৰিয়ে লাভ কৰিছিল ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন' ৷

1763 চনৰ আজিৰ দিনটোতে ৰক্ষাভূৱন বিগ্ৰহত মাৰাঠী সম্ৰাটে পৰাক্ৰমী হায়দৰাবাদৰ নিজামক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে, পানীপথৰ যুদ্ধত  নিজামৰ হাতত সৰ্বশ্ৰান্ত হৈ মাৰাঠাসকলে ন্যায়ৰ বাবে পুনৰ নিজামসকলৰ বিৰুদ্ধে যুঁজত নামি পৰিছিল ৷

1793 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 226 বছৰৰ পূৰ্বেই পেৰিছত মুকলি কৰা হৈছিল বিশ্বৰ সৰ্ববৃহৎ সংগ্ৰহালয়  Musée du Louvre ৰ ৷

1821 চনৰ আজিৰ দিনটোত মিচৌৰিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 24 সংখ্যক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.