ETV Bharat / international

৩০ মিনিটত পাকিস্তানৰ বিনামূলীয়া অনলাইন ভিছা: কোন কোন দেশৰ শিখ তীৰ্থযাত্ৰী হ’ব লাভৱান ? - NO VISA FEE FOR SIKHS IN PAKISTAN

পাকিস্তান চৰকাৰে সহজ কৰি তুলিছে শিখসকলৰ বাবে অনলাইন ভিছা প্ৰক্ৰিয়া ।

NO VISA FEE FOR SIKHS IN PAKISTAN
৩০ মিনিটত পাকিস্তানৰ বিনামূলীয়া অনলাইন ভিছা (ANI)
author img

By PTI

Published : Nov 2, 2024, 10:53 PM IST

ইছলামাবাদ: আমেৰিকা, ব্ৰিটেইন আৰু কানাডাৰ পৰা অহা শিখ তীৰ্থযাত্ৰীসকলক ৩০ মিনিটৰ ভিতৰত বিনামূলীয়া অনলাইন ভিছা দিয়া হ’ব বুলি পাকিস্তানে প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে লাহোৰত পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকৱীয়ে শিখ তীৰ্থযাত্ৰীৰ ৪৪ জনীয়া বিদেশী প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ পিছত এই তথ্য সদৰী কৰে ।

এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে মন্ত্ৰীগৰাকীয়ে শিখ তীৰ্থযাত্ৰীসকলক উষ্ম আদৰণি জনাইছে । তেওঁ লগতে স্বীকাৰ কৰে যে পূর্বে শিখ তীর্থযাত্ৰীসকলে পাকিস্তানলৈ যাওঁতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷

মন্ত্ৰী নকৱীয়ে কয় যে চৰকাৰে শিখসকলৰ বাবে ভিছা প্ৰক্ৰিয়া অনলাইন কৰি সহজ কৰি তুলিছে । তেওঁ কয় যে আমেৰিকা, কানাডা আৰু ব্ৰিটেইনৰ পাছপ’ৰ্টধাৰীয়ে অনলাইনযোগে আবেদন কৰিব পাৰিব আৰু তেওঁলোকে কোনো মাচুল নোহোৱাকৈ ৩০ মিনিটৰ ভিতৰত ভিছা লাভ কৰিব ।

তেওঁ কয় যে এই দেশসমূহত বসবাস কৰা ভাৰতীয় মূলৰ শিখসকলকো এই সুবিধা প্ৰদান কৰা হ’ব । গৃহমন্ত্ৰী মহছিন নাকৱীয়ে কয় যে শিখ জনগোষ্ঠীক অধিক সুবিধা প্ৰদান কৰাটো তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰ ।

তেওঁ ঘোষণা কৰে যে পাকিস্তানৰ বহু শিখ ঐতিহ্য ক্ষেত্ৰ ভ্ৰমণৰ বাবে মুকলি কৰা হ’ব । ইয়াৰ বাবে কোনো অনুমতি পত্ৰৰ প্ৰয়োজন নহ’ব । যুৱ প্ৰজন্মক আকৰ্ষণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰি নকভিয়ে পাকিস্তান ভ্ৰমণলৈ অহা শিখ তীৰ্থযাত্ৰীৰ সংখ্যা বছৰি এক লাখৰ পৰা ১০ লাখলৈ বৃদ্ধি কৰাৰ ইচ্ছা প্ৰকাশ কৰে । নকৱীয়ে লগতে উল্লেখ কৰে যে পাকিস্তান চৰকাৰে ১২৪খন দেশৰ নাগৰিকৰ বাবে বিনামূলীয়া ভিছাৰ সুবিধা আৰম্ভ কৰিছে ।

লগতে পঢ়ক: ট্ৰাম্প সম্পৰ্কত আমেৰিকাৰ মহিলাসকলক সতৰ্ক কৰি দিলে কমলা হেৰিছে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.