বিশ্ব-
- 1865 চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ গ্ৰেণ্ডচেষ্টাৰত বিশ্ব সবাতোকৈ ঠেক ৰে’ল গজটো মুকলি কৰা হৈছিল ৷ সাধাৰণতে, ৰে’ল গজসমূহৰ ব্যৱধান হয় 1435 মি.মি. (4ফুট 8 1⁄2 ইঞ্চি) আৰু ঠেক ৰে’ল গজসমূহৰ ব্যৱধান 600 মি.মি.ৰ পৰা 1067 মি.মি. ৷
- 1991 চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে START I (Strategic Arms Reduction Treaty) অৰ্থাৎ কৌশলগত সশস্ত্ৰ তৎপৰতা হ্ৰাস কৰা চুক্তিত স্বাক্ষৰ কৰিছিল ৷ শীতল যুদ্ধৰ সময়ত অত্যাধিক সশস্ত্ৰ বৃদ্ধিত মনোনিৱেশ কৰা বিষয়টোৱে সেইসময়ত সমগ্ৰ বিশ্বতে ভাবুকিৰ সৃষ্টি কৰিছিল ৷
- কিউবান কমিউনিষ্ট বিপ্লৱী আৰু ৰাজনীতিবিদ ফিডেল কাষ্ট্ৰ’, যি ৰিপাব্লিক অৱ কিউবাৰ প্ৰধানমন্ত্ৰী হিচাপে শাসনকাৰ্য চলাই আছিল 2006 চনৰ 31 জুলাই তাৰিখে তেওঁৰ ভাতৃ Raúl মডেষ্ট কাষ্ট্ৰ’ ৰাজক নিজৰ ক্ষমতা প্ৰদান কৰে ৷
- 1968 চনত অলিম্পিকত অধিক পদক দখল কৰি অভিলেখ সৃষ্টি কৰা লাৰিচা লেটেনিনাৰ অভিলেখ 2012 চনৰ আজিৰ দিনটোতে ভংগ কৰিছিল সুদক্ষ সাঁতোৰবিদ মাইকেল ফেল্পচে ৷
জন্ম-
- জনপ্ৰিয় কাল্পনিক উপন্যাস ‘হেৰী পটাৰ’ৰ ভ্ৰষ্টা জে কে ৰাওলিঙৰ আজি জন্মদিন ৷ 1965 চনৰ ইংলেণ্ডৰ য়াটে চহৰত জন্মগ্ৰহণ কৰা বিখ্যাত লেখিকাগৰাকীয়ে আজি 54 বছৰ বয়সত ভৰি দিলেহি ৷
- আজি মহম্মদ আলি জিন্নাহৰ ভগ্নী ফাতিমা জিন্নাহৰ ওপজা দিন ৷ 1893 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল পাকিস্তানৰ এইগৰাকী জনপ্ৰিয় মহিলা ৰাজনীতিবিদ ৷ পেচা হিচাপে তেওঁ এগৰাকী দন্ত্য চিকিৎসক তথা চাৰ্জন আছিল ৷
- উনবিংশ শতিকাৰ এগৰাকী প্ৰসিদ্ধ হিন্দী সাহিত্যিক মুঞ্চি প্ৰেমাচন্দ্ৰৰ আজি 139 সংখ্যক জন্মবাৰ্ষিকী ৷ প্ৰেমাচন্দ্ৰৰ প্ৰকৃত নাম আছিল ধনপাত ৰায় শ্ৰীবাস্তৱা ৷ 1880 চনৰ 31 জুলাই তাৰিখে ব্ৰিটিচ শাসনাধীন ভাৰতৰ বানাৰসত জন্মগ্ৰহণ কৰিছিল সাহিত্যিকগৰাকীয়ে ৷
মৃত্যু-
- ভাৰতৰ স্বাধীনতা সংগ্ৰামী উধম সিঙৰ আজি মৃত্যু বাৰ্ষিকী ৷ 'চাহিগ-ই-আজম চৰ্দাৰ উধম সিং' (শ্ৰেষ্ঠ চহিদ) হিচাপে পৰিচিত এই স্বাধীনতা সংগ্ৰামীগৰাকী ৷ উল্লেখ্য যে, 1995 চনৰ অক্টোবৰত তদানীন্তনৰ মায়াৱতী চৰকাৰে উত্তৰাখণ্ডৰ এখন জিলাৰ নাম এই সংগ্ৰামীগৰাকীৰ নামেৰে নামাকৰণ কৰে ৷
- জনপ্ৰিয় ভাৰতীয় কণ্ঠশিল্পী মহম্মদ ৰফিৰ আজি মৃত্যুদিন ৷ বিভিন্ন ৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ জন্ম হৈছিল সেইসময়ৰ ব্ৰিটিচ শাসনাধীন ভাৰতৰ পঞ্জাৱত ৷ লগতে, মহাৰাষ্ট্ৰৰ মুম্বাই চহৰত 1980 চনৰ 31 জুলাই তাৰিখে তেওঁ মৃত্যুবৰণ কৰে ৷ 18 টাতকৈও অধিক ভাষাত কণ্ঠদান কৰা মহম্মদ ৰফিয়ে লগতে অসমীয়া ভাষাতো কেইবাটাও গীত গাইছিল ৷